লাভলিনা বৰগোহাঁই, নিখাত জৰীণৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
লভলিনাক ছেমিফাইনেল বিজয়ী ঘোষণা কৰা হৈছে; (সোঁফালে) অসমৰ বক্সাৰগৰাকীয়ে উদযাপন কৰিছে
লভলিনাক ছেমিফাইনেল বিজয়ী ঘোষণা কৰা হৈছে; (সোঁফালে) অসমৰ বক্সাৰগৰাকীয়ে উদযাপন কৰিছে
নতুন দিল্লী

ভাৰতীয় খেলুৱৈ নিতু ঘাংঘাছ, নিখাত জৰীণ, লাভলিনা বৰগোহাঁই আৰু সাৱীটি বুৰাই বৃহস্পতিবাৰে ইয়াৰ ইন্দিৰা গান্ধী ক্ৰীড়া প্ৰকল্পত ঘৰুৱা দলটোৱে আধিপত্য বিস্তাৰ কৰাত কীৰ্তিচিহ্নস্বৰূপ প্ৰদৰ্শন আগবঢ়াই আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰে।

দুগৰাকী অতি সজ্জিত বক্সাৰৰ মাজত হোৱা সংঘৰ্ষত টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলিনাই (৭৫ কিলোগ্ৰাম) ২০১৮ চনৰ বিশ্ব চেম্পিয়ন চীনৰ লি কিয়ানক ৪:১ ৰ জয়ৰে উচ্ছেদ কৰি প্ৰথমবাৰ বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰে। লাভলিনা প্ৰথম ৰাউণ্ডত ৩:২ ত জয়ী হুৱাৰ পিছত চীনৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে দ্বিতীয় ৰাউণ্ডত ২:৩ ত জয়লাভ কৰে।

দুয়োগৰাকী বক্সাৰে কঠোৰ পৰিশ্ৰম কৰাৰ পিছত, ২৫ বছৰীয়া ভাৰতীয়গৰাকীয়ে চূড়ান্ত ৰাউণ্ডত সৰ্বোচ্চ আক্ৰমণাত্মক প্ৰদৰ্শনেৰে জয়নিশ্চিত কৰিছিল। দেওবাৰে ফাইনেলত লাভলিনাই দুবাৰৰ কমনৱেলথ গেমছৰ পদক বিজয়ী অষ্ট্ৰেলিয়াৰ কেটলিন পাৰ্কাৰৰ বিৰুদ্ধে খেলিব।

তাৰ আগতে, একেৰাহে তিনিটা ৰেফাৰী ষ্টপছ কনটেষ্ট (আৰ এছ চি) জয়লাভ কৰি নিটুৱে ৪৮ কেজিত কাজাখাস্তানৰ বর্তমানৰ এছিয়ান চেম্পিয়ন আলুৱা বালকিবেকোভাৰ বিৰুদ্ধে প্ৰতিযোগিতাখনত নিজৰ উল্লেখযোগ্য দৌৰ অব্যাহত ৰাখিলে আৰু এই যুঁজখনৰ পাছত ৫-২ ত কষ্টোপাৰ্জিত জয়লাভ কৰে৷ যোৱা বিশ্ব চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত কাজাখগৰাকীৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হোৱা ২২ বছৰীয়া ভাৰতীয়গৰাকীয়ে এইবাৰ প্ৰমাণ কৰিবলৈ যে তেওঁ শ্ৰেষ্ঠ।

দুয়োগৰাকী বক্সাৰে তিনিওটা ৰাউণ্ডতে সমান আছিল আৰু বালকিবেকোভাই গোটেই যুঁজখন নিতুক ধৰি ৰাখিছিল যদিও ২০২২ চনৰ কমনৱেলথ গেমছৰ চেম্পিয়নগৰাকীয়ে প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিবলৈ নিজক শীতল কৰি ৰাখিছিল। নিতু প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰে।

এতিয়া শনিবাৰে ফাইনেলত নিটুৱে ২০২২ এছিয়ান চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী মংগোলিয়াৰ লুটচাইখান আলটানচেচেগৰ বিৰুদ্ধে খেলিব।

নিতুৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক যুঁজৰ বিপৰীতে নিখাত জৰীণে (৫০ কেজি) এটা সহজ দিন পাৰ কৰিছিল, কাৰণ তেওঁ কলম্বিয়াৰ প্ৰবীণ ৰিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী ইংগ্ৰিট ভেলেন্সিয়াক ৫-০ৰ ব্যৱধানত জয়লাভ কৰি বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদকৰ সন্ধান অব্যাহত ৰাখিছিল। ২৬ বছৰীয়া তাৰকা বক্সাৰগৰাকীয়ে নিজৰ দ্ৰুত গতি আৰু শক্তি ব্যৱহাৰ কৰি আৰম্ভণিৰ পৰাই বাউটটো নিয়ন্ত্ৰণ কৰিছিল।

"প্ৰতিযোগিতাৰ সকলো মেচৰ ভিতৰত মই অনুভৱ কৰোঁ যে আজিৰ বাউটটো মোৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল। মোৰ খেলখন ভাল হ'ল কাৰণ মই অধিক কৌশলগত বক্সাৰৰ বিৰুদ্ধে খেলিছিলো আৰু আগতে ইংৰিটৰ বিৰুদ্ধে খেলাৰ বাবে আজি কেনেকৈ খেলিব লাগে তাৰ ধাৰণা এটা আহিল। প্ৰথম দুটা ৰাউণ্ডৰ পিছত মোৰ কৌশল আছিল দূৰৰ পৰা খেলা আৰু তেওঁ আক্ৰমণ কৰিবলৈ নিদিয়াৰ লগতে তেওঁ আক্ৰমণাত্মক হ’বলৈ আৰম্ভ কৰাৰ সময়ত তেওঁৰ আক্ৰমণকো নিয়ন্ত্ৰণ কৰা। এতিয়া মাত্ৰ এখন মেচ বাকী আছে যিখন মই আশাকৰোঁ জয়ী হৈ মোৰ খিতাপ ৰক্ষা কৰিম।" - বাউটৰ পিছত এইদৰে কয় নিখাতে।

এতিয়া দেওবাৰে ফাইনেলত নিখাতৰ মুখামুখি হ’ব দুবাৰৰ এছিয়ান চেম্পিয়ন ভিয়েটনামৰ নুয়েন থি টামৰ।

ছেমি ফাইনেলত ভাৰতৰ আধিপত্য সমাপ্ত কৰি তিনিবাৰৰ এছিয়ান পদক বিজয়ী সাৱীটিয়ে (৮১ কেজি) তাৰকাময় প্ৰদৰ্শন আগবঢ়াই অষ্ট্ৰেলিয়াৰ এমা-ছু গ্ৰীণট্ৰিক পইণ্টৰ ভিত্তিত ৪-১ ত পৰাস্ত কৰে। হিছাৰৰ গতিশীল বক্সাৰগৰাকীয়ে নিজৰ বিশাল অভিজ্ঞতা আৰু শক্তি ব্যৱহাৰ কৰি তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক যুঁজখনত নিজৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিছিল। এতিয়া শনিবাৰে ফাইনেলত ২০১৮ চনৰ বিশ্ব চেম্পিয়ন চীনৰ ৱাং লিনাৰ বিৰুদ্ধে খেলিব।

ইফালে টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী ইটালীৰ ইৰমা টেষ্টাই (৫৭ কেজি) ফ্ৰান্সৰ জিদানি আমিনাৰ বিৰুদ্ধে ৫:০ ত জয়লাভ কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰে। ইটালীৰ এইগৰাকী খেলুৱৈয়ে ছেমি ফাইনেলৰ যুঁজত চীনা টাইপেইৰ দুবাৰৰ বিশ্ব চেম্পিয়ন লিন-ইউ টিঙক স্তম্ভিত কৰা কাজাখস্তানৰ কাৰিনা ইব্ৰাগিমোভাৰ বিৰুদ্ধে খেলিব।

টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী ব্ৰাজিলৰ বিট্ৰিজ ইয়াছমিন ফেৰেৰায়েও (৬০ কেজি) ২০১৮ চনৰ এছিয়ান গেমছৰ চেম্পিয়ন দক্ষিণ কোৰিয়াৰ অ’ ইয়নজীক সৰ্বসন্মতিক্ৰমে পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।

চলি থকা এই প্ৰতিযোগিতাখনত ৬৫খন দেশৰ কেইবাগৰাকীও অলিম্পিক পদক বিজয়ীকে ধৰি ৩২৪গৰাকী বক্সাৰে ১২টা ওজন শাখাত খিতাপৰ বাবে যুঁজি আছে। প্ৰতিযোগিতাখনত ₹ ২০ কোটিৰ বৃহৎ পুৰস্কাৰ আছে।