ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ; ২০০ মিটাৰতো স্বৰ্ণজয় অসমৰ অম্লান বৰগোঁহাইৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক; ২০০ মিটাৰতো স্বৰ্ণজয় অসমৰ অম্লান বৰগোঁহাইৰ
ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক; ২০০ মিটাৰতো স্বৰ্ণজয় অসমৰ অম্লান বৰগোঁহাইৰ
গুৱাহাটী
 
অসমৰ ২ উদীয়মান দৌৰবিদ হিমা দাস আৰু অম্লান বৰগোঁহাইয়ে দেশৰ এথলীট জগতত সফলতাৰ ধাৰা অব্যাহত ৰাখি পুনৰ উজলি উঠিছে। চেন্নাইত চলি থকা ৬১সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপৰ ১০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা দৌৰবিদ দুগৰাকীয়ে মঙলবাৰে ২০০ মিটাৰ দৌৰতো অসমৰ হৈ পদক লাভ কৰিবলৈ সক্ষম হয়। 
 
দেশৰ দ্ৰুততম পুৰুষ হিচাপে পৰিগণিত হোৱা উদীয়মান তাৰকা অম্লানে সোণৰ পদক আৰু হিমাই ৰূপৰ পদক লাভ কৰি অসমৰ ক্ৰীড়া জগতক পুনৰ উজলাই তোলে। 
 
অম্লানে ২১ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ২০০ মিটাৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ বিপৰীতে হিমাই ২৩.২৯ ছেকেণ্ডৰে দ্বিতীয় স্থানত থাকে। ইয়াৰ পূৰ্বে, ১০০ মিটাৰত হিমাই ১১.৪৩ ছেকেণ্ড আৰু অম্লানে ১০.৪৭ ছেকেণ্ডেৰে সোণৰ পদক লাভ কৰিছিল। 
মনকৰিবলগীয়া যে, ২০১৮ৰ বিশ্ব জুনিয়ৰ এথলেটিকছত সোণৰ পদক অৰ্জন কৰি ধিং এক্সপ্ৰেছ হিমা দাসে সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছিল। ইয়াৰ পিছত তেওঁ এচিয়ান গেমছত দেশৰ হৈ পদক অৰ্জন কৰি অসমৰ ক্ৰীড়া জগতত ইতিহাস ৰচে।
ইফালে, প্ৰতিভাৱান দৌৰবিদ অম্লানে ট্ৰেকত বিজুলী গতিৰে দৌৰি শেহতীয়াকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খলকনি তুলিছে। অসমৰ এই দুয়োগৰাকী দৌৰবিদে ইতিমধ্যে আগন্তুক এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।   
 
উল্লেখ্য এই দুয়োগৰাকী সফল এথলীটৰ প্ৰশিক্ষক হ'ল নিপন দাস। প্ৰতিভাৱান খেলুৱৈক সঠিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে পৰিচিত প্ৰশিক্ষকগৰাকীয়ে হিমাৰ পিছত শেহতীয়াকৈ অম্লানক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলীট হিচাপে গঢ়ি তুলিছে।