মহিলা টি-২০ বিশ্বকাপ ২০২৬ ৰ ভাৰতীয় দল ঘোষণা

Story by  atv | Posted by  [email protected] • 7 h ago
মহিলা টি-২০ বিশ্বকাপ ২০২৬ ৰ ভাৰতীয় দল ঘোষণা
মহিলা টি-২০ বিশ্বকাপ ২০২৬ ৰ ভাৰতীয় দল ঘোষণা
 
নতুন দিল্লী
 
মহিলা টি-২০ বিশ্বকাপ ২০২৬ ৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইয়ে শনিবাৰে ভাৰতৰ ১৫ জনীয়া দল ঘোষণা কৰে। শনিবাৰে বাছনি সমিতিৰ বৈঠকৰ অন্তত বিচিচিআইয়ে দলটোক চূড়ান্ত কৰে।
 
এই বৈঠকত ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ, মুখ্য প্ৰশিক্ষক অমল মজুমদাৰ, বাছনি সমিতিৰ অধ্যক্ষ অমিতা শৰ্মা আৰু বিচিচিআইৰ সম্পাদক দেৱজিৎ লন শইকীয়াই অংশগ্ৰহণ কৰে৷
হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা, শ্বেফালী বাৰ্মা, ৰিচা ঘোষ, যস্তিকা ভাটিয়া, নন্দিনী শৰ্মা, ক্ৰান্তি গৌড়, ৰাধা যাদৱ, জেমিমা ৰড্ৰিগেছ, ৰেনুকা সিং, শ্ৰেয়ংকা পাটিল, শ্ৰী চৰাণী, অৰুন্ধতী ৰেড্ডী, অনুষ্কা শৰ্মা আৰু দীপ্তি শৰ্মা৷
 
ইংলেণ্ডত ১২ জুনৰ পৰা ৫ জুলাইলৈ অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বকাপৰ দশম সংস্কৰণ। ভাৰতে অষ্ট্ৰেলিয়া, বাংলাদেশ, নেদাৰলেণ্ড, পাকিস্তান, আৰু দক্ষিণ আফ্ৰিকাৰ সৈতে গ্ৰুপ এত স্থান লাভ কৰিছে আৰু ১৪ জুনত দলটোৱে পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব৷