দেশৰ দ্ৰুততম এথলীট হিচাপে চিহ্নিত অসমৰ হিমা দাস, অম্লান বৰগোঁহাই

Story by  atv | Posted by  [email protected] • 1 Years ago
দেশৰ দ্ৰুততম এথলীট হিচাপে চিহ্নিত অসমৰ হিমা দাস, অম্লান বৰগোঁহাই
দেশৰ দ্ৰুততম এথলীট হিচাপে চিহ্নিত অসমৰ হিমা দাস, অম্লান বৰগোঁহাই

গুৱাহাটী

অসমৰ ২ উদীয়মান দৌৰবিদ হিমা দাস আৰু অম্লান বৰগোঁহাই দেশৰ দ্ৰুততম এথলীট হিচাপে পৰিগণিত হৈছে। চেন্নাইত অনুষ্ঠিত ৬১সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপত ৰাজ্যৰ প্ৰতিভাৱান দৌৰবিদ দুগৰাকীয়ে চমকপ্ৰদ প্ৰদৰ্শনেৰে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে ১০০ মিটাৰ দৌৰত শ্ৰেষ্ঠত্ব অৰ্জনেৰে ৰাজ্যৰ ক্ৰীড়া জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে।

হিমাই ১১.৪৩ ছেকেণ্ডত প্ৰথম স্থান দখল কৰাৰ বিপৰীতে অম্লানে একে দূৰত্ব অতিক্ৰম কৰিবলৈ ১০.৪৭ ছেকেণ্ড সময় লয়। দুয়োগৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাখনত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও স্নায়ুচাঁপ নিয়ন্ত্ৰণত ৰাখি শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।

এই দৌৰত হিমাৰ মূল প্ৰতিদ্বন্দ্বী আছিল সম্প্ৰতি সুন্দৰ ফৰ্মত থকা ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী আৰু অলিম্পিয়ান দ্যুতি চান্দ। কিন্তু অসমৰ তাৰকাগৰাকীয়ে ১১.৪৩ ছেকেণ্ড সময় লৈ দ্যুতি চান্দ আৰু শ্ৰবনী নন্দক চেৰ পেলায়।একেদৰে, অম্লান বৰগোহাঁইয়ে ১০.৪৭ ছেকেণ্ডত পুৰুষৰ দৌৰ সম্পূৰ্ণ কৰি তামিলনাডুৰ কে এলাক্কিয়াদাছানক পৰাভূত কৰে।

মনকৰিবলগীয়া যে, ২০১৮ৰ বিশ্ব জুনিয়ৰ এথলেটিকছত সোণৰ পদক অৰ্জন কৰি ধিং এক্সপ্ৰেছ হিমা দাসে সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছিল। ইয়াৰ পিছত তেওঁ এচিয়ান গেমছত দেশৰ হৈ পদক অৰ্জন কৰি অসমৰ ক্ৰীড়া জগতত ইতিহাস ৰচে।

ইফালে, প্ৰতিভাৱান দৌৰবিদ অম্লানে ট্ৰেকত বিজুলী গতিৰে দৌৰি শেহতীয়াকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খলকনি তুলিছে। অসমৰ এই দুয়োগৰাকী দৌৰবিদে ইতিমধ্যে আগন্তুক এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।   

উল্লেখ্য এই দুয়োগৰাকী সফল এথলীটৰ প্ৰশিক্ষক হ'ল নিপন দাস। প্ৰতিভাৱান খেলুৱৈক সঠিক দিশত আগুৱাই নিয়াৰ বাবে বিশেষভাৱে পৰিচিত প্ৰশিক্ষকগৰাকীয়ে হিমাৰ পিছত শেহতীয়াকৈ অম্লানক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলীট হিচাপে গঢ়ি তুলিছে।