য়াগীৰ এটা বিখ্যাত প্ৰয়োগ হ'ল বায়ুৰ পৰা পানী নিষ্কাশন কৰিব পৰা এটা যন্ত্ৰ। এই প্ৰযুক্তি বিশেষভাৱে শুকান অঞ্চলৰ বাবে আশীৰ্বাদ স্বৰূপ। তেওঁৰ দলটোৱে উদ্ভাৱন কৰা মেটেল-অৰ্গেনিক ফ্ৰেমৱৰ্কসমূহে বায়ুৰ পৰা পোৱা আৰ্দ্ৰতা শোষণ কৰি ইয়াক খোৱা পানীলৈ ৰূপান্তৰিত কৰে। এই আৱিষ্কাৰে ছাহাৰা, আৰৱ আৰু ৰাজস্থানৰ দৰে খৰাং অঞ্চলৰ জল সংকট সমাধানৰ নতুন পথ দেখুৱাইছে।
য়াগীয়ে এটা সাক্ষাৎকাৰত কৈছিল, "আমাৰ লক্ষ্য হ'ল এনে সামগ্ৰী তৈয়াৰ কৰা যিয়ে প্ৰকৃতিৰ সৈতে সংঘৰ্ষ নকৰে, বৰং সহযোগিতা কৰে।" তেওঁৰ এই ধাৰণা আজি বহনক্ষম বিজ্ঞানৰ দিশত এক শক্তিশালী বাৰ্তা হিচাপে পৰিগণিত হৈছে। য়াগীৰ মেটেল-অৰ্গেনিক ফ্ৰেমৱৰ্কসমূহে সমগ্ৰ বিশ্বতে বৃদ্ধি পোৱা গ্ৰীণহাউছ গেছৰ স্তৰ নিয়ন্ত্ৰণত অত্যন্ত কাৰ্যকৰী প্ৰমাণিত হৈছে।
এই গাঁথনিসমূহে বায়ুৰ পৰা নিৰ্বাচিতভাৱে কাৰ্বন ডাই অক্সাইড সংগ্ৰহ কৰিব পাৰে আৰু ইয়াক পুনৰ ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰিব পাৰে। এই প্ৰযুক্তিয়ে ভৱিষ্যতে ঔদ্যোগিক নিৰ্গমন নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। বহু দেশে এতিয়া এমঅ'এফ-ভিত্তিক প্ৰণালীসমূহক তেওঁলোকৰ কাৰ্বন সংগ্ৰহ আৰু সঞ্চয় (চিচিএছ) কাৰ্যসূচীত ব্যৱহাৰ কৰাৰ বাবে প্ৰস্তুতি চলাইছে।
বিশেষজ্ঞসকলৰ মতে, জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজত এই আবিষ্কাৰক "এক শক্তিশালী বৈজ্ঞানিক অস্ত্ৰ" হিচাপে দেখা গৈছে। ওমৰ য়াগীৰ গৱেষণাগাৰত কৰা পৰীক্ষাসমূহে প্ৰমাণ কৰে যে বিজ্ঞান আৰু পৰিৱেশ সংৰক্ষণ একেলগে চলিব পাৰে।
ওমৰ য়াগীৰ নেতৃত্বত বিকশিত এই গাঁথনিৰ শক্তি সঞ্চয়, গেছ বিচ্ছিন্নতা আৰু ঔষধীয় ৰসায়ন বিজ্ঞানত গুৰুত্বপূৰ্ণ ব্যৱহাৰ আছে। এম অ' এফৰ ক্ষুদ্ৰ ক্ষুদ্ৰ মেম্ব্ৰেইন সদৃশ গাঁথনিয়ে ইয়াক গেছ সংৰক্ষণ আৰু নিয়ন্ত্ৰিত ৰাসায়নিক প্ৰতিক্ৰিয়াৰ বাবে উপযুক্ত কৰি তোলে। উদাহৰণস্বৰূপে, হাইড্ৰ'জেনৰ সঞ্চয়ৰ বাবে এমঅ'এফৰ ব্যৱহাৰ এক পৰিষ্কাৰ শক্তিৰ ভৱিষ্যতৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
COFs (Covalent Organic Frameworks) ৰ সহায়ত য়াগীয়ে আণৱিক পৰ্যায়ত ৰাসায়নিক অভিযান্ত্ৰিকৰ নতুন অধ্যায় আৰম্ভ কৰিছে। এই গাঁথনিসমূহ জৈৱিক উপাদানৰ ওপৰত আধাৰিত আৰু সৌৰ শক্তি সংগ্ৰহ, পানী শোধন, আৰু প্ৰদূষক নিৰ্গমনৰ দৰে বিশেষ প্ৰয়োগত ব্যৱহাৰ কৰিব পাৰি।