ই-চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ: মেচ-ফিৰ ২৫ শতাংশ জৰিমনা

Story by  atv | Posted by  [email protected] • 4 h ago
ই-চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
ই-চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
 
নতুন দিল্লী
 
ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক পঞ্জাব কিংছৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ড্ৰেছিং ৰূমৰ ভিতৰত 'ভেপিং' (ই-চিগাৰেট হুপি থকা) কৰি ধৰা পৰাৰ পিছত তেওঁৰ মেচ-ফিৰ ২৫ শতাংশ জৰিমনা বিহা হৈছে। লগতে তেওঁৰ গুৰুত্বপূৰ্ণ খেলুৱৈ জীৱনত 'ডিমেৰিট পইণ্ট' (demerit point) দিয়া হৈছে।
 
আইপিএলৰ এক প্ৰেছ বিবৃতিত কোৱা হৈছে, "ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে টাটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল) ২০২৬ সংস্কৰণৰ ৪০ নং মেচত পঞ্জাব কিংছৰ বিৰুদ্ধে আইপিএলৰ খেলুৱৈ আৰু দলীয় বিষয়াৰ আচৰণ বিধিৰ পৰ্যায় ১ ভংগ কৰাৰ বাবে মেচ-ফিৰ ২৫% জৰিমনা বিহা হৈছে আৰু লগতে এটা 'ডিমেৰিট পইণ্ট' দিয়া হৈছে।"
 
"ৰিয়ানে আইপিএলৰ আচৰণ বিধিৰ ২.২১ অনুচ্ছেদ উলংঘা কৰা বুলি ধৰা পৰিছে, যিটো 'খেলখনক বদনাম কৰা আচৰণ'ৰ সৈতে জড়িত। দ্বিতীয় ইনিংছৰ সময়ত ৰিয়ানক ড্ৰেছিং ৰূমৰ ভিতৰত ভেপ ব্যৱহাৰ কৰা দেখা গৈছিল।" বিবৃতিটোত লগতে কোৱা হৈছে।
 
আনহাতে, ৰিয়ানে নিজৰ অপৰাধ স্বীকাৰ কৰি মেচ ৰেফাৰী অমিত শৰ্মাই প্ৰদান কৰা শাস্তি মানি লয়। আনহাতে, আইপিএলৰ সুনাম যাতে অক্ষুণ্ণ থাকে তাৰ বাবে ভুল কৰা দল, ইয়াৰ বিষয়া আৰু খেলুৱৈ/খেলুৱৈসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা আৰম্ভ কৰাৰ অন্যান্য বিকল্পৰ সন্ধানো বিচিচিআয়ে কৰি আছে।