টি-২০ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা টীম ইণ্ডিয়া

Story by  atv | Posted by  [email protected] • 1 Years ago
টি-২০ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে টীম ইণ্ডিয়া
টি-২০ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে টীম ইণ্ডিয়া

মুম্বাই

আগন্তুক টি-২০ বিশ্বকাপৰ বাবে বুধবাৰে নিশা ভাৰতীয় ক্ৰিকেট দলটো অষ্ট্ৰেলিয়ালৈ ৰাওনা হয়। ২২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এইবাৰৰ টি-২০ বিশ্বকাপ। ২৩ অক্টোবৰত প্ৰথমখন খেলত ভাৰতে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে খেলিব।

ৰোহিত শৰ্মা, বিৰাট কোহলি, সূৰ্যকুমাৰ যাদৱ, অৰ্শ্বদ্বীপ সিঙে বুধবাৰে নিশা মুম্বাইৰ পৰা অষ্ট্ৰেলিয়া অভিমুখে বিমানত উঠাৰ ফটো ছ’চিয়েল মিডিয়াতশ্বেয়াৰ কৰিছে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে সমগ্ৰ দলটোৰ ছবি পোষ্ট কৰে।

অষ্ট্ৰেলিয়াৰ পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই বিশ্বকাপ আৰম্ভ হোৱাৰ দুসপ্তাহ পূৰ্বেই কেংগেৰুৰ দেশলৈ ৰাওনা হৈছে। ইফালে, ভাৰতীয় দলটোৰ বহুকেইজন খেলুৱৈৰ অষ্ট্ৰেলিয়াত খেলাৰ অভিজ্ঞতা নাই। সেইবাবেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দলটোক আগতীয়াকৈ অষ্ট্ৰেলিয়ালৈ পঠিওৱাৰ সিদ্ধান্ত লৈছে। ভাৰতে বিশ্বকাপৰ পূৰ্বে দুখন প্ৰস্তুতি মেচো খেলিব।

উল্লেখ্য যে, ভাৰতীয় দলটোৱে ১৩ অক্টোবৰলৈ পাৰ্থত অনুশীলন কৰাৰ কথা আছে। তাত পশ্চিম অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচ খেলিব কোহলীয়ে। ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ উদ্যোগত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই খেলৰ ব্যৱস্থা কৰিছে।

ইয়াৰ পিছত ৰোহিত যাব ব্রিজবেনলৈ৷ তাত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে দুখন ৱাৰ্ম আপ মেচ খেলিব। আই চি চিয়ে এই দুখন মেচৰ ব্যৱস্থা কৰিছে। বিশ্বকাপত অংশগ্ৰহণ কৰা সকলো দলৰ বাবে আইচিচিয়ে দুখন ৱাৰ্ম আপ মেচৰ ব্যৱস্থা কৰিছে।

ষ্টেণ্ড বাই খেলুৱৈকে ধৰি ভাৰতৰ বিশ্বকাপ দলত থকা মুঠ পাঁচজন ক্ৰিকেটাৰৰ অষ্ট্ৰেলিয়াত খেলাৰ অভিজ্ঞতা নাই। ২০০৯ চনত ভাৰতীয় ১৯ বছৰ অনূৰ্ধ্ব দলৰ হৈ এবাৰ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল সূৰ্য্যকুমাৰ যাদৱ আৰু হৰ্ষল পেটেলে। ২০১৩ চনত ১৯ বছৰ অনুৰ্ধ দলৰ হৈ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল অৰ্শ্বদ্বীপ সিং আৰু দীপক হুদাই। ৰবি বিষ্ণোই কেতিয়াও অষ্ট্ৰেলিয়ালৈ যোৱা নাই। ফলত তেওঁলোকৰ বাবে এই প্ৰস্তুতি শিবিৰ আৰু মেচবোৰ অতি গুৰুত্বপূৰ্ণ।

টি-২০ বিশ্বকাপৰ ২য় গ্ৰুপত ভাৰত আছে পাকিস্তান, বাংলাদেশ, দক্ষিণ আফ্ৰিকা আৰু কোৱালিফিকেচন ৰাউণ্ডৰ পৰা ওলাই অহা দুটা দলৰ সৈতে। ২৩ অক্টোবৰত মেলবৰ্ণত পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন খেলৰ পিছত ভাৰতৰ বাকী খেলসমূহ ২৭ অক্টোবৰ(কোৱালিফায়াৰ, ছিডনী), ৩০ অক্টোবৰ (দক্ষিণ আফ্ৰিকা, পাৰ্থ), ২ নৱেম্বৰ (বাংলাদেশ, এডিলেইড), ৬ নৱেম্বৰ (কোলিফায়াৰ, মেলবৰ্ণ)।