নতুন দিল্লী
আজি নাগপুৰত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব শৃংখলাৰ প্ৰথমখন টি-২০ মেচ। সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব খেলখন। আগন্তুক বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱাৰ শেষ সুযোগ এই শৃংখলা।
৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আই চি চি টি-২০ বিশ্বকাপ। তাৰ পূৰ্বে টিম ইণ্ডিয়াই প্ৰস্তুতিৰ বাবে মাত্ৰ এটা সুযোগ লাভ কৰিছে। আজিৰে পৰা আৰম্ভ হ’ব ভাৰত আৰু নিউজীলেণ্ডৰ মাজৰ পাঁচখন খেলৰ টি-২০ শৃংখলা। ৩১ জানুৱাৰীত অনুষ্ঠিত হ’ব এই শৃংখলাৰ অন্তিমখন মেচ। ইয়াৰ পিছতে ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব বিশ্বকাপৰ মহাৰণ।
বিশ্বকাপৰ অনুশীলন খেলৰ সময়সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই। গতিকে এই পাঁচখন খেলৰ শৃংখলা দুয়োটা দলৰ বাবে প্ৰস্তুতিৰ অন্তিম সুযোগ। ভাৰতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে নিউজীলেণ্ডৰ বিৰুদ্ধে ছিৰিজত নিজৰ আগ্ৰাসী বেটিং শৈলী পুনৰ প্ৰদৰ্শনৰ আশা কৰিছে।
নিউজীলেণ্ডে বিগত এবছৰত ভাৰতৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ অভিলেখ গঢ়িছে। টেষ্ট শৃংখলাত ক্লীন ছুইপ আৰু ভাৰতত প্ৰথমবাৰৰ বাবে দ্বিপাক্ষিক এদিনীয়া শৃংখলাত জয়লাভ কৰিছে কিৱি দলটোৱে।
অৱশ্যে টি-২০ ফৰ্মেটত সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত ভাৰতক সম্পূৰ্ণ বেলেগ দল হিচাবে দেখা গৈছে। সূৰ্যকুমাৰৰ নেতৃত্বত ২৫ খন টি-২০ মেচৰ ভিতৰত ১৮ খন খেলত জয়লাভ কৰিছে ভাৰতে। অভিষেক শৰ্মাৰ বিস্ফোৰক আৰম্ভণি আৰু মধ্য অভাৰত বৰুণ চক্ৰৱৰ্তীৰ ৰহস্যজনক বলিং মূল কাৰক হিচাপে পৰিগণিত হৈছে।
টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলঃ
সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), ঈশান কিষণ, শ্ৰেয়াছ আয়েৰ, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী, ৰিংকু সিং, অৰ্শদীপ সিং, ৰবি বিষ্ণোই, হৰ্ষিত ৰানা।