আইপিএল ২০২৪: Orange Capৰ অধিকাৰী হ'ল অসম সন্তান ৰিয়ান পৰাগ

Story by  atv | Posted by  [email protected] • 1 Months ago
Orange Capৰ অধিকাৰী হ'ল অসম সন্তান ৰিয়ান পৰাগIPL
Orange Capৰ অধিকাৰী হ'ল অসম সন্তান ৰিয়ান পৰাগIPL

মুম্বাই

আইপিএলত অসম সন্তান ৰিয়ান পৰাগৰ দপদপনি অব্যাহত আছে। চলিত আইপিএত ক্ৰমাগত তৃতীয়খন মেচত তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ মেচ উইনিং ইনিংছ খেলি ক্ৰিকেট মহলৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। 

শক্তিশালী মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে যোৱা নিশা আন এক দুৰ্দান্ত ইনিংছেৰে ৰিয়ানে ৫৪ ৰানত অপৰাজিত হৈ ৰয়। ১২৬ ৰানৰ লক্ষ্যৰ পিছ লৈ খেলা ৰাজস্থান ৰয়েলছে ৪৮ৰানৰ ভিতৰতে ৩টাকৈ মূল্যৱান উইকেট হেৰুৱাই এটা সময়ত বিপদত পৰিছিল যদিও ৰিয়ানে ধৈৰ্য আৰু সংযমেৰে খেলি দলটোক বিপদৰ পৰা উদ্ধাৰ কৰাই নহয়, মেচখনত জয়ৰ সোৱাদ দিবলৈও সক্ষম হয়। 

৩৯ বলত ৫৪ ৰান সংগ্ৰহ কৰা ৰিয়ানে ৫টা বাউণ্ডেৰী আৰু ৩টা ছিক্সাৰৰ সহায়ত মেচ উইনিং ইনিংছটো সজায়। ইয়াৰ পূৰ্বে প্ৰতিভাৱান অলৰাউণ্ডাৰজনে লক্ষ্ণৌৰ বিৰুদ্ধে ৪৩ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলি ৰাজস্থানৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অসম সন্তানৰ প্ৰকৃত প্ৰতিভা উদ্ভাসিত হয়। 

দিল্লীৰ বলিং আক্ৰমণক এফালৰ পৰা তচনচ কৰি তেওঁ ৪৫টা বলত ৮৪ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। ক্ৰমাগত তিনিখন মেচত এই চমকপ্ৰদ প্ৰদৰ্শনৰ সহায়ত ৰিয়ান পৰাগ এতিয়া আইপিএল-২৪ৰ অৰেঞ্জ কেপৰ অধিকাৰী হৈছে। তেওঁ বিৰাট কোহলিক চেৰ পেলাই এই সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। দুয়োগৰাকী তাৰকাৰ বৰ্তমানৰ ৰানসংখ্যা ১৮১ যদিও উন্নত ষ্ট্ৰাইক ৰেটৰ সুবাদত ৰিয়ানৰ মূৰত জিলিকিছে অৰেঞ্জ কেপ।