আন্তঃৰাষ্ট্ৰীয় অভিষেকৰ বাবে উমা চেত্ৰী এতিয়া পৰিপক্ক আৰু অভিজ্ঞ হৈ উঠিছেঃ আশাবাদী প্ৰশিক্ষক ৰাজা ৰহমান

Story by  Mukut Sarma | Posted by  Munni Begum • 1 Months ago
উমা চেত্ৰী
উমা চেত্ৰী
 
মুকুট শৰ্মা / গুৱাহাটী
 
অসমৰ বিৰল প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক দ্বিপাক্ষিক শৃংখলাত আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱাৰ সুযোগ পাব বুলি আশা প্ৰকাশ কৰিছে তেওঁৰ প্ৰশিক্ষক ছৈয়দ ছাহিদূৰ ৰহমানে (ৰাজা ৰহমান)। শেহতীয়াকৈ ক্ৰিকেটৰ আটাইকেইটা সংস্কৰণৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা উদীয়মান উইকেটৰক্ষক গৰাকীৰ প্ৰতিভা আৰু দক্ষতাৰ ওপৰত গভীৰ আস্থা ব্যক্ত কৰি প্ৰশিক্ষক ৰাজা আহমেদে আৱাজ দ্য ভইচৰ সৈতে হোৱা এক বাৰ্তালাপত কয় যে উমা যথেষ্ট প্ৰতিভাৱান আৰু বিগত ১০ মাহত ভাৰতীয় ছিনিয়ৰ দলৰ খেলুৱৈসকলৰ সৈতে থাকি তেওঁ অধিক পৰিপক্ক হৈ উঠিছে। 
 
শুকুৰবাৰে বিচিচিআইয়ে ঘোষণা কৰা ভাৰতীয় দলত বোকাখাতৰ উমা চেত্ৰীয়ে পুনৰ স্থান লাভ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ক্ৰিকেটাৰগৰাকীৰ শৈশৱৰ প্ৰশিক্ষক ৰাজা ৰহমানে কয়,  "উমাই পুনৰ এবাৰ ভাৰতীয় দলত স্থান লাভ কৰাত মোৰ লগতে সমগ্ৰ বোকাখাতবাসী আৰু অসমবাসী ৰাইজ গৌৰৱান্বিত। ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় এদিনীয়া আৰু টি-২০ দলত স্থান পাইছিল যদিও এইবাৰ উমাক বিচিচিআই-এ টেষ্ট দলত অন্তৰ্ভুক্ত কৰাটো আমাৰ বাবে এক বৃহত্‍ সাফল্য। যোৱা এবছৰত তেওঁ কেইবাবাৰো ভাৰতীয় দলৰ সৈতে আছিল। কিন্তু খেলিব সুযোগ পোৱা নাছিল। এইবাৰ উমাই ভাৰতীয় দলৰ মূল একাদশত স্থান পাব বুলি মই দৃঢ় বিশ্বাসী। কাৰণ, উমা এতিয়া অধিক পৰিপক্ক আৰু অভিজ্ঞ হৈ উঠিছে।"  
হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অহা ১৬ জুনৰ পৰা তিনিখন এদিনীয়া, এখন টেষ্ট আৰু তিনিখন টি-২০ মেচৰ শৃংখলা খেলিব। প্ৰথমবাৰৰ বাবে ভাৰতীয় টেষ্ট দলত স্থান লাভ কৰা অসম কন্যা উমা চেত্ৰীক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াত অভিনন্দন জ্ঞাপন কৰিছে। 
 
২০২৩ৰ জুনত প্ৰথমবাৰৰ বাবে ভাৰতীয় ছিনিয়ৰ দললৈ আমন্ত্ৰণ লাভ কৰা উমাই এই সাফল্যৰ পিছতো কেইবাবাৰো প্ৰশিক্ষক ৰাজা ৰহমানৰ ওচৰত গৈ দিহা-পৰামৰ্শ গ্ৰহণ কৰিছে। উমাৰ সৈতে হোৱা কথা-বতৰাৰ প্ৰসংগ উত্থাপন কৰি প্ৰশিক্ষকগৰাকীয়ে কয়, "ভাৰতীয় দলত স্থান পোৱাৰ পিছত তেওঁ কেইবাবাৰো মোৰ ওচৰলৈ আহিছে। মই তেওঁক প্ৰায়ে উত্‍সাহিত কৰো যে ভাৰতীয় দলৰ জেষ্ঠ সতীৰ্থসকলৰ পৰা যিমান পাৰা শিকি যোৱা আৰু নিজৰ দক্ষতা দিনক দিনে বৃদ্ধি কৰি যোৱা। তোমাৰ আন্তঃৰাষ্ট্ৰীয় অভিষেকৰ বাবে বেছি দিন নাই। সেই দিনটোৰ বাবে নিজকে সাজু কৰি ৰাখা। যেতিয়াই সুযোগ লাভ কৰা, তেতিয়াই সৰ্বস্ব উজাৰি দিব লাগিব।" 
 
