আহমেদাবাদ
আইচিচি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰতক ৬ উইকেটত হৰুৱাই অভিলেখসংখ্যক ষষ্ঠবাৰৰ বাবে বিশ্বকাপ জয়ৰ কৰাৰ পিছত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিনছে কয় যে এই বিশ্বকাপৰ জয় কৰি তেওঁ পুনৰ এদিনীয়া ক্ৰিকেটৰ প্ৰেমত পৰিছে। এই জয়ক তেওঁ আন্তৰ্জাতিক ক্ৰিকেটৰ আটাইতকৈ মধুৰ আৰু স্মৰণীয় জয় আখ্যা দিয়ে।
খেলৰ পিছৰ সংবাদমেলত কামিনছে কয়, "এয়া এক বিশাল জয়। মই ভাবো এয়া হৈছে আন্তৰ্জাতিক ক্ৰিকেটত আমাৰ শীৰ্ষতম সফলতা, বিশেষকৈ ভাৰতত এনে ধৰণৰ বিশাল জনসমাগমৰ সন্মুখত এদিনীয়া বিশ্বকাপ জয় কৰাটো আমাৰ বাবে মধুৰ স্মৃতি হৈ ৰ'ব। আমাৰ সকলোৰে বাবে এইটো ডাঙৰ সাফল্যৰ বছৰ আছিল, আমাৰ ক্ৰিকেট দলটোৱে ইয়াত বিশ্বকাপ জয় কৰিলো। ইয়াৰ পূৰ্বে আমি এছেজ শৃংখলা, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত চেম্পিয়ন হৈছিলো। এই মুহূৰ্তবোৰ আমি গোটেই জীৱন মনত ৰাখিম।"
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতৰ পৰা পেট কামিনছে বিশ্বকাপৰ ট্ৰফী গ্ৰহণ কৰে।
"এই বিশ্বকাপ জয় কৰি মই আকৌ এবাৰ এদিনীয়া ক্ৰিকেটৰ প্ৰেমত পৰিলোঁ। মই ভাবো যে প্ৰতিখন খেলে সঁচাকৈয়ে গুৰুত্বপূৰ্ণ যি পৰিস্থিতিত আছে, তাৰ অৰ্থ কেৱল দ্বিপাক্ষিক খেলৰ তুলনাত যথেষ্ট পৃথক। বিশ্বকাপৰ ইমান চহকী ইতিহাস আছে, নিশ্চিতভাৱে ই বহুদিনলৈ চলিব। এই যোৱা দুমাহৰ ভিতৰত ইমানবোৰ সুন্দৰ খেল হৈছে। গতিকে, মই ভাবো যে নিশ্চিতভাৱে এদিনীয়া ক্ৰিকেটৰ ঠাই এতিয়াও আছে।" এদিনীয়াৰ ভৱিষ্যত সন্দৰ্ভত কামিনছে এইদৰে কয়।
কামিনছে স্বীকাৰ কৰে যে তেওঁ পুৱাৰ ভাগত নাৰ্ভাছ হৈ আছিল। ভাৰতৰ নীলা জাৰ্চি পিন্ধা ১ লাখৰো অধিক অনুৰাগীক দেখাটো এক অবিস্মৰণীয় অভিজ্ঞতা আছিল।
"হয়, মানে মই সদায় ক'বলৈ ভাল পাওঁ যে মই যথেষ্ট ইতিবাচকভাৱে থাকো। কিন্তু আজি পুৱা মই অলপ নাৰ্ভাছ হৈছিলো, যেতিয়া মই চৌদিশে নীল সমুদ্ৰ দেখিবলৈ পাইছিলো। ষ্টেডিয়ামৰ ভিতৰত, বাহিৰত, পথত ভাৰতীয় অনুৰাগীয়ে নীল সমুদ্ৰৰ সৃষ্টি কৰিছিল। এই অভিজ্ঞতা আমি কেতিয়াও পাহৰিব নোৱাৰো। আজিৰ দিনটো সঁচাকৈয়ে অসাধাৰণ দিন আছিল।" কামিনছে কয়।
