বিশ্বকাপত আলজেৰিয়াৰ বিৰুদ্ধে লিয়নেল মেছিৰ হেট্ৰিক

Story by  atv | Posted by  [email protected] • 1 Months ago
লিয়নেল মেছি
লিয়নেল মেছি
 
নতুন দিল্লী
 
বিশ্ব ফুটবলৰ সম্ৰাট লিয়নেল মেছি। সম্প্ৰতি কেইবাছৰ ধৰি মেছি, ৰোনাল্ড’, নেইমাৰ, এমবাপেহঁতৰ দৰে ফুটবলাৰক সমীহ কৰি আহিছে বিশ্বৰ আন ফুটবলাৰসকলে। বিশ্বজুৰি তেওঁলোকৰ আছে যথেষ্ট অনুৰাগী।
 
তেওঁলোকৰ দুভৰি যাদুৱে মুহূৰ্ততে সলাই দিব পাৰে মেচৰ ৰং। এইকেইগৰাকী বিখ্যাত ফুটবলাৰৰ ভৰিত বল লগা মানে প্ৰতিপক্ষ হৈ পৰে চিন্তিত। চলিত বিশ্বকাপ ফুটবলৰ শেহতীয়া এখন মেচত আৰ্জেণ্টিনাৰ লিয়নেল মেছিয়ে আলজেৰিয়াৰ বিৰুদ্ধে অৰ্জন কৰিছে হেট্ৰিক।
 
মেছীৰ এক অনবদ্য হেট্ৰিকেৰে আৰ্জেণ্টিনাই ফিফা বিশ্বকাপৰ অভিযান জয়ৰে আৰম্ভ কৰিছে। মেছিৰ এই হেট্ৰিকৰ সহায়ত লিয়নেল স্কালোনিৰ নেতৃত্বাধীন দলটোৱে আলজেৰিয়াক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।
 
উল্লেখযোগ্য যে, মেছিয়ে খেলৰ ১৭, ৬০ আৰু ৭৬ মিনিটত গ’লকেইটা কৰে। আৰ্জেণ্টিনাৰ হৈ ২০০ সংখ্যক মেচ খেলা মেছীৰ বিশ্বকাপৰ ইতিহাসত এয়া প্ৰথমটো হেট্ৰিক। ইয়াৰ লগতে ৬ খন বিশ্বকাপত সৰ্বমুঠ ১৬ টা গʼলেৰে সৰ্বকালৰ সৰ্বাধিক গʼলদাতাৰ তালিকাৰ শীৰ্ষত উপনীত হয় মেছি।বিশ্বকাপত তেওঁৰ মুঠ গ’লৰ সংখ্যা ১৬টালৈ বৃদ্ধি কৰি সৰ্বাধিক গ’লদাতা মিৰ’স্লাভ ক্ল’জেৰ সৰ্বকালৰ অভিলেখ স্পৰ্শ কৰে মেছিয়ে।