নতুন দিল্লী
বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দেশৰ হৈ খেলি ব্ৰঞ্জৰ পদক লাভ কৰি পাৰদৰ্শিতাৰ প্ৰমাণ দাঙি ধৰিছে নিজামাবাদৰ তাৰকা বক্সাৰ মহম্মদ হুছামুদ্দিনে। মৰ্যদাপূৰ্ণ প্ৰতিযোগিতাখনত পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা ২৯ বছৰীয়া বক্সাৰজনে কবৰস্থানত বক্সিঙৰ আদিপাঠ গ্ৰহণ কৰিছিল।
উল্লেখ্য যে, খেলৰ পৰিৱেশ থকা এটা পৰিয়ালত জন্ম পাইছিল বক্সাৰ হুছামুদ্দিন। তেওঁৰ পিতৃ মহম্মদ ছামছামুদ্দিন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ আছিল। তদুপৰি, তেওঁৰ আন তিনিজন ভাতৃও বক্সাৰ। প্ৰথম অৱস্থাত হুছামুদ্দিনে বক্সিঙৰ গ্ল’ভছ পিন্ধিবলৈ ভয় কৰিছিল, যদিও বক্সিং প্ৰশিক্ষক পিতৃ ছামছামুদ্দিনে তেওঁৰ মনৰ পৰা সেই ভয় দূৰ কৰে।
“মোৰ দেউতাই আগতে এখন হোটেল চলাইছিল আৰু হোটেলৰ কাম শেষ কৰি তেওঁ ল’ৰা-ছোৱালীক প্ৰশিক্ষণ দিছিল। তেতিয়া ওচৰতে এটা কবৰস্থান আছিল, আৰু তাত তেওঁ আমাক বক্সিঙৰ আদিপাঠ শিকাইছিল। প্ৰথম অৱস্থাত বক্সিঙৰ প্ৰতি মোৰ বৰ ভয় আছিল। মই খেলবিধ ভাল পোৱা নাছিলো, কাৰণ মই ভাবিছিলো যে ইয়াত মাৰ-ধৰ (brawl)কৰিব লাগে। কিন্তু দেউতাই দেখুৱাই দিলে যে বক্সিং বাহুবল প্ৰদৰ্শনৰ খেল নহয়, কৌশল প্ৰদৰ্শনৰহে খেল। মই যিমানেই কথাবোৰ শিকিবলৈ আৰম্ভ কৰিলোঁ, সিমানেই খেলবিধৰ প্ৰতি মোৰ অনুৰাগ বাঢ়ি আহিল,’ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক মত বিনিময়ত হুছামুদ্দিনে এইদৰে কয়।
“মই বৰ দুষ্ট ল’ৰা আছিলোঁ। সেইবাবেই দেউতাই মোক সৰুতে জিমনাষ্টিক চেণ্টাৰত নামভৰ্তি কৰি দিছিল, মূলতঃ তেওঁ মোৰ ফিটনেছ উন্নত কৰিব বিচাৰিছিল। মই খেলবিধ ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ আৰু ইয়াতো যথেষ্ট ভাল আছিলো। কিন্তু তাৰ পিছত যেতিয়া সময় আহিল, তেতিয়া দেউতাই নিশ্চিত কৰিলে যে মই বক্সিংত কেৰিয়াৰ গঢ়িব লাগে আৰু বক্সিঙত অধিক সময় দিয়া উচিত,’ হুছামুদ্দিনে কয়।
উল্লেখ্য যে, ২০১২ চনত তেওঁ ছিকেণ্ডৰাবাদৰ আৰ্মি স্প’ৰ্টছ ইনষ্টিটিউট (এ এছ আই)লৈ নিৰ্বাচিত হয়। “বক্সিঙত আগবাঢ়ি যাবলৈ প্ৰয়োজনীয় খৰচ আৰ্মি স্প'ৰ্টছ ইনষ্টিটিউটে বহন কৰিছিল।”
হুছামুদ্দিনে কেৰিয়াৰৰ প্ৰথমখন বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত আঁঠুৰ আঘাতৰ সন্মুখীন হৈছিল। আঘাতৰ বাবে তেওঁ কিউবাৰ ছাইডেল হৰ্টাৰ বিৰুদ্ধে যুঁজ দিব পৰা নাছিল। হুছামুদ্দিনে কয়, "প্ৰতিযোগিতাৰ সময়ত মই ভাল ফৰ্মত আছিলো আৰু সোণ অথবা ৰূপ জয় কৰিম বুলি আত্মবিশ্বাসী আছিলো। কিন্তু আঘাতৰ বাবে সেয়া সম্ভৱ নহ'ল। ছেমি ফাইনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰি মই সোণ বা ৰূপৰ পদক হেৰুৱাবলগীয়া হয়। মোৰ বাবে এয়া এক অনুশোচনাৰ কথা।"