নতুন দিল্লী
ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ অন্যতম স্থপতি তথা পদ্মভূষণ বঁটা বিজয়ী প্ৰবীণ মহাকাশ বিজ্ঞানী অধ্যাপক একনাথ বসন্ত চিটনিছ (Professor Eknath Vasant Chitnis)ৰ ১০০ বছৰ বয়সত মৃত্যু হৈছে। ড০ বিক্ৰম ছাৰাভাইৰ ঘনিষ্ঠ সহযোগী চিটনিছে ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সমিতি (ইনক'ছপাৰ) গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যিটো বৰ্তমান ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) হিচাপে পৰিগণিত হৈছে।
১৯২৫ চনৰ ২৫ জুলাইত কলহপুৰত জন্মগ্ৰহণ কৰা চিটনিছে কম বয়সতে পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছিল আৰু তেওঁক নিজৰ ককাকে ডাঙৰ-দীঘল কৰিছিল। পুনেৰ পৰা পদাৰ্থবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ প্ৰথমে অল ইণ্ডিয়া ৰেডিঅ'ত যোগদান কৰে কিন্তু শীঘ্ৰেই তেওঁ ছাৰাভায়ে আহমেদাবাদত প্ৰতিষ্ঠা কৰা ফিজিকেল ৰিচাৰ্ছ লেবৰেটৰী (Physical Research Laboratory)ৰ অংশ হয়।
ফিজিকেল ৰিচাৰ্ছ লেবৰেটৰীত তেওঁ প্ৰাৰম্ভিক মহাকাশ পদাৰ্থবিজ্ঞান গৱেষণাত বৰঙণি আগবঢ়াইছিল, মহাজাগতিক ৰশ্মি অধ্যয়নৰ বাবে চেৰেনকভ কাউণ্টাৰ নিৰ্মাণ কৰিছিল আৰু পিছত এমআইটিৰ অধ্যাপক ব্ৰুনো ৰছিৰ গোটৰ সৈতে সহযোগিতা কৰিছিল, যাৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল।
১৯৬০ৰ দশকৰ আৰম্ভণিতে ভাৰতলৈ উভতি আহি চিটনিছৰ দৃষ্টিভংগী আৰু ক্ষেত্ৰ কৰ্মৰ ফলত ভাৰতৰ প্ৰথম ৰকেট উৎক্ষেপণৰ স্থান হিচাপে কেৰালাৰ থুম্বা নিৰ্বাচিত হয়। পিছত তেওঁ শ্ৰীহৰিকোটাত দ্বিতীয় উৎক্ষেপণ স্থান স্থাপনত সহায় কৰে। INCOSPAR-ৰ সদস্য সচিব আৰু পৰৱৰ্তী সময়ত ইছৰ'ৰ মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ সঞ্চালক হিচাপে চিটনিছে সমাজৰ কল্যাণৰ বাবে মহাকাশ প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰিছিল।
১৯৭৫-৭৬ চনত ছেটেলাইট ইনষ্ট্ৰাকচনেল টেলিভিছন এক্সপেৰিমেণ্ট (SITE)ৰ নেতৃত্ব দিয়া তেওঁৰ অন্যতম অৱদান আছিল, য'ত নাছাৰ এটিএছ-৬ উপগ্ৰহ ব্যৱহাৰ কৰি সমগ্ৰ ভাৰতৰ ২৪০০খন দুৰ্গম গাঁৱলৈ শৈক্ষিক কাৰ্যসূচী সম্প্ৰচাৰ কৰা হৈছিল। ইনছেট কাৰ্যসূচীৰ পূৰ্বসূৰী হিচাপে বিবেচিত এই উপগ্ৰহটোৱে ভাৰতৰ গ্ৰাম্য অঞ্চলত ছেটেলাইট টেলিভিছন প্ৰসাৰিত কৰে আৰু ভাৰতৰ টেলিকম আৰু সম্প্ৰচাৰ বিপ্লৱৰ সূচনা কৰে।
মন কৰিবলগীয়া যে, চিটনিছে সেই সময়ত যুৱ বিজ্ঞানী এপিজে আব্দুল কালামক ইছৰোত নিযুক্তি দিছিল আৰু ভাৰতৰ মহাকাশ আৰু মিছাইলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব পৰাকৈ কালামৰ প্ৰতিভা আৰু সম্ভাৱনীয়তাক স্বীকৃতি দিছিল। তেওঁৰ নেতৃত্বত বৈজ্ঞানিক পাৰদৰ্শিতাৰ লগতে জনসেৱাৰ প্ৰতি সমৰ্পিত মনোভাৱ দেখা গৈছিল, যি অন্তৰ্ভুক্তিমূলক উন্নয়নৰ ক্ষেত্ৰত ইছৰোৰ দৃষ্টিভংগীৰ পথ প্ৰদৰ্শক আছিল।
বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৮৫ চনত পদ্মভূষণ সন্মানেৰে বিভূষিত হোৱা তেওঁ প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ অধ্যক্ষ আছিল আৰু দশকজুৰি সৱীত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়ত বক্তৃতা প্ৰদান কৰিছিল।