আই পি এলৰ পূৰ্বে ৰিংকু সিঙক উত্তৰ প্ৰদেশৰ আঞ্চলিক ক্ৰীড়া বিষয়া

Story by  atv | Posted by  [email protected] • 1 Months ago
ৰিংকু সিঙ
ৰিংকু সিঙ
 
নতুন দিল্লী
 
ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰতিভাৱান তাৰকা ৰিংকু সিঙৰ কান্ধত অৰ্পণ কৰা হৈছে গধুৰ দায়িত্ব। আই পি এলৰ পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰে প্ৰদান কৰিছে এই দায়িত্ব।
 
চৰকাৰে তেওঁক আঞ্চলিক ক্ৰীড়া বিষয়া চমুকৈ Regional Sports Officer হিচাপে নিযুক্তি দিছে। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী খেলুৱৈসকলক নিযুক্তি পত্ৰ আৰু পুৰস্কাৰৰ ধন বিতৰণৰ বাবে আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই কথা ঘোষণা কৰে।
 
মুখ্যমন্ত্ৰীয়ে কয় যে উত্তৰ প্ৰদেশ হৈছে দেশৰ প্ৰথমখন ৰাজ্য, যিয়ে খেলুৱৈসকলক চৰকাৰী চাকৰিত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। বৰ্তমানলৈকে প্ৰায় ৫০০ৰো অধিক খেলুৱৈক আৰক্ষীৰ বিভিন্ন পদত নিযুক্তি দিয়া হৈছে।
 
ৰিংকু সিঙৰ ক্ৰিকেট আৰু এছিয়ান গেমছৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে তেওঁক এই বিশেষ সন্মান জনোৱা হৈছে। অৱশ্যে আই পি এলৰ অনুশীলন শিবিৰত ব্যস্ত থকাৰ বাবে ৰিংকু এই অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল।