ভাৰতত প্ৰথমটো শৃংখলা জয় নিউজীলেণ্ডৰ

Story by  atv | Posted by  [email protected] • 2 h ago
ভাৰতত প্ৰথমটো শৃংখলা জয় নিউজীলেণ্ডৰ
ভাৰতত প্ৰথমটো শৃংখলা জয় নিউজীলেণ্ডৰ
 
নতুন দিল্লী
 
কিংবদন্তি বিৰাট কোহলীৰ আক্ৰমণাত্মক ১২৪ ৰাণ যেন অসাৰ হৈ পৰিল। কাৰণ দেওবাৰে তৃতীয় তথা অন্তিম এদিনীয়া মেচত নিউজীলেণ্ডে ভাৰতক ৪১ ৰাণত পৰাস্ত কৰি ২-১ ত শৃংখলা দখল কৰে। ভাৰতত নিউজীলেণ্ডৰ এয়াই প্ৰথম এদিনীয়া শৃংখলাৰ জয়। ভাৰতৰ সন্মুখত আলহী দলটোৱে ৩৩৮ ৰাণৰ এক বিশাল লক্ষ্য দিছিল। বিৰাট কোহলীয়ে খেলখনক ভাৰতৰ পক্ষলৈ লৈ যোৱাত অন্তিম পৰ্যায়লৈ যুঁজি থাকিল। এই সময়ত ১০০ ৰাণো কৰিলে যদিও নিজৰ দলটোক বিজয়ৰ মুখ দেখুৱাবলৈ সক্ষম নহ'ল।
 
৪৬ নম্বৰ অভাৰত কোহলী আউট হোৱাৰ লগে লগে শুভমন গিল নেতৃত্বাধীন দলটোৰ বাবে সকলো শেষ হৈ গ'ল৷ নিউজীলেণ্ডৰ শিবিৰত উদযাপন আৰম্ভ হোৱাৰ লগে লগে কুলদীপ যাদৱ আছিল শেষৰজন ভৰসা। কিন্তু অৰ্শদীপ আৰু কুলদীপো বিফল হ'ল। কোহলী আৰু অল ৰাউণ্ডাৰ হৰ্ষিত ৰাণাই (৪৩ বলত ৫২) একপ্ৰকাৰ খেলখন নিউজীলেণ্ডৰ হাতৰ পৰা কাঢ়ি অনা প্ৰয়াস কৰিছিল। টপ অৰ্ডাৰ দুৰ্ভাগ্যজনকভাৱে বিফল হোৱাৰ পিছত ভাৰতীয় ইনিংছটো কোহলীৰ হাততে আছিল। কোহলীয়ে খেলখন গভীৰলৈ লৈ গ'ল যদিও প্ৰয়োজনীয় ৰাণ ৰেটৰ চাপে অৱশেষত তেওঁক নিৰাশ কৰিলে আৰু বেছি ৰাণৰ আশাত শ্বট খেলি আউট হয়।
 
উল্লেখযোগ্য যে, মিচেলৰ বাবে যেন অতি গুৰুত্বপূৰ্ণ মেচ আছিল এইখন। মিচেলৰ ১৩৭ ৰাণ আৰু ফিলিপছৰ ১০৬ ৰাণৰ আকৰ্ষণীয় ইনিংছৰ বাবেই দলটোৱে ৮ উইকেটত ৩৩৭ ৰাণৰ বিশাল স্ক'ৰ কৰিবলৈ সক্ষম হয়। শান্ত আৰু কৰ্তৃত্বশীলভাৱে মিচেলে ইনিংছ আগবঢ়াই লৈ যোৱাৰ সমান্তৰালকৈ ফিলিপছে গতিবেগ প্ৰদান কৰিছিল। যিয়ে ভাৰতৰ পৰাজয়ৰ কাৰণ হৈ পৰিল।
 
খেলখনত ভাৰতীয় পেচাৰ অৰ্শদীপ সিঙে ৩ টা উইকেট দখল কৰাৰ সমান্তৰালকৈ অল ৰাউণ্ডাৰ হৰ্ষিত ৰাণাইও ৩ টা উইকেট দখল কৰে। ইফালে বেটিঙৰ ক্ষেত্ৰত কোহলীয়ে ১২৪ ৰাণৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। অল ৰাউণ্ডাৰ নীতিশ ৰেড্ডি (৫৩) আৰু হৰ্ষিত ৰাণাইও (৫২) প্ৰভাৱশালী ইনিংছ খেলে। কিন্তু ইমানৰ পিছতো ভাৰতৰ টপ অৰ্ডাৰ বিফল হোৱাৰ বাবেই শৃংখলাটো ৰক্ষা কৰিব নোৱাৰিলে।