প্ৰতিশোধৰ যুঁজত জয়ী হওঁক ভাৰত, দেশবাসীয়ে উদযাপন কৰক গৌৰৱৰ এনিশা

Story by  Mukut Sarma | Posted by  Munni Begum • 5 Months ago
বিশ্বকাপৰ ট্ৰফীৰ সৈতে ৰোহিত শৰ্মা আৰু পেট কামিনছ
বিশ্বকাপৰ ট্ৰফীৰ সৈতে ৰোহিত শৰ্মা আৰু পেট কামিনছ
 
মুকুট শৰ্মা
 
আহমেদাবাদত আজি ভাৰতৰ প্ৰতিশোধৰ যুঁজ, কেতিয়াও পাহৰিব নোৱাৰা গধুৰ বেদনা দূৰ কৰাৰ যুঁজ। ২০ বছৰ পূৰ্বে জোহান্সবাৰ্গত ৰিকী পণ্টিং, ডেমিয়েন মাৰ্টিন, গ্লেন মেকগ্ৰাথ, ব্ৰেট লী, এন্দ্ৰিউ ছাইমণ্ডহঁতে দিয়া সেই দুখ ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে এতিয়াও পাহৰিব পৰা নাই। ২০০৩ৰ বিশ্বকাপৰ ফাইনেলত পণ্টিং, মাৰ্টিনৰ মাৰমুখী বেটিং আৰু মেকগ্ৰাথ, ব্ৰেট লীৰ বিধ্বংসী বলিঙত অসহায় হৈ পৰা সৌৰভ গাংগুলী বাহিনীৰ দুৰৱস্থা দেখি হৃদয় ভাগিছিল শতকোটি ভাৰতীয়ৰ। 
 
কিন্তু এতিয়া সলনি হৈছে সময়। সময় এতিয়া প্ৰতিশোধ পূৰণৰ।  ইতিমধ্যে মঞ্চ তৈয়াৰ হৈছে। ৰণনীতিও সাজু হৈছে। অপেক্ষা মাথো দেওবাৰৰ নিশালৈ। শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী, জাহিৰ খান, হৰভজন সিঙৰ দৰে কিংবদন্তী নাই যদিও এতিয়া বিৰাট কোহলি, ৰোহিত শৰ্মা, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহৰ দৰে পৰাক্ৰমী যোদ্ধাৰে সমৃদ্ধ ভাৰতীয় শিবিৰ। 
 
ফাইনেলক লৈ অষ্ট্ৰেলিয়াৰ তাৰকা ষ্টিভেন স্মিথ(একেবাৰে বাঁওফালে)ৰ চিন্তা-চৰ্চা, লগত ছাপ'ৰ্ট ষ্টাফৰ দুই সদস্য
 
চেন্নাইত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিয়ে এইবাৰ বিশ্বকাপত অভিযান আৰম্ভ কৰিছিল ভাৰতে। দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত বিশ্বজয়ৰ মহাৰণত পুনৰ এই কেংগেৰু বাহিনীৰে মুখামুখি হ’ব ৰোহিত শৰ্মা বাহিনী। সুদীৰ্ঘ ২০ বছৰৰ মূৰত বিশ্বজয়ৰ মহাৰণত পুনৰ সমুখ-সমৰত নামিব বিশ্বৰ দুই শক্তিধৰ দল। 
 
ভাৰতে যিদৰে ক্ৰমাগত ১০খন মেচত জয়েৰে আত্মবিশ্বাসী হৈ আছে, ঠিক সেইদৰে পেট কামিনছৰ অষ্ট্ৰেলিয়াই ক্ৰমাগত ৮খন মেচত জয়েৰে খিতাপৰ প্ৰবল দাবীদাৰ হৈ উঠিছে। 
 
মনকৰিবলগীয়া যে, ২০০৩ চনত অষ্ট্ৰেলিয়াই ১০খন খেলত অপৰাজিত হৈ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল। ২০ বছৰৰ পাছত এইবাৰ এই দৃশ্য সম্পূৰ্ণ বিপৰীত। ১০খন মেচত অপৰাজিত হৈ ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে আয়োজক দেশ ভাৰতে। ২০০৩ চনৰ বিশ্বকাপৰ লীগ পৰ্যায়ত অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰিছিল। দুটা দশকৰ পাছত ২০২৩ৰ বিশ্বকাপত এই ছবিখনো সলনি হ’ল। ৰাউণ্ড ৰবীন লীগত এইবাৰ ভাৰতে অষ্ট্ৰেলিয়াক সহজে হৰুৱায়। 
 
ষ্টেডিয়ামৰ বাহিৰত বিক্ৰীৰ বাবে সাজু কৰা হৈছে টীম ইণ্ডিয়াৰ জাৰ্ছী আৰু টুপি
 
আন এক আমোদজনক দিশ হ'ল যে, ২০০৩ চনত ভাৰতে ৮খন খেলত জয়লাভ কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল। ২০ বছৰৰ পাছত এই পৰিঘটনাও সলনি হৈছে। ২০২৩ চনত অষ্ট্ৰেলিয়াই ৮খন খেলত জয়লাভ কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।
 
