নতুন দিল্লী
পেৰিছ অলিম্পিকৰ বাবে ভাৰতীয় দলৰ চেফ দ্য মিছন নিযুক্তি দিয়া হৈছিল উত্তৰ-পূবৰ গৌৰৱ এমচি মেৰী কমক। ভাৰতীয় অলিম্পিক সন্থাই প্ৰাক্তন বিশ্ব চেম্পিয়ন বক্সাৰগৰাকীক এই বিশেষ দায়িত্ব প্ৰদান কৰিছিল। কিন্তু শুকুৰবাৰে মেৰীয়ে ব্যক্তিগত কাৰণৰ বাবে সেই দায়িত্বৰ পৰা অব্যাহতি লয়।
ভাৰতীয় অলিম্পিক দলৰ চেফ দ্য মিছন পদৰ পৰা পদত্যাগ কৰি তেওঁ ভাৰতীয় অলিম্পিক সংস্থাৰ মুৰব্বী পি টি উষালৈ পত্ৰ প্ৰেৰণ কৰিছে। ছবাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰগৰাকীয়ে ব্যক্তিগত কাৰণত পেৰিছলৈ যোৱাটো সম্ভৱ নহ’ব বুলি পদত্যাগ পত্ৰত উল্লেখ কৰিছে।
মেৰীয়ে লিখিছে, “যিকোনো ধৰণেৰে দেশৰ সেৱা কৰাটো মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। এই সুযোগ মোৰ বাবে এক বিশেষ সন্মান আছিল। দায়িত্ব পালন কৰিবলৈ মই মানসিকভাৱে সাজু হৈ আছিলো। কিন্তু আপোনালোকক জনাবলৈ দুখ পাইছো যে ব্যক্তিগত সমস্যাৰ বাবে মই এই কৰ্তব্য পালন কৰিব নোৱাৰিম। গতিকে মই পদত্যাগ কৰিব বিচাৰো।”
মেৰীয়ে পুনৰ লিখিছে, “প্ৰতিশ্ৰুতি দিয়াৰ পিছত পিছুৱাই অহাটো উচিত নহয়। মই সাধাৰণতে তেনেকুৱা নকৰো। কিন্তু মোৰ কোনো উপায় নাই। এই অলিম্পিকৰ বাবে মোৰ বহুত আশা আছিল। আমাৰ খেলুৱৈসকলৰ ওপৰত আমাৰ বহু আশা আছে। বেয়া লাগিছে যে অলিম্পিকৰ সময়ত মই তেওঁলোকৰ লগত থাকিব নোৱাৰিম।"
মন কৰিবলগীয়া যে, যোৱা ২১ মাৰ্চত মেৰীক ভাৰতীয় অলিম্পিক সংস্থাই পেৰিছ অলিম্পিকৰ বাবে চেফ দ্য মিছনৰ দায়িত্ব দিছিল।
অলিম্পিকত চেফ দ্য মিছনৰ বিশেষ দায়িত্ব থাকে। চেফ দ্য মিছনে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থা আৰু আয়োজকসকলৰ সৈতে মূল যোগাযোগ বজাই ৰাখে। দলৰ খেলুৱৈ আৰু প্ৰশিক্ষকৰ সুবিধা আৰু অসুবিধাৰ যত্ন লোৱাতো তেওঁৰ দায়িত্ব। চেফ দ্য মিছন আচলতে সমগ্ৰ দলটোৰ মূল ব্যক্তি।