নতুন দিল্লী
ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক তথা প্ৰাক্তন বিশ্বকাপ বিজয়ী গৌতম গম্ভীৰে তেওঁ নিজৰ পৰিচয়ৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। তেওঁ আদালতৰ বাণিজ্যিক বিভাগত দেৱানী মামলা দাখিল কৰি এআইৰ ডিপফেক,ভুৱা ভিডিঅ’ আৰু অকৰ্তৃত্বশীল ব্যৱসায়িক সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে।
গৌতম গম্ভীৰৰ আইনী দলৰ মতে, ২০২৫ চনৰ শেষৰ পৰা ছ’চিয়েল মিডিয়াত ভুৱা কন্টেন্ট দ্ৰুতগতিত বৃদ্ধি পাইছে। ইনষ্টাগ্ৰাম, এক্স (টুইটাৰ), ইউটিউব, আৰু ফেচবুকৰ কেইবাটাও একাউণ্টে এআই প্ৰযুক্তি,ফেচ-শ্বেপিং আৰু ভইচ ক্ল’নিং ব্যৱহাৰ কৰি এনে ভিডিঅ প্ৰস্তুত কৰিলে,য’ত গম্ভীৰক এনে কিছুমান বক্তব্য দিয়া দেখিবলৈ পোৱা গৈছিল, যি মন্তব্য তেওঁ প্ৰকৃততে কেতিয়াও দিয়া নাছিল।
এটা ভুৱা পদত্যাগে ২৯ লাখতকৈ অধিক ভিউ লাভ কৰে,ইফালে আন এটা ক্লিপ, য’ত তেওঁক জ্যেষ্ঠ খেলুৱৈৰ বিষয়ে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল।
কেৱল ছ’চিয়েল মিডিয়া নহয়,আনকি ই-কমাৰ্চ প্লেটফৰ্মতো গৌতম গম্ভীৰৰ নাম আৰু প্ৰতিচ্ছবি থকা পোষ্টাৰ আৰু সামগ্ৰীসমূহ অনুমতি অবিহনে বিক্ৰী হৈছিল। এই ক্ষেত্ৰত গম্ভীৰে কপিৰাইট আইন, ১৯৫৭, ট্ৰেডমাৰ্ক আইন, ১৯৯৯; আৰু বাণিজ্যিক আদালত আইন, ২০১৫ৰ উদ্ধৃতি দিছে।
গম্ভীয়ে আদালতৰ পৰা ২.৫ কোটি টকাৰ ক্ষতিপূৰণ, সকলো ভুৱা বিষয়বস্তু আঁতৰাই পেলোৱা, আৰু ভৱিষ্যতে তেওঁৰ নাম, মুখ, কণ্ঠৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে।এই বিষয়ত তেওঁ অতি সোনকালে আদালতৰ নিৰ্দেশ বিচাৰিছে।যাতে সকলো ভুৱা বিষয়বস্তু তৎক্ষণাত আঁতৰাই পেলোৱা হয় আৰু ইয়াৰ অধিক প্ৰচাৰ ৰোধ কৰিব পৰা যায়।