২০০৩ চনত জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা বিশ্বকাপত অষ্ট্ৰেলিয়াই ৰিকি পণ্টিঙৰ নেতৃত্বত জয় সাব্যস্ত কৰিছিল। ফাইনেলত ভাৰতৰ সন্মুখত অষ্ট্ৰেলিয়াই ৩৬০ ৰানৰ বিশাল লক্ষ্য বান্ধি দিছিল। অধিনায়ক ৰিকি পণ্টিঙে ১২১ বলত ১৪০ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলি প্ৰথমেই ভাৰতৰ বিশ্বজয়ৰ আশা ক্ষীণ কৰি তুলিছিল। তাৰ পিছৰ কামখিনি কৰিছিল গ্নেন মেকগ্ৰাথ আৰু ব্ৰেট লীয়ে। 
 
মেকগ্ৰাথে প্ৰথম অভাৰতে বুদ্ধিদীপ্ত বাউন্সাৰেৰে শচীন তেণ্ডুলকাৰক আউট কৰি ভাৰতৰ সমস্ত আশা আৰু সপোন ধুলিস্যাত্‍ কৰে। ক্ৰিকেট ভাল পোৱা প্ৰতিজন ভাৰতীয়ই সেই বেদনা আজিও বুকুত কঢ়িয়াই লৈ ফুৰিছে। 
 
ফাইনেলৰ বাবে ৰণনীতি তৈয়াৰত ব্যস্ত ভাৰতীয় দল
 
দুই দশক পুৰণি সেই দুখ-বেদনাৰ পৰা দেশবাসীক মুক্ত কৰিবলৈ দেওবাৰে ২২ গজৰ যুঁজত নামিব ৰোহিত শৰ্মা বাহিনী। পাঁচবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতে তৃতীয়বাৰৰ বাবে বিশ্বকাপত চুম্বন দিয়াৰ গৌৰৱময় ক্ষণৰ সাক্ষী হ'বলৈ উদগ্ৰীৱ হৈ আছে ১৪০ কোটি ভাৰতীয়। ১৯ নৱেম্বৰৰ নিশাটো হওঁক ভাৰতবাসীৰ বাবে এটা গৌৰৱৰ নিশা, পাহৰিব নোৱাৰা এটা মধুৰ নিশা। তাৰেই অপেক্ষাত প্ৰতিজন ভাৰতীয়। 
 
উল্লেখ্য যে, দেওবাৰে বিশ্বকাপৰ সময়ত খেলপথাৰত উপস্থিত থকাৰ কথা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছ। এই খবৰ শুকুৰবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ কাৰ্যালয়ে অৱগত কৰে।
 
বিশ্বকাপৰ ফাইনেলৰ দিনটোক অধিক স্মৰণীয় আৰু ৰোমাঞ্চকৰ কৰি তুলিবলৈ ভাৰতীয় বায়ুসেনাৰ ‘সূৰ্যকিৰণ’ দলে ষ্টেডিয়ামৰ আকাশত প্ৰদৰ্শন কৰিব মনোমোহা এয়াৰ শ্ব'। খেল আৰম্ভ হোৱাৰ পূৰ্বে টছৰ ঠিক পিছতেই ভাৰতীয় বায়ুসেনাৰ ৯খন বিমানে উইং কমাণ্ডাৰ ছিদ্দেশ কাৰ্তিকৰ নেতৃত্বত ষ্টেডিয়ামৰ ওপৰত ১০ মিনিটৰ বাবে ‘এয়াৰ শ্ব’’ প্ৰদৰ্শন কৰিব।
 
অনুশীলনৰ সময়ত ৰসাল মুহূৰ্তত শ্ৰেয়াছ আয়াৰ
 
প্ৰথম ইনিংছৰ সামৰণিৰ পিছতো বিভিন্ন অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে। বিগত বিশ্বকাপৰ সকলো বিজয়ী অধিনায়কক সেইখিনি সময়ত বিচিচিআইয়ে বিশেষভাৱে সম্বৰ্ধনা জনাব। ভাৰতৰ কিংবদন্তী ক্ৰিকেটাৰ কপিল দেৱ আৰু মহেন্দ্ৰ সিং ধোনীও আমন্ত্ৰিত অধিনায়কসকলৰ তালিকাত আছে।
 
ভাৰতে ১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে বিশ্বজয়ৰ সোৱাদ লাভ কৰিছিল। সেই জয়ে ভাৰতীয় ক্ৰিকেটক নৱৰূপ দিছিল। সৌৰভ গাংগুলীৰ নেতৃত্বত ২০০৩ত টীম ইণ্ডিয়াই চমকপ্ৰদ খেলেৰ দ্বিতীয়বাৰৰ বাবে বিশ্বজয়ৰ সম্ভাৱনা জগাই তুলিছিল যদিও ফাইনেলত বাধা হৈ থিয় দিছিল পণ্টিঙৰ অষ্ট্ৰেলিয়া। অৱশ্যে, ২০১১ত এম এছ ধোনী নেতৃত্বাধীন টীম ইণ্ডিয়াই সকলো বাধা ওফৰাই সুদীৰ্ঘ ২৮ বছৰৰ মূৰত বিশ্বকাপৰ সুদৃশ্য ট্ৰফীত চুম্বন দিছিল। 
 
মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ধোনীৰ মেচ উইনিং ছিক্সাৰে ভাৰতবাসীৰ হৃদয় জুৰ পেলাইছিল। বিশ্বজয়েৰে ইতিহাসৰ পৃষ্ঠাত নাম লিপিবদ্ধ কৰিবলৈ এইবাৰ সুযোগ আহিছে কোহলি-ৰোহিত-ছামী-বুমৰাহৰ সন্মুখলৈ। অপেক্ষা মাথো দেওবাৰৰ নিশালৈ.........