৫টা গিনিজ ৱ'ৰ্ল্ড ৰেকৰ্ডছৰ পিছতো স্তব্ধ হোৱা নাই ছুফিয়া ছুফী; দ্বিতীয়বাৰৰ বাবে কাটাৰৰ চৌদিশ দৌৰিবলৈ সাজু

Story by  atv | Posted by  [email protected] • 1 Years ago
ছুফিয়া ছুফী
ছুফিয়া ছুফী
 
নতুন দিল্লী

কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ  ৮৭ দিনত ৪ হাজাৰ কিলোমিটাৰ দৌৰাকে ধৰি মুঠ পাঁচটা গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ গঢ়াৰ পিছতো সফলতা অৰ্জনৰ হেপাঁহ পূৰণ হোৱা নাই মহিলা দৌৰবিদ ছুফিয়া ছুফীৰ। অফিচৰ পিছত প্ৰতিদিনে তিনি কিলোমিটাৰ দৌৰেৰে দীৰ্ঘ দূৰত্বৰ দৌৰবিদ হিচাপে নতুন কেৰিয়াৰ আৰম্ভ কৰা আজমেৰৰ ছুফিয়াৰ বাবে দৌৰাটো কেৱল অভিলেখ ভংগ কৰাৰ প্ৰতিযোগিতা নহয়, ইয়াৰ জৰিয়তে তেওঁ দেশৰ ভিন্ন স্থানৰ অচিনাকী লোকৰ সৈতে চিনাকী হৈছে, তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিছে আৰু চাকৰি জীৱনৰ পৰা মুক্ত হোৱাৰ এক সুযোগ লাভ কৰিছে। 
 
"মই দিল্লীৰ ইন্দিৰা গান্ধী বিমান বন্দৰত প্ৰায় এটা দশক ধৰি বেগেজ হেণ্ডলিং অফিচাৰ হিচাপে কাম কৰিছিলো। যদিও বিমান উদ্যোগত চাকৰি ৰাটো সদায় মোৰ এক সপোন আছিল, তথাপিও মই উপলব্ধি কৰিলোঁ যে ব্যস্ততাপূৰ্ণ কৰ্মজীৱনে মোৰ স্বাস্থ্য নষ্ট কৰি পেলাইছে আৰু বাহিৰৰ পৃথিৱীখনৰ সৈতে সংযোগ বিচ্ছিন্ন কৰি পেলাইছে। লাহে লাহে মই মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু শেষত এজন পেছাদাৰী দৌৰ প্ৰশিক্ষকৰ তত্ত্বাৱধানত দৌৰ শিকিলো।"-ছুফিয়াই কয়।
 
এইগৰাকী দৃঢ়মনা দৌৰবিদে এতিয়া দ্বিতীয়বাৰৰ বাবে কাটাৰৰ চৌদিশ দৌৰিবলৈ সাজু হৈছে আৰু ২০২৫ চনত ‘ৰাণ এৰাউণ্ড দ্য গ্ল’ব’ অভিযানৰ বাবে প্ৰস্তুতি চলাই আছে। এই অভিযানত ছুফিয়াই ৬৮০ দিনত ৩০ হাজাৰ কিলোমিটাৰ দৌৰিব। এই প্ৰত্যাহ্বান গ্ৰহণ কৰা তেওঁ হৈছে বিশ্বৰ প্ৰথমগৰাকী মহিলা দৌৰবিদ। "মই নিজকে ভালদৰে প্ৰস্তুত কৰিছো, আৰু পাৰিম বুলি অত্যন্ত আত্মবিশ্বাসী। সফলতাৰ বাবে এই দুটা বস্তু অত্যন্ত প্ৰয়োজনীয়।"-ছুফিয়াই কয়। 
 
মাত্ৰ ৯৭ ঘণ্টাত মানালি-লেহ চাৰ্কিট দৌৰি পুৰুষ আৰু মহিলা উভয় শাখাতে বিশ্বৰ আটাইতকৈ দ্ৰুত দৌৰবিদ হিচাপে পৰিগণিত হোৱাৰ পিছত আল্ট্ৰা ৰাণাৰগৰাকীয়ে স্বীকাৰ কৰে যে ই আছিল তেওঁ সন্মুখীন হোৱা অন্যতম ডাঙৰ প্ৰত্যাহ্বান। "জুলাই মাহত যেতিয়া মই প্ৰথমবাৰৰ বাবে চেষ্টা কৰিছিলো, তেতিয়া কিছুমান চিকিৎসাজনিত সমস্যাৰ বাবে ১১৩ ঘণ্টা সময় লাগিছিল। অৱশ্যে মোৰ শৰীৰটো ইতিমধ্যে অভ্যস্ত হৈ পৰা বুলি অনুভৱ কৰাত ১০ দিনৰ পিছত পুনৰ চেষ্টা কৰিলোঁ আৰু সফল হ'লোঁ।"-ছুফিয়াই কয়। 
 
বিশেষকৈ আন দেশৰ তুলনাত ভাৰতত দুঃসাহসিক ক্ৰীড়া হিচাপে দৌৰে এতিয়াও স্বীকৃতি পোৱা নাই বুলি স্বীকাৰ কৰি দৌৰবিদগৰাকীয়ে কয় যে ইয়াক স্বীকৃতি দিয়াটো এক বৃহৎ সংগ্ৰাম।
 
উল্লেখ্য যে, ছুফিয়াই চৰকাৰৰ পৰা কোনো সমৰ্থন লাভ কৰা নাই। এই সন্দৰ্ভত তেওঁ কয় যে তেওঁৰ সংগী চাইকেল আৰোহীজনে তেওঁৰ বাবে এক ডাঙৰ প্ৰেৰণা যোগাইছে।  তেওঁ কয়, "এজন ব্যক্তি অনবৰতে ৰাস্তাত থকাটো প্ৰয়োজন, আৰু সেইবোৰৰ বাবে ধন অপৰিহাৰ্য।  এতিয়ালৈকে আমি ক্ৰাউড ফাণ্ডিঙৰ সহায়ত ধনৰ ব্যৱস্থা কৰি আহিছো। ই এক নতুন খেল, আৰু স্বীকৃতি পাবলৈ বহুত সংগ্ৰামৰ প্ৰয়োজন। মই এতিয়াও চৰকাৰৰ পৰা সমৰ্থন পোৱা নাই কিন্তু আমি চৰকাৰৰ পৰা আল্ট্ৰা-ৰানিং স্বীকৃতি লাভ কৰাৰ চেষ্টা কৰিছো আৰু ব্যক্তিগত কোম্পানীৰ পৰাও আমি পৃষ্ঠপোষকতা পাইছো।"