উল্লেখ্য যে, অসমৰ ক্ৰীড়া জগতলৈ নতুন উছাহ আৰু সম্ভাৱনাৰ জোৱাৰ কঢ়িয়াই অনা বোকাখাতৰ উমা চেত্ৰীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী ক্ৰিকেটাৰ হিচাপে গঢ়ি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰিছে ছৈয়দ ছাহিদূৰ ৰহমান (ৰাজা ৰহমান) আৰু মেহবুব আলম নামৰ দুগৰাকী প্ৰশিক্ষকে। বোকাখাতত মহিলা ক্ৰিকেটৰ চকুতলগা প্ৰসাৰৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰা প্ৰশিক্ষকদ্বয়ে উমাৰ লগতে কেইবাগৰাকীও ৰাজ্যিক পৰ্যায়ৰ মহিলা ক্ৰিকেটাৰ গঢ় দিবলৈ সক্ষম হৈছে।
 
উমা চেত্ৰীক সম্বৰ্ধনা জনোৱা এক দৃশ্য
 
"মই ২০১১ চনত প্ৰথমবাৰৰ বাবে উমাক লগ পাইছিলো। তেতিয়া বোকাখাতত প্ৰথমবাৰৰ বাবে মহিলা ক্ৰিকেটৰ আৰম্ভণি হৈছিল। মই যিখন খেলপথাৰত মহিলাসকলক প্ৰশিক্ষণ দিছিলো, তাৰ কাষতে বোকাখাত হিন্দী হাইস্কুলখন আছিল। তেতিয়া উমা সম্ভৱতঃ চতুৰ্থ শ্ৰেণীত পঢ়ি আছিল।"-প্ৰশিক্ষক ৰাজা ৰহমানে এইদৰে কয়। 
 
মনকৰিবলগীয়া যে, ক্ৰিকেটক জীৱনৰ অভিন্ন অংশ কৰি লোৱা প্ৰশিক্ষক ৰহমানে ২০১১ চনত বোকাখাত ক্ৰীড়া সন্থাৰ অধীনষ্ঠ চেলেঞ্জাৰ ক্লাবত মহিলা ক্ৰিকেটৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছিল। আজিৰ পৰা প্ৰায় ডেৰ দশক পূৰ্বে বোকাখাতৰ দৰে অঞ্চলত ছোৱালীসকলৰ বাবে ক্ৰিকেটৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰাক লৈ প্ৰশিক্ষক ৰাজা ৰহমানক সেই সময়ত বহুতে হাঁহিছিল। কিন্তু তেওঁৰ আশাশুধীয়া প্ৰচেষ্টাই আজি অভূতপূৰ্ব ফল লাভ কৰিছে আৰু গোলাঘাটবাসীক গৌৰবান্বিত কৰিছে। কাৰণ, তেওঁৰ প্ৰশিক্ষণ শিবিৰত ক্ৰিকেটৰ আদিপাঠ গ্ৰহণ কৰা উমা চেত্ৰীয়ে ভাৰতীয় দলত স্থান লাভ কৰি সমগ্ৰ অসমৰ সন্মান বৃদ্ধি কৰিছে। একেদৰে, তেওঁৰ প্ৰশিক্ষণ শিবিৰৰ কেইবাগৰাকীও খেলুৱৈ এতিয়া ৰাজ্যিক পৰ্যায়ৰ ক্ৰিকেটাৰ হিচাপে প্ৰতিষ্ঠিত হৈছে। তেওঁলোকৰ ভিতৰত অন্যতম হ'ল কল্পনা চাওতাল, অনামিকা বড়ি আদি।
 
অত্যন্ত পৰিশ্ৰমী আৰু অধ্যাৱসায়ী উমা চেত্ৰীৰ ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণিৰ দিনবোৰ স্মৰণ কৰি প্ৰশিক্ষক ৰহমানে কয়, "হিন্দী হাইস্কুলত পঢ়ি থকা সময়ত তেওঁ এদিন মোৰ ওচৰলৈ আহিছিল। আমাৰ শিবিৰৰ তেতিয়া প্ৰায় ৭ দিন মান গৈছিল। উমাই মোক কৈছিল যে ছাৰ মই ক্ৰিকেট শিকিব বিচাৰো। মই তেতিয়া কৈছিলো যে তুমি ইমান সৰু ছোৱালী, কেনেকৈ শিকিবা। তথাপি, তেওঁৰ দৃঢ়তা দেখি মই তেওঁক আহিব কৈছিলো। তেতিয়া তেওঁ কৈছিল যে ছাৰ মই আজিৰ পৰাই আৰম্ভ কৰিম। মই অলপ আঁচৰিত হৈছিলো আৰু কৈছিলো যে তুমি এই পোচাকেৰে কেনেকৈ ক্ৰিকেট খেলিবা। উমাই লগে লগে কৈছিল যে মই ড্ৰেছ লৈ আহিছো। তাৰ পিছত তেওঁ আমাৰ সৈতে প্ৰশিক্ষণ আৰম্ভ কৰিলে। তেওঁৰ কোনো ভয়-আশংকা নাছিল। সম্পূৰ্ণৰূপে আত্মবিশ্বাসী আছিল। আৰম্ভণিৰ কেইদিনতে তেওঁ ধুনীয়াকৈ কেচ ধৰিব পাৰিছিল। খেলপথাত উমা অত্যন্ত উদ্যমী আছিল। কোনো কথাত হাৰ মনা নাছিল। সেইবোৰ দেখি মোৰ ভাল লাগিছিল।"  
 
