অনিশ্চয়তাত আইপিএল; ঘৰলৈ উভতিব বিচাৰিছে বিদেশী তাৰকাই

Story by  atv | Posted by  [email protected] • 8 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

বৃহস্পতিবাৰৰ নিশাৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পিছত আই পি এলক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। প্ৰতিযোগিতাখন চলাই নিয়াৰ ক্ষেত্ৰত এই মুহূৰ্তত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰি আছে আৰু নিৰাপত্তাজনিত দিশসমূহ পৰ্যবেক্ষণ কৰি আছে।
 
প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা বিদেশৰ বহু খেলুৱৈ আৰু ছাপ'ৰ্ট ষ্টাফে ভাৰতৰ পৰিস্থিতিতক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰু নিজ নিজ ঘৰলৈ উভতি যাবলৈ বিমান সেৱাৰ অনুৰোধ জনাইছে।
 
সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি আইপিএলৰ নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰিছে যে বিদেশী খেলুৱৈসকলে সোনকালে ঘৰলৈ যাব বিচাৰিছে। ধৰ্মশালাৰ এইচ পি চি এ ষ্টেডিয়ামত যোৱা নিশা পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত খেলখন পাকিস্তানৰ আকাশী আক্ৰমণৰ সতৰ্কবাণীৰ পিছত আধাতে বন্ধ কৰিবলগীয়া হোৱাৰ কেইঘণ্টামানৰ পিছতে বিদেশী খেলুৱৈসকল অধিক আতংকিত হৈ পৰিছে। 
 
উল্লেখ্য যে, বৰ্তমান আই পি এলৰ সৈতে জড়িত হৈ আছে বহু কেইগৰাকী বিদেশী খেলুৱৈ, সহায়ক কৰ্মচাৰী, মেচ অফিচিয়েল আৰু সম্প্ৰচাৰক। বৃহস্পতিবাৰে নিশা আধাতে বন্ধ কৰি দিয়া মেচখনৰ মূল একাদশত আঠজন বিদেশী ক্ৰিকেটাৰে খেলিছিল আৰু আন বহুকেইজন বিদেশী খেলুৱৈ উভয় দলৰ অংশ আছিল।
 
"আমি বৰ্তমান পৰিস্থিতিৰ পৰ্যালোচনা কৰি আছো। ই এক বিৱৰ্তনশীল পৰিস্থিতি। আমি এতিয়ালৈকে চৰকাৰৰ পৰা কোনো নিৰ্দেশনা পোৱা নাই। সকলো দিশ মনত ৰাখি নিশ্চিতভাৱে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।"-২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা আৰম্ভ হোৱা ভাৰত-পাক সংঘাতৰ মাজতে লীগ চলি থাকিব নেকি বুলি সোধাত আই পি এলৰ অধ্যক্ষ অৰুণ ধুমলে এইদৰে কয়।


শেহতীয়া খবৰ