চেম্পিয়নছ ট্ৰফীত অনিশ্চিত বুমৰাহ

Story by  atv | Posted by  [email protected] • 4 Months ago
চেম্পিয়নছ ট্ৰফীত অনিশ্চিত বুমৰাহ
চেম্পিয়নছ ট্ৰফীত অনিশ্চিত বুমৰাহ
 
নতুন দিল্লী
 
যশপ্রীত বুমৰাহক সম্পূর্ণৰূপে সুস্থ কৰি তোলাৰ বাবে সকলো প্রচেষ্টা অব্যাহত ৰাখিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'র্ডে। তাৰকা পেচাৰগৰাকীয়েও সুস্থ হৈ উঠাৰ বাবে আপ্রাণ চেষ্টা চলাই আছে। কালি বেংগালুৰুত থকা ৰাষ্ট্ৰীয় ক্রিকেট একাডেমীলৈ আহিছে বুমবাহ। ইয়াত তেওঁৰ আঘাত পৰীক্ষা কৰি চোৱা হ'ব। বুমবাহে চেম্পিয়নছ ট্রফীত খেলিব পাৰিবনে নাই, সেয়া এতিয়াও অনিশ্চিত।
 
অহা দুই-তিনি দিনৰ ভিতৰত এই কথা স্পষ্ট হ'ব। ৰাষ্ট্ৰীয় একাডেমীত তেওঁৰ আঘাতৰ স্কেন কৰাৰ লগতে সকলো পৰীক্ষা কৰি চাব চিকিৎসকসকলে। তেওঁলোকৰ প্রতিবেদনৰ ওপৰত ভিত্তি কৰিহে অজিত আগাৰকাৰ নেতৃত্বাধীন ভাৰতীয় দলৰ নির্বাচনী কমিটীখনে চেম্পিয়নছ ট্রফীত বুমৰাহে খেলিব পাৰিবনে নাই, সেই বিষয়ে সিদ্ধান্ত ল'ব।
 
যদিহে অস্ত্রোপচাৰৰ প্রয়োজন নহয়, তেন্তে খেলাৰ সম্ভাবনা থাকিব। অস্ত্রোপচাৰ কৰিবলগীয়া হ'লে বুমৰাহে চেম্পিয়নছ টুফীত খেলাৰ কোনো সম্ভাবনাই নাই। ইফালে বি চি চি আয়ে নিয়মিতভাবে নিউজিলেণ্ডৰ শল্য চিকিৎসক ৰ'ৱান ছাউটেনৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। ২০২২ত এইগৰাকী চিকিৎসকেই বুমবাহৰ অস্ত্রোপচাৰ কৰিছিল।