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকল
 
উল্লেখ্য যে, অসমৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ২১ বছৰীয়া উমা কাজিৰঙাৰ অতি পিছপৰা এটা বানবিধ্বস্ত অঞ্চলৰ আৰ্থিকভাৱে দূৰ্বল পৰিয়ালৰ কন্যা। শৈশৱৰ পৰা তেওঁ দৰিদ্ৰতা আৰু আন বহুতো প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিবলগীয়া হৈছিল। তথাপি তেওঁ হাৰ মনা নাছিল। ক্ৰিকেটেৰে জীৱন গঢ়াৰ দুৰ্বাৰ সপোন বাস্তৱায়িত কৰিবলৈ তেওঁ প্ৰতিটো বাধা, প্ৰতিটো প্ৰত্যাহ্বান ওফৰাই লক্ষ্যৰ দিশে আগবাঢ়িছিল।
 
দৃঢ়মনা উমাৰ জীৱন সংগ্ৰামৰ বিষয়ে প্ৰশিক্ষক ৰাজা ৰহমানে 'আৱাজ দ্য ভইচ'ক কয়, "প্ৰশিক্ষণ চলি থকাৰ মাজতে এদিন মই উমাৰ সংগ্ৰামৰ কথা জানিব পাৰি আচৰিত হৈ পৰিছিলো। ক্ৰিকেটৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ তেওঁ প্ৰায় ৮ কিলোমিটাৰ দূৰৰ এখন দুৰ্গম গাঁওৰ পৰা খোজকাঢ়ি আহিছিল। বৰষুণৰ দিনত বোকা-পানীৰে লুটুৰি-পুতুৰি হৈ আহিছিল। বানপানীৰ সময়ত নাওঁৰে পাৰ হৈ আহিছিল। তেনেকৈ সংগ্ৰাম কৰি উমাই প্ৰশিক্ষণ চলাইছিল আৰু ২০১৩-১৪ চনত ১৬ বছৰ অনুৰ্ধ অসম দলত স্থান লাভ কৰে। ইয়াৰ পিছত উমাই আৰু কেতিয়াও পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই।" 
 
ইফালে, উমাৰ কেৰিয়াৰ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আনজন প্ৰশিক্ষক হ'ল মেহবুব আলম। ২০১৭ চনৰ পৰা মহিলা ক্ৰিকেটাৰগৰাকীক প্ৰশিক্ষণ আগবঢ়াই অহা বোকাখাত টাউন ক্ৰিকেট ক্লাৱৰ প্ৰশিক্ষকজনে কয় যে উমা এগৰাকী অত্যন্ত দক্ষ উইকেটৰক্ষক আৰু বেটাৰ। "উমাৰ সাফল্যই আমাক গৌৰবান্বিত কৰিছে। তেওঁ বহুদূৰ আগুৱাব পাৰিব। অসম দলৰ হৈও তেওঁ ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন দাঙি ধৰিছে। জুনিয়ৰ পৰ্যায়তো তেওঁ প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰিছিল। মই আশাবাদী যে উমা ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য আৰু নিয়মীয়া উইকেটৰক্ষক হৈ পৰিব।"- আলমে কয়।  
 
খেলপথাৰত উমা চেত্ৰী
 
ছোৱালী এগৰাকীক ক্ৰিকেটৰ প্ৰশিক্ষণ দিয়াতো যথেষ্ট প্ৰত্যাহ্বানজনক বুলি প্ৰকাশ কৰি প্ৰশিক্ষক আলমে কয়, "ছোৱালীয়ে ক্ৰিকেট খেলাটো সমাজত মানুহে ভাল দৃষ্টিৰে নাচায়। ছোৱালী এজনীয়ে টি-ছাৰ্ট, পেণ্ট পিন্ধি খেলপথাৰলৈ আহিলে মানুহে বহুত কিবা-কিবি কয়। বহু সময়ত আমি তেনে পৰিস্থিতিৰ সন্মুখীন হৈছো। তথাপি আমি উমাৰ দৰে প্ৰতিভাৱান খেলুৱৈসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোকক প্ৰশিক্ষণ দি গৈছিলো। উমাৰ লগতে আমাৰ একাডেমীত আৰু কেইবাগৰাকীও প্ৰতিভাৱান খেলুৱৈ