কামিনছে কয় যে পিটচখনে ভাল খেলিছিল আৰু কোনো বাউন্স নথকাকৈ যথেষ্ট মন্থৰ আছিল।
কামিনছে ট্ৰেভিছ হেডক তেওঁৰ মেচ উইনিং শতকৰ বাবে প্ৰশংসা কৰি কয় যে আঘাত স্বত্বেও তেওঁৰ ওপৰত আস্থা ৰখাৰ বাবে নিৰ্বাচক আৰু প্ৰশিক্ষকসকলক কৃতিত্ব দিব লাগিব।
"গোটেই প্ৰতিযোগিতাখনত ট্ৰেভিছ হেড অভূতপূৰ্ব আছিল। মই ভাবো ইয়াৰ বাবে নিৰ্বাচকসকল ধন্যবাদৰ পাত্ৰ। প্ৰতিযোগিতাখনৰ মাজভাগলৈকে তেওঁৰ আঙুলি ভাঙি আছিল, তথাপি তেওঁক দলত ৰখাটো এটা ডাঙৰ ৰিস্ক আছিল। আৰু চিকিৎসা দলটোও চমৎকাৰ আছিল, তেওঁলোকে ট্ৰেভিছক এনেকুৱা এটা পৰ্যায়লৈ লৈ যায়, য'ৰ পৰা তেওঁ কেইবাটাও মেচ উইনিং ইনিংছ খেলিব পাৰে। ট্ৰেভিছক আমি টেষ্ট ক্ৰিকেটতো সুন্দৰ খেলা দেখিছোঁ। তাতো তেওঁ আমাক বহুতো স্মৰণীয় জয়ৰ সোৱাদ দিছে। তেওঁ খেলখন আগুৱাই লৈ যায়, তেওঁ কেৱল বিপক্ষৰ ওপৰত হেঁচা প্ৰয়োগ কৰাই নহয়, মেচৰ গভীৰতালৈ গৈ জয় কাঢ়ি আনিবও পাৰে। মই তেওঁক লৈ অত্যন্ত সুখী।" কামিনছে কয়।
বিৰাট কোহলিৰ উইকেটৰ বিষয়ে অষ্ট্ৰেলিয়ান অধিনায়কজনে কয় যে তেওঁক আৰু এটা শতক অৰ্জনৰ পৰা বঞ্চিত কৰা আমাৰ বাবে সন্তুষ্টিৰ কথা আছিল।
ভাৰতত হোৱাইট বল ক্ৰিকেট খেলাটোৱে অষ্ট্ৰেলিয়াক বহুখিনি সহায় কৰিছিল বুলিও কামিনছে উল্লেখ কৰে। "বগা বলৰ ক্ৰিকেটত এতিয়াও ইমান সঘনাই স্পিনিং উইকেট নাপায়, বিশেষকৈ আই পি এলত। কিন্তু নিশ্চিতভাৱে ই সহায় কৰে। মই কেইবাবাৰো কৈছো যে আমাৰ এঘাৰজনৰ প্ৰায় সকলোৱেই হয়তো খেলিছে। যোৱা পাঁচ-দহ বছৰত আমি আমাৰ নিজৰ দেশতকৈ ভাৰতত অধিক বগা বলৰ ক্ৰিকেট খেলিছো। নিঃসন্দেহে ই আমাক সহায় কৰিছো।"-কামিনছে কয়।
তেওঁ কয় যে যোৱা দুবছৰত নিজৰ দলৰ প্ৰদৰ্শনৰ বাবে তেওঁ ইয়াতকৈ গৌৰৱ আৰু কৰিব নোৱাৰে, যাৰ ফলত তেওঁলোকে টি-২০ বিশ্বকাপৰ খিতাপ আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপো লাভ কৰিছে।