ৰাঁচী
টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আঁঠুৰ সমস্যা দূৰ কৰিবলৈ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লৈছে। মাত্ৰ ৪০ টকা ব্যয় কৰি তেওঁ আয়ুৰ্বেদিক চিকিৎসা লাভ কৰিছে বুলি বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এক বাতৰি প্ৰকাশ পাইছে।
উল্লেখ্য যে, বিস্ফোৰক বেটছমেনগৰাকীয়ে কেইবামাহো ধৰি আঁঠুৰ বিষত ভুগি আছে আৰু বিভিন্ন বিকল্প চিকিৎসাৰ সন্ধান কৰি আছিল।
'দৈনিক ভাস্কৰ' কাকতত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে ৰাঁচীৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত লাপুঙৰ ঘন বনাঞ্চল অঞ্চলত বাস কৰা আয়ুৰ্বেদিক চিকিৎসক বন্দন সিং খেৰভাৰে এম এছ ধোনীৰ চিকিৎসাৰ তদাৰক কৰি আছে। আয়ুৰ্বেদিক চিকিৎসকগৰাকীৰ চিকিৎসাই ধোনীৰ পিতৃ-মাতৃৰ ক্ষেত্ৰত ইতিবাচক ফল দেখুওৱাৰ বাবে ক্ৰিকেটাৰগৰাকীয়ে ৰাঁচীৰ এখন আশ্ৰমত আঁঠুৰ চিকিৎসা কৰাৰ সিদ্ধান্ত লয়।
চিকিৎসকৰ মতে, মহেন্দ্ৰ সিং ধোনীয়ে কেলচিয়ামৰ অভাৱত আঁঠুৰ বিষত ভুগিছে। বন্দন সিং খেৰভাৰে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ ক্ৰিকেটাৰগৰাকীৰ পৰা পৰামৰ্শ মাচুল হিচাপে ২০ টকা লয় আৰু ২০ টকাৰ ঔষধ প্ৰেছক্ৰিপচন কৰে।
ভাৰতৰ সবাতোকৈ সফল অধিনায়কগৰাকীয়ে চাৰিদিনমানৰ মূৰে মূৰে আশ্ৰমলৈ আহি আছে। এমাহৰ পৰা তেওঁ আয়ুৰ্বেদিক চিকিৎসকগৰাকীক দেখা কৰি আছে। বন্দন সিং খেৰভাৰে কয় যে তেওঁ ধোনীৰ মাক-দেউতাককো চিকিৎসা কৰিছিল আৰু যোৱা তিনিমাহৰ পৰা তেওঁলোকে আয়ুৰ্বেদিক ঔষধ সেৱন কৰি আছে।
উল্লেখ্য যে, মহেন্দ্ৰ সিং ধোনীৰ উপস্থিতিৰ উমান লাভ কৰি অঞ্চলটোত যথেষ্টসংখ্যক লোকৰ সমাগম হয়। হুলস্থুল সৃষ্টি নহ'বৰ বাবে তাৰকাগৰাকীয়ে নিজৰ গাড়ীৰ ভিতৰত থাকিয়ে চিকিৎসা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
FEATURED VIDEOS
Haj on foot
Sarjik Alam
Guru meeting
Azimullah Sheikh donates land for crematorium
Referee Jehrul Islam
Sakil Jamal shines
Bandiya - where women offer namaz with men
Birkuchi naamghar
Farhan