মুছলমান সমাজৰ বহু বাধা নেউচি ৰাষ্ট্ৰীয় টাইকোৱানডোত স্বৰ্ণ জয় কৰা শ্বানাজ পাৰবীন

Story by  atv | Posted by  Munni Begum • 8 Months ago
টাইকোৱানডোত খেলুৱৈ শ্বানাজ পাৰবীন
টাইকোৱানডোত খেলুৱৈ শ্বানাজ পাৰবীন
 
আৱাজ দ্য ভইচ ব্যুৰ'
 
টাইকোৱানডোৰ প্ৰথম প্ৰশিক্ষণ আৰম্ভ কৰাৰ সময়ত তেওঁ সমাজৰ বিভিন্ন সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু এই সকলোবোৰ সমালোচনা আৰু কটাক্ষক একাষৰীয়া কৰি তেওঁ অনুশীলনত মগ্ন হৈ আছিল আৰু আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱানডোত স্বৰ্ণ পদক জয় কৰি সমগ্ৰ লাডাখ আৰু জম্মু-কাশ্মীৰলৈ সন্মান কঢ়িয়াই আনিছে। এই দৃঢ়মনা যুৱতীগৰাকী হৈছে শ্বানাজ পাৰবীন।
 
'মই যেতিয়া টাইকোৱানডো খেলিবলৈ আৰম্ভ কৰিছিলো, তেতিয়া বহুতে কৈছিল যে মুছলমান ছোৱালীয়ে ট্ৰেক পেণ্ট পৰিধান কৰিব নোৱাৰে আৰু টাইকোৱানডো খেলিব নোৱাৰে। এই খেলত ছোৱালীৰ কোনো ভৱিষ্যত নাই। কিন্তু মই কাৰো কথাত গুৰুত্ব দিয়া নাছিলো আৰু অনুশীলন চলাই গৈছিলো। মোৰ পৰিয়ালৰ লোকে মোক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছিল। তেওঁলোকে মোৰ সপোন সাৰ্থকৰ ক্ষেত্ৰত শক্তি আৰু প্ৰেৰণা দিছিল।'-পাৰবীনে কয়।
 
চীনৰ চেংডুত অনুষ্ঠিত বিশ্ব বিশ্ববিদ্যালয় গেমছৰ মুকলি অনুষ্ঠানৰ সময়ত টাইকোৱাণ্ডো খেলুৱৈ শ্বানাজ পাৰবীন
 
উল্লেখ্য যে, স্কুলৰ টাইকোৱানডো প্ৰতিযোগিতাত শ্বানাজ পাৰবীনৰ এই খেলবিধৰ প্ৰতি আগ্ৰহ জগাই তুলিছিল। তাৰ পিছৰ পৰা তেওঁ আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই।
 
“মই দিনটোত ১০ ঘণ্টাকৈ প্ৰশিক্ষণ লৈছিলো, আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত কেইবাটাও বঁটা লাভ কৰিছো,” তেওঁ কয়। আত্মীয়-কুটম্বৰ পৰা আৰম্ভ কৰি বন্ধু-বান্ধৱী সকলোৱে তেওঁক ত্যাগ কৰাৰ সময়ত শ্বানাজৰ একমাত্ৰ সাৰথি হৈ আছিল তেওঁৰ মাক। প্ৰশিক্ষণৰ বাবে শ্বানাজৰ সৈতে মাক কাৰ্গিললৈও গৈছিল। লাডাখৰ প্ৰত্যাহ্বানজনক বতৰ আৰু সীমিত আৰ্থিক সম্পদক সাহস কৰি খেলুৱৈগৰাকীয়ে এতিয়া যি পৰ্যায়ত উপনীত হৈছে, তাৰ আঁৰত আছে শ্বানাজৰ মাতৃৰ অশেষ কষ্ট আৰু ত্যাগ। 
 
শ্বানাজ পাৰবীন হৈছে চীনত অনুষ্ঠিত বিশ্ব বিশ্ববিদ্যালয় গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা লাডাখৰ প্ৰথমগৰাকী মহিলা
 
উল্লেখ্য যে, শ্বানাজ পাৰবীনে চীনত অনুষ্ঠিত বিশ্ব বিশ্ববিদ্যালয় গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা লাডাখৰ প্ৰথমগৰাকী মহিলা হিচাপেও পৰিগণিত হৈছে। ইয়াৰ উপৰিও টাইকোৱানডোত ব্লেক বেল্ট হিচাপে তেওঁ স্কুলত ছোৱালীক আত্মৰক্ষাৰ প্ৰশিক্ষণ দিয়ে।
পাৰবীনে প্ৰথম বছৰবোৰ মহম্মদ আলীৰ তত্ত্বাৱধানত কটায় যদিও পিছলৈ জম্মুলৈ স্থানান্তৰিত হয় আৰু অতুল পাংগোত্ৰাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰে। 
 
ইফালে, লাডাখ অঞ্চলত নিজৰ উপস্থিতি বৃদ্ধিৰ বাবে কৌশলগত পদক্ষেপ হিচাপে টিচিআই মেক্স চিমেণ্টে আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো খেলুৱৈ শ্বাহনাজ পাৰবীনক শেহতীয়াকৈ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। 
 
টাইকোৱানডো খেলি থকা অৱস্থাত শ্বাহনাজ পাৰবীন
 
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱানডোত অসাধাৰণ কৃতিত্বৰ বাবে পৰিচিত শ্বাহনাজ পাৰবীনে লাডাখত টিচিআই মেক্স চিমেণ্টৰ ব্ৰেণ্ডলৈ এক গতিশীলতা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। ব্ৰেণ্ড এম্বেছাদৰ হিচাপে তেওঁৰ নিযুক্তিয়ে চিমেণ্ট কোম্পানীটোৰ স্থানীয় জনসাধাৰণৰ সৈতে সংযোগ স্থাপন আৰু অঞ্চলটোৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰাৰ লক্ষ্যক প্ৰতিফলিত কৰে।