খেলো ইণ্ডিয়াঃ জম্মু-কাশ্মীৰৰ দৰ্জীৰ পুত্ৰ আদিল আলতাফৰ স্বৰ্ণজয়

Story by  atv | Posted by  [email protected] • 1 Years ago
 চাইক্লিঙত সোণৰ পদক লাভ কৰি উল্লসিত আদিল আলতাফ
চাইক্লিঙত সোণৰ পদক লাভ কৰি উল্লসিত আদিল আলতাফ

পঞ্চকুলা

খেলো ইণ্ডিয়া ইউথ গেমছত জম্মু-কাশ্মীৰৰ হৈ চাইক্লিঙত প্ৰথমটো সোণৰ পদক লাভ কৰি আদিল আলতাফে ইতিহাস সৃষ্টি কৰিছে। শ্ৰীনগৰৰ এজন আৰ্থিকভাৱে দূৰ্বল দৰ্জীৰ পুত্ৰ আদিলে ল’ৰাৰ ৭০ কিলোমিটাৰ ৰোড ৰেচ ইভেণ্টত এই গৌৰৱময় সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে তেওঁ আগদিনা ২৮ কিলোমিটাৰ ব্যক্তিগত টাইম ট্ৰায়েলত ৰূপৰ পদক লাভ কৰিছিল। এই সাফল্যৰ বাবে যুৱ চাইক্লিষ্টগৰাকীয়ে আনকি জম্মু-কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাৰ পৰাও প্ৰশংসা আৰু শুভেচ্ছা লাভ কৰিছে।

আলতাফৰ বাবে এই জয় বিশেষভাৱে উল্লেখনীয় আছিল,কাৰণ তেওঁ দিল্লীৰ সিদ্ধেশ পাটিল (মহাৰাষ্ট্ৰ) আৰু আৰ্ছাদ ফৰিদীৰ দৰে আগশাৰীৰ চাইকেল আৰোহীৰ প্ৰত্যাহ্বান প্ৰতিহত কৰিবলগীয়া হৈছিল।

জয়ৰ কিছু সময়ৰ পিছতে তেওঁ স্বীকাৰ কৰে যে, ‘মোৰ বাবে এয়া এক স্মৰণীয় মুহূৰ্ত। মই উন্নত প্ৰদৰ্শন দাঙি ধৰিম বুলি আত্মবিশ্বাসী আছিলো।স্বৰ্ণ লাভ কৰাটো মোৰ বাবে এটা বোনাছ। ই মোৰ আত্মবিশ্বাস বৃদ্ধি কৰিব।”

খেলো ইণ্ডিয়া য়ুথ গেমছত স্বৰ্ণ পদক জয় কৰা জম্মু-কাশ্মীৰৰ আদিল আলতাফ

উল্লেখ্য যে, শৈশৱত আলতাফে মধ্য কাশ্মীৰৰ শ্ৰীনগৰ জিলাৰ লাল বজাৰৰ জনাকীৰ্ণ বাই-লেনত চাইকেল চলাইছিল। ১৫ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে নিজৰ স্কুল কাশ্মীৰ হাৰ্ভাৰ্ডত আয়োজন কৰা চাইক্লিং ইভেণ্টত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। সেই সময়ত তেওঁ যথেষ্ট প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল আৰু তেতিয়াৰে পৰা চাইক্লিঙক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছিল।

পুত্ৰ আদিলক আগুৱাই নিবলৈ দৰিদ্ৰ পিতৃয়ে দুগুণ কষ্ট কৰি এখন ভাল চাইকেল কিনি দিছিল।স্থানীয় ইভেণ্টত জয়ী হ’বলৈ আৰম্ভ কৰাৰ লগে লগে শ্ৰীনগৰৰ ভাৰতীয় ষ্টেট বেংকে তেওঁৰ সহায়ৰ বাবে আগবাঢ়ি আহিছিল।  প্ৰতিষ্ঠানটোৱে খেলুৱৈগৰাকীক ৪.৫ লাখ টকীয়া এখন উন্নত মানৰ এমটিবি চাইকেল প্ৰদান কৰি তেওঁক আগুৱাই যোৱাত সহায় কৰিছিল।

মনকৰিবলগীয়া যে, বিগত ছমাহ ধৰি ১৮ বছৰীয়া আলতাফে এন আই এছ পাটিয়ালাত প্ৰশিক্ষণ লৈ আছিল আৰু  খেলো ইণ্ডিয়া গেমছৰ বাবে প্ৰস্তুতি চলাইছিল।