ষষ্ঠবাৰৰ বাবে ইউ এছ অ’পেনৰ খিতাপ দখল কাৰ্লোছ আলকাৰাজৰ

Story by  atv | Posted by  [email protected] • 4 h ago
ষষ্ঠবাৰৰ বাবে ইউ এছ অ’পেনৰ খিতাপ দখল কাৰ্লোছ আলকাৰাজৰ
ষষ্ঠবাৰৰ বাবে ইউ এছ অ’পেনৰ খিতাপ দখল কাৰ্লোছ আলকাৰাজৰ
 
নতুন দিল্লী
 
দেওবাৰে নিশা অনুষ্ঠিত হোৱা ইউ এছ অ’পেনৰ ফাইনেল মেচখন কোনো মঞ্চত মঞ্চস্থ কৰা নাটকতকৈ কম নাছিল৷ দুগৰাকী যুৱ আৰু শীৰ্ষস্থানৰ প্ৰতিদ্বন্দ্বী ক্ৰমে কাৰ্লোছ আলকাৰাজ আৰু য়ানিক ছিনাৰৰ মাজত অনুষ্ঠিত হৈছিল এখন শক্তিশালী মেচ।
 
ইউ এছ অ’পেন ২০২৫ পুৰুষৰ একক শাখাৰ ফাইনেলত বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ তথা বিগত বৰ্ষৰ চেম্পিয়ন য়ানিক ছিনাৰক পৰাস্ত কৰি কাৰ্লোছ আলকাৰাজে তিনি বছৰৰ পাছত পুনৰ ইউ এছ অ’পেনৰ খিতাপ অৰ্জন কৰে।
 
দেওবাৰে নিশা বিশ্ব ৰেংকিঙৰ দ্বিতীয়স্থানৰ খেলুৱৈ ২২ বছৰীয়া আলকাৰাজে শীৰ্ষস্থানৰ খেলুৱৈ ছিনাৰৰ বিৰুদ্ধে ৬-২, ৩-৬, ৬-১, ৬-৪ ছেটত জয়লাভ কৰাটো সঁচাকৈয়ে তাৎপৰ্যপূৰ্ণ আছিল। কেৰিয়াৰৰ ষষ্ঠটো গ্ৰেণ্ডশ্লেম জয়লাভ কৰি ব’ৰ্ণবৰ্গৰ পিছৰ দ্বিতীয়গৰাকী কনিষ্ঠ খেলুৱৈত পৰিগণিত হয় স্পেইনৰ খেলুৱৈগৰাকী। আলকাৰাজে ডিফেণ্ডিং চেম্পিয়নগৰাকীৰ বিৰুদ্ধে নিজৰ শ্ৰেষ্ঠত্ব পুনৰ প্ৰতিপন্ন কৰি এ টি পি ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰে৷
 
টেনিছ অনুৰাগীসকলে তেওঁলোকৰ পৰৱৰ্তী মেচৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছে। একেটা ছিজনতে একেৰাহে তিনিখন গ্ৰেণ্ড শ্লেম ফাইনেলত মুখামুখি হোৱা এই ক্ৰীড়াৰ ইতিহাসৰ প্ৰথম দুগৰাকী খেলুৱৈত পৰিণত হয় কাৰ্লোছ আলকাৰাজ আৰু য়ানিক ছিনাৰ৷
 
ট্ৰফী অনুষ্ঠানৰ সময়ত আলকাৰাজে ধেমালিৰ সুৰতে কয়, ‘‘মই মোৰ পৰিয়ালক দেখাতকৈ তোমাক বেছি দেখিছো৷ ক’ৰ্ট শ্বেয়াৰ কৰা, লকাৰ ৰুম শ্বেয়াৰ কৰা সকলোবোৰ বৰ ভাল লাগে৷’’ এই কথা শুনি ছিনাৰৰ মুখতো হাঁহি বিৰিঙে।
 
২ ঘণ্টীয়া ৪২ মিনিটৰ খেলখনত লাভ কৰা জয়েৰে স্পেইনৰ ২২ বছৰীয়া আলকাৰাজে ইটালীৰ ছিনাৰ(২৪) ক অতিক্ৰমী তেওঁলোকৰ মাজত হোৱা মুখামুখিৰ ভিতৰত ১০-৫, সামগ্ৰিকভাৱে গ্ৰেণ্ডশ্লেম ট্ৰফীত ৬-৪ আৰু ইউ এছ অ’পেন চেম্পিয়নশ্বিপত ২-১ ছেটত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰে৷
 
মেচখন প্ৰায় আধাঘণ্টা পলমকৈ আৰম্ভ হোৱাত অতিৰিক্ত নিৰাপত্তাৰ মাজত আৰ্থাৰ এছ ষ্টেডিয়ামৰ বাহিৰত আবদ্ধ হৈ পৰে হাজাৰ হাজাৰ অনুৰাগী। কাৰণ সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প গেলেৰীত দৰ্শকৰ শাৰীত বহি আছিল।
 
খেলৰ শেষত ছিনাৰে কয়, ‘‘তুমি মোতকৈ ভাল আছিলা। আজি মই মোৰ সাধ্য অনুসৰি চেষ্টা কৰিলোঁ। ইয়াতকৈ বেছি কৰিব নোৱাৰিলোঁহেঁতেন।’’ আলকাৰাজে সুন্দৰভাৱে খেলখন সমাপ্ত কৰে আৰু তেওঁৰ প্ৰশিক্ষক ২০০৩ চনৰ ফ্ৰেন্স অ’পেন বিজয়ী জুয়ান কাৰ্লোছ ফেৰেৰ’ই তেওঁৰ প্ৰদৰ্শনক অসাধাৰণ বুলি অভিহিত কৰে।
 
উইম্বলডনৰ পিছত আলকাৰাজে এসপ্তাহৰ ছুটী লৈছিল আৰু তাৰপিছত লগে লগে খেলৰ প্ৰস্তুতিত মনোনিৱেশ কৰিছিল৷ ফেৰেৰোৰ সৈতে ১৫ দিন কটোৱাৰ পিছত মাত্ৰ এটা কথাতে মনোনিৱেশ কৰিছিল, চিনাৰক পৰাস্ত কৰা।