টেনিছ কিংবদন্তী ৰাফেল নাডালৰ অৱসৰ গ্ৰহণ

Story by  atv | Posted by  Munni Begum • 17 d ago
টেনিছ কিংবদন্তী ৰাফেল নাডাল
টেনিছ কিংবদন্তী ৰাফেল নাডাল
 
মালাগা
 
টেনিছ কৰ্টত আৰু দেখিবলৈ পোৱা নাযাব স্পেনিছ কিংবদন্তী ৰাফেল নাডালক। স্পেইনৰ মালাগাত অনুষ্ঠিত ডেভিছ কাপত মঙলবাৰে নিশা তেওঁ পেছাদাৰী টেনিছ কেৰিয়াৰৰ অন্তিমখন মেচ খেলে। তেওঁৰ অৱসৰৰ লগে লগে বিশ্ব টেনিছত এটা বৰ্ণিল যুগৰ অন্ত পৰিল। 
 
দীঘলীয়া কেৰিয়াৰ সামৰাৰ পূৰ্বে ৩৮ বছৰীয়া নাডালে ২২টা গ্ৰেণ্ড শ্লেম ছিংগলছ খিতাপ আৰু আন বহুতো ঈৰ্ষণীয় সাফল্যৰে বিশ্ব টেনিছক সমৃদ্ধ কৰি থৈ গৈছে। মাৰ্টিন কাৰ্পেনা এৰিনাত কেৰিয়াৰৰ অন্তিমখন মেচ খেলি নাডালে ১০ হাজাৰৰো অধিক অনুৰাগীৰ সন্মুখত আৱেগিক হৈ পৰে। ডেভিছ কাপৰ কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ হৈ অংশগ্ৰহণ কৰা নাডালে নেদাৰলেণ্ডৰ বিৰুদ্ধে পৰাজিত হয়৷ নাডালে বোটিক ভান ডি জেণ্ডচুলপৰ বিৰুদ্ধে ৪-৬, ৪-৬ ৰ ব্যৱধানত পোনপটীয়া ছেটত পৰাজিত হয়। 
১৪ বাৰৰ ফ্ৰেন্স অপেন খিতাপ বিজয়ী টেনিছ খেলুৱৈগৰাকীক বিশ্বৰ ৮০ তম স্থানৰ ডাচ্চ খেলুৱৈগৰাকীয়ে একক শাখাত পোনপটীয়া ছেটত পৰাস্ত কৰে। এই খেলৰ পূৰ্বে নাডালে নিজৰ কেৰিয়াৰত মাত্ৰ দুবাৰ বোটিক ভান ডি জেণ্ডচুলপৰ মুখামুখি হৈছিল আৰু এটাও ছেট নেহেৰুৱাকৈ দুয়োখন মেচতে জয়লাভ কৰিছিল। মালাগাত ঘৰুৱা দৰ্শকৰ সন্মুখত খেলি নাডালে জয়ৰ বাবে যথাসাধ্য চেষ্টা কৰিছিল৷ প্ৰথম ছেটটো হেৰুৱাই খেলুৱৈগৰাকীয়ে প্ৰত্যাৱৰ্তন কৰিবলৈ কঠিন যুঁজ দিছিল৷ কিন্তু ডাচ্চ খেলুৱৈগৰাকীয়ে নাডালক উভতি ধৰি মেচখনত শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷
 
প্ৰথমটো ছেটত নাডালে ডাচ্চ প্ৰতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে কঠিন যুঁজত উপনীত হৈছিল৷ কিন্তু শেষত ২৯ বছৰীয়া খেলুৱৈগৰাকীয়ে অগ্ৰগতি লাভ কৰি ৬-৪ ৰ ব্যৱধানত ছেটটো হস্তগত কৰে৷ অৱশ্যে দ্বিতীয় ছেটটোত ডাচ্চসকলে আৰম্ভণিৰ পৰাই আধিপত্য বিস্তাৰ কৰিছিল। নাডালে ছেটটোত প্ৰত্যাৱৰ্তন ঘটাবলৈ যথেষ্ট চেষ্টা কৰাৰ পিছত ৩-৪ ত আগবাঢ়ে৷ অৱশ্যে, বোটিকে নাডালক কোনোধৰণৰ সুযোগ নিদি দ্বিতীয় ছেটটো ৬-৪ ব্যৱধানত দখল কৰি মেচখনত জয়লাভ কৰে৷   
 
পেছাদাৰী টেনিছ কেৰিয়াৰৰ অন্তিমখন খেলৰ পূৰ্বে কিংবদন্তি খেলুৱৈগৰাকীক অতি আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছিল। খেল আৰম্ভ হোৱাৰ পূৰ্বে নাডালে ৰাষ্ট্ৰীয় সংগীত বজোৱাৰ লগে লগে ভাগি পৰে কান্দোনত৷ এই বিশেষ মুহূৰ্তৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। অৱশ্যে, নাডালে অন্তিমখন মেচ জিকি অনুৰাগীসকলক সুখী কৰিব নোৱাৰিলে। কিন্তু টেনিছত খেলুৱৈগৰাকীয়ে অৰ্জন কৰা সাফল্যৰ বাবেই অনুৰাগীয়ে সদায়ে তেওঁক স্মৰণ কৰিব৷ 
২২ বাৰৰ গ্ৰেণ্ড শ্লেম বিজয়ী ৰাফেল নাডালে মালাগাত অৱসৰৰ সময়ত অনুৰাগীসকলক উদ্দেশ্যি কয়, "মই এই মানসিক শান্তিৰ সৈতে এৰি আছো যে, মই এনে এক উত্তৰাধিকাৰ এৰিছো যিটো মই সঁচাকৈয়ে অনুভৱ কৰো যে কেৱল খেলৰ সৈতে সম্পৰ্কিত নহয়, বৰং ই ব্যক্তিগত।" 
 
নাডালে লগতে কয়, "অৱসৰৰ পূৰ্বে মই টেনিছ বিশ্বক কিবা এটা দিব পাৰিছো, এটা উত্তৰাধিকাৰ এৰি থৈ যাব পাৰিছো। সেয়ে, এতিয়া মই শান্তিৰে জীয়াই থাকিব পাৰিম। মই কেৱল ক্ৰীড়া ক্ষেত্ৰতে নহয় ব্যক্তিগত জীৱনটো এক উত্তৰাধিকাৰ এৰি থৈ যাব বিচাৰো। দীঘলীয়া কেৰিয়াত আপোনালোকৰ পৰা লাভ কৰা মৰম-আশীৰ্বাদে মোক জীয়াই থকাত সদায় অনুপ্ৰেৰিত কৰিব। মোৰ শিৰত অসংখ্য খিতাপ আছে, কিন্তু মই এজন ভাল মানুহ হিচাপে সমাজত জীয়াই থাকিব বিচাৰো। মই সপোনত ভবাতকৈও অধিক সাফল্য লাভ কৰিবলৈ সক্ষম হৈছো। তাৰ বাবে নেদেখাজনৰ ওচৰত কৃতজ্ঞতা জনাইছো।"  
এয়া নাডালৰ ডেভিছ কাপৰ একক শাখাত দ্বিতীয়টো পৰাজয় আছিল। প্ৰতিযোগিতাখনত এতিয়ালৈকে খেলা ৩০ খন খেলৰ ভিতৰত নাডালে একক শাখাৰ ২৮ খন মেচত জয়লাভ কৰিছে। মঙলবাৰে অনুষ্ঠিত মেচখনত হোৱা পৰাজয়ৰ আগতে নাডালে ২০০৪ চনত চেক গণৰাজ্যৰ জিৰি নোভাকৰ হাতত পৰাজিত হৈছিল। তাৰ পিছত নাডালে একেৰাহে ২৯ খন মেচ জিকিছিল আৰু যিকোনো খেলুৱৈৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ জয়ৰ শতাংশ (নিম্নতম ১৫ খন মেচ) ৰ অভিলেখ অৰ্জন কৰিছিল৷ 
 
ডেভিছ কাপৰ পূৰ্বে নাডালে পেৰিছ অলিম্পিক ২০২৪ ত স্পেইনৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ ২০২৪ চনৰ অক্টোবৰ মাহত টেনিছ কিংবদন্তীগৰাকীয়ে পেছাদাৰী টেনিছৰ পৰা অৱসৰ ঘোষণা কৰি ডেভিছ কাপ তেওঁৰ কেৰিয়াৰৰ অন্তিম শৃংখলা হ’ব বুলি ঘোষণা কৰিছিল৷