বাহিৰ হ’ল ৰোহিত শৰ্মা; অষ্ট্ৰেলিয়া শৃংখলাত কোন হ’ব অধিনায়ক ?

Story by  atv | Posted by  [email protected] • 7 Months ago
ৰোহিত শৰ্মা
ৰোহিত শৰ্মা
 
নতুন দিল্লী
 
নিজ দেশতে নিউজীলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ক্লীন ছুইপেৰে পৰাস্ত হোৱাৰ পিছত এতিয়া ভাৰতীয় দলটো অষ্ট্ৰেলিয়া ভ্ৰমণলৈ সাজু হৈছে। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ৫খনীয়া খেলৰ টেষ্ট শৃংখলা অনুষ্ঠিত হ’ব। কিন্তু ইয়াৰ পূৰ্বে ভাৰতীয় দলৰ বাবে এটা বেয়া খবৰ আছে।
 
এই শৃংখলাৰ প্ৰথমখন টেষ্টত খেলিব নোৱাৰিব অধিনায়ক ৰোহিত শৰ্মাই। সোমবাৰে সংবাদ মেলত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীয়ে ৰোহিতৰ অনুপস্থিতিকে ধৰি সকলো প্ৰশ্নৰ উত্তৰ দিয়ে। লগতে তেওঁ যদি ৰোহিত নাথাকে তেন্তে কোনে অধিনায়কত্ব কৰিব আৰু কোনে অ’পেনিংত দায়িত্ব ল’ব সেই বিষয়ে জনায়।
 
গম্ভীয়ে কয়, ‘ৰোহিত শৰ্মাৰ বিষয়ে এতিয়াও কোনো নিশ্চিতকৰণ হোৱা নাই। আশাকৰোঁ তেওঁ উপলব্ধ হ’ব। শৃংখলা আৰম্ভ হোৱাৰ আগতেই সকলো গম পাব।‘ প্ৰশিক্ষক গম্ভীৰে এই কথা পোনপটীয়াকৈ কোৱা নাছিল যদিও ৰোহিত যে প্ৰথম টেষ্টৰ বাহিৰত থাকিব সেয়া স্পষ্ট। তেওঁ এতিয়াও অষ্ট্ৰেলিয়া যোৱা নাই।
 
কে এল ৰাহুলৰ বিষয়েও মন্তব্য কৰে প্ৰশিক্ষক গম্ভীৰে। তেওঁ কয়, ‘কে এল ৰাহুলে অপেনিং কৰিব পাৰে। ৩ নম্বৰত বেটিং কৰিব পাৰে, ৬ নম্বৰতো বেটিং কৰিব পাৰে। এইটো এটা ভাল কথা, বহু খেলুৱৈয়ে এনে বিকল্প দিব নোৱাৰে।‘ এই বক্তব্যৰ পৰা আমি বুজিব পাৰোঁ যে ৰাহুলে প্ৰথম টেষ্টত ৫ নম্বৰত আহিব পাৰে। আনহাতে প্ৰশিক্ষকে যশস্বী জয়ছোৱালক অপেনিঙত আঁতৰাব নিবিচাৰিব। অভিমন্যুক তেওঁৰ লগত পঠিওৱাৰ সম্ভাৱনা আছে।
 
প্ৰথম টেষ্টৰ বাবে ভাৰতৰ সম্ভাৱ্য মূল একাদশ হ'ল ক্ৰমে যশস্বী জয়ছোৱাল, অভিমন্যু ইশ্বৰণ, শুভমন গীল, বিৰাট কোহলী, কে এল ৰাহুল/চৰফৰাজ খান, ঋষভ পন্ট (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা, ৰবিচন্দ্ৰন অশ্বিন, যশপ্ৰীত বুমৰাহ (অধিনায়ক), মহম্মদ চিৰাজ আৰু হৰ্ষিত ৰাণা।


শেহতীয়া খবৰ