৭-অৰ্ধশতকৰ বিশ্ব অভিলেখ ব্যৰ্থ; ৰিয়ান পৰাগ পুনৰ উপেক্ষিত হ'ল টিম ইণ্ডিয়াৰ বাছনিত

Story by  atv | Posted by   Imtiaz Ahmed • 8 Months ago
ৰিয়ান পৰাগ; সূৰ্যকুমাৰ যাদৱ (সোঁফালে)
ৰিয়ান পৰাগ; সূৰ্যকুমাৰ যাদৱ (সোঁফালে)
গুৱাহাটি / নতুন দিল্লী

অসমৰ ক্ৰিকেট অনুৰাগীসকলৰ মাজত ৰিয়ান পৰাগে টিম ইণ্ডিয়ালৈ নিৰ্বাচিত হুৱাৰ সম্ভাৱনা সন্দৰ্ভত বহু জল্পনা-কল্পনা আৰু প্ৰত্যাশাৰ অন্ত পেলাই সোমবাৰে বিচিচিআইয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ বাবে অসমৰ যুৱ প্ৰতিভাগৰাকীৰ নাম অবিহনে এটা নতুন ৰূপৰ ১৫জনীয়া ভাৰতীয় দল ঘোষণা কৰে। ২৩ নৱেম্বৰৰ পৰা ভাইজাগত আৰম্ভ হ’বলগীয়া পাঁচখন খেলৰ শৃংখলাৰ অধিনায়ক হিচাপে সূৰ্যকুমাৰ যাদৱক নিযুক্তি দিয়ে।

শেহতীয়াকৈ ভাৰতীয় টি-২০ দলটোক নেতৃত্ব দিয়া হাৰ্দিক পাণ্ডিয়াই বিশ্বকাপ ২০২৩ৰ অভিযানত হোৱা আঘাতৰ পৰা এতিয়াও সুস্থ হৈ উঠা নাই আৰু ইয়াৰ ফলত মুম্বাইৰ বেটছমেনগৰাকীয়ে অধিনায়কৰ দায়িত্ব লোৱাৰ দুৱাৰ মুকলি হৈছে। ভাৰতীয় দলৰ অধিনায়ক হিচাপে এয়া  হ’ব সূৰ্যকুমাৰৰ প্ৰথমবাৰ। টি-২০ত আই চি চিৰ ১ নং বেটছমেনগৰাকীয়ে আই পি এল ২০২৩ ছিজনত অধিনায়কত্বৰ টুপী পিন্ধিছিল।

যোৱা এটা বছৰত ঘৰুৱা চাৰ্কিটত প্ৰচণ্ড ফৰ্মত থকাৰ লগতে টি-২০ৰ প্ৰতিভাৱান অলৰাউণ্ডাৰসকলৰ ভিতৰত অন্যতম হোৱাৰ বাবে ক্ৰিকেট অনুৰাগীৰ লগতে সংবাদ মাধ্যমেও শেহতীয়াকৈ ৰিয়ানৰ দলত নিৰ্বাচিত থকাটো বহু আশা কৰিছে। ইয়াৰ উপৰিও যিহেতু শৃংখলাখনৰ এখন মেচ গুৱাহাটীত অনুষ্ঠিত হ’ব, অসম অনুৰাগীসকল এইবাৰ ৰিয়ান দলত থাকিব বুলি নিশ্চিত হৈ আছিল।

এক অসাধাৰণ দেওধৰ ট্ৰফী অভিযানৰ উপৰিও অসমৰ অধিনায়ক ৰিয়ানে শেহতীয়াকৈ চৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ প্ৰতিযোগিতাত একেৰাহে সাতটা অৰ্ধশতক অৰ্জন কৰি বিশ্ব অভিলেখ গঢ়িছিল। এই কৃতিত্ব তেওঁৰ ভাৰতীয় দলত প্ৰৱেশৰ বাবে টিকট বুলি ধৰা হৈছিল।

ভাৰতৰ ১৯ বছৰ অনুৰ্ধৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ৰিয়ানে সাতটা অৰ্ধশতক অৰ্জন কৰি পূৰ্বৰ একেৰাহে পাঁচটাকৈ অৰ্ধশতকৰ বীৰেন্দ্ৰ চেহৱাগ (ভাৰত), হেমিল্টন মাছাকাড্জা (জিম্বাবুৱে), কাম্ৰাণ আকমাল (পাকিস্তান), জোছ বাটলাৰ (ইংলেণ্ড), ডেভন কনৱে (নিউজিলেণ্ড) আৰু ৱেইন মেডচেনৰ (দক্ষিণ আফ্ৰিকা) অভিলেখ ভংগ কৰে।

কেৱল ৰিয়ানই নহয়, সঞ্জু চেমছন, যি ভাল ফৰ্মত আছে, বাছনিৰ বাবে বিবেচনা কৰা নহ'ল। 

ভাৰতে চলিত বৰ্ষৰ আৰম্ভণিতে আয়াৰলেণ্ড ভ্ৰমণত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰা যুৱ বাওঁহাতীয়া খেলুৱৈ ৰিংকু সিঙকো মাতি আনিছে দললৈ। তিলক বৰ্মা আৰু যশস্বী জয়ছোৱালও ভাৰতীয় দললৈ উভতি আহিছে।

ভাৰতৰ বিশ্বকাপ ২০২৩ দলত থকা শ্ৰেয়াছ আয়েৰে অন্তিম দুখন খেলৰ বাবে দলত যোগদান কৰিব আৰু বাকী মেচসমূহত উপ অধিনায়ক হিচাপে দলটোত থাকিব। প্ৰথম তিনিখন টি-২০ত ৰুতুৰাজ গাইকৱাদে সূৰ্য্যকুমাৰৰ উপ অধিনায়ক হিচাপে থাকিব।

অহা বছৰ ৱেষ্ট ইণ্ডিজ আৰু ইউনাইটেড ষ্টেটছ অৱ আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ প্ৰস্তুতিৰ আৰম্ভণি হ’ব এই টি-২০ শৃংখলা।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন টি-২০ আই ২৩ নৱেম্বৰ বৃহস্পতিবাৰে বিশাখাপট্টনমৰ ড° ৰাজশেখৰা ৰেড্ডী এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। তিৰুৱনন্তপুৰম, গুৱাহাটী, নাগপুৰ আৰু হায়দৰাবাদত ক্ৰমে ২৬ আৰু ২৮ নৱেম্বৰ, ১ আৰু ৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব শৃংখলাৰ বাকী খেলবোৰ।

ভাৰতীয় দল: সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), ৰুতুৰাজ গাইকৱাদ (উপ অধিনায়ক), ঈশান কিষাণ, যশস্বী জয়ছোৱাল, তিলক বৰ্মা, ৰিংকু সিং, জিতেশ শৰ্মা (উইকেটকিপাৰ), ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, শিৱম ডুবে, ৰবি বিষ্ণোই, আৰ্ষদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, আৱেশ খান, মুকেশ কুমাৰ, শ্ৰেয়াছ আয়েৰ (শেষৰ দুখন টি-২০ৰ বাবে দলত যোগদান কৰিব)