নতুন দিল্লী
অৱশেষত নাটকৰ অন্ত পৰিল পাকিস্তানৰ। এইবাৰ পাকিস্তান সাজু হৈছে ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ লীগ পৰ্যায়ৰ মেচ খেলিবলৈ। ১৫ ফেব্ৰুৱাৰীত কলম্বোত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ মেচ বয়কটৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা পাকিস্তান ক্ৰিকেট বৰ্ডৰ।
৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে টি-২০ বিশ্বকাপ। কিন্তু মেগা ইভেণ্টখনৰ আৰম্ভণিৰ পূৰ্বৰে পৰা এইপৰ্যন্ত বিতৰ্ক অব্যাহত আছে। এই বিতৰ্কৰ মূল কেন্দ্ৰবিন্দু হৈছে পাকিস্তান। ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰা এই বিশ্বকাপত প্ৰথমতে সুৰক্ষাজনিত কাৰণত বাংলাদেশ ক্ৰিকেট বৰ্ডে নিজৰ খেলসমূহ ভাৰতৰ পৰিৱৰ্তে অন্য স্থানলৈ স্থানান্তৰ কৰিবলৈ ICCক অনুৰোধ জনাইছিল। কিন্তু ICCয়ে বাংলাদেশ ক্ৰিকেট বৰ্ডৰ এই অনুৰোধ নস্যাত কৰে।
ICCএ অনুৰোধ প্ৰত্যাখ্যান কৰাৰ পাছতেই বাংলাদেশে বিশ্বকাপ বৰ্জন কৰাৰ হুংকাৰ দিছিল। তাৰ পাছতেই ICCয়ে বাংলাদেশক টি-২০ বিশ্বকাপৰ পৰা বহিষ্কাৰ কৰে। বাংলাদেশক বহিষ্কাৰ কৰি বাংলাদেশৰ পৰিৱৰ্তে স্কটলেণ্ড দলক টি-২০ বিশ্বকাপত অন্তৰ্ভুক্ত কৰে ICCয়ে। উল্লেখ্য যে বাংলাদেশত এই সকলোবোৰ কাৰ্যত উচতনি দিয়া দলটো আছিল পাকিস্তান।
তাৰ পাছতেই আন এখন নাটক আৰম্ভ কৰিলে পাকিস্তানে। এইবাৰ পাকিস্তানে আনিলে বয়কট প্ৰসংগ। পাকিস্তান ত্ৰিকেট বৰ্ডে টুইটযোগে কয় যে, পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আগন্তুক গ্ৰুপ মেচ বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতৰ বিৰুদ্ধে গ্ৰুপ মেচ বৰ্জন কৰাৰ সিদ্ধান্তৰ পাছতেই সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি পাকিস্তানৰ অধিনায়ক ছলমান আঘাই কয় যে , "আমি বিশ্বকাপ খেলিবলৈ যাম। কিন্তু ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত আমাৰ নহয়। গতিকে আমি ইয়াৰ বাবে একো কৰিব নোৱাৰো। আমাৰ চৰকাৰ আৰু পিচিবিৰ মুৰব্বীয়ে যি ক'ব আমি তাকেই কৰিম।"
এদিন পূৰ্বে পাকিস্তানে ICCক চৰ্ত বান্ধি দিছিল যে, পাকিস্তানে বয়কট উঠাই লবলৈ সাজু। কিন্তু পাকিস্তানে ICCৰ সম্মুখত ৰাখিছিল তিনিটাকৈ চৰ্ত। পাকিস্তানৰ এই চৰ্ত তিনিটা আছিল-
১. পাকিস্তানক লাগে ICCৰ পৰা অধিক ৰাজহ
২. ভাৰতৰ সৈতে দ্বিপাক্ষিক শৃংখলা ICCক পুনৰ আৰম্ভ কৰাৰ দাবী
৩. চলিত টি-২০ বিশ্বকাপত ভাৰতীয় খেলুৱৈয়ে হাত মিলাব লাগিব পাকিস্তানী খেলুৱৈৰ সৈতে
কিন্তু খবৰ অনুসৰি ICCএ নাকচ কৰিছে পাকিস্তানৰ চৰ্ত। তাৰ পাছতো কিন্তু পাকিস্তান সাজু ভাৰতৰ বিৰুদ্ধে মেচ খেলিবলৈ। পাকিস্তান ক্ৰিকেট বৰ্ডে এক বিবৃতিযোগে কয় যে, বহু দেশৰ সৈতে হোৱা আলোচনা আৰু বন্ধুত্বপূৰ্ণ দেশৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তান চৰকাৰে পাকিস্তান ক্ৰিকেট দলটোক আগন্তুক ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ নিৰ্ধাৰিত মেচৰ বাবে খেলপথাৰত নামিবলৈ নিৰ্দেশ দিছে।