টেষ্ট ক্ৰিকেটৰপৰা অৱসৰ গ্ৰহণৰ ইচ্ছা প্ৰকাশ বিৰাট কহলিৰ

Story by  atv | Posted by  [email protected] • 3 h ago
বিৰাট কহলি
বিৰাট কহলি
 
নতুন দিল্লী
 
ৰোহিত শৰ্মাৰ পিছতে বিৰাট কহলিয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে। ইংলেণ্ডৰ আগন্তুক শৃংখলাৰ পূৰ্বে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে বিৰাট কহলিয়ে।
 
ভাৰতীয় ক্ৰিকেট ছুপাৰষ্টাৰগৰাকীয়ে BCCI-ক জনাইছে যে তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’ব বিচাৰে। বাতৰি অনুসৰি কহলীয়ে বহু চিন্তা-চৰ্চাৰ অন্তত বিচাৰিছে যে ব’ৰ্ডে তেওঁৰ ৰেড বল অধ্যায়ৰ সমাপ্তি ঘোষণা কৰক।
 
ইংলেণ্ডৰ শৃংখলা ক্ৰমে ওচৰ চাপি অহাৰ লগে লগে বিচিচিআইয়ে কহলিক তেওঁৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। অৱশ্যে বিৰাটে এতিয়াও তেওঁৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ কথা ঘোষণা কৰা নাই।
 
কেৱল টেষ্ট ক্ৰিকেটতে নহয়, সকলো ফৰ্মেটতে কোহলি বিশ্বৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ। ভাৰতৰ হৈ ১২৩খন টেষ্ট খেলি কহলিয়ে গড়ে ৪৬.৮৫ ৰান সংগ্ৰহ কৰি মুঠ ৯,২৩০ ৰান সংগ্ৰহ কৰিছে।
 
ৰোহিতৰ অৱসৰৰ পিছত কহলিৰ অৱসৰ গ্ৰহণৰ সিদ্ধান্ত ভাৰতীয় ক্ৰিকেটৰ বাবে এক ডাঙৰ পদক্ষেপ হ’ব পাৰে। এতিয়া লক্ষ্যণীয় হ’ব যে কহলিয়ে নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰি পুনৰ বগা জাৰ্চি পিন্ধিব নে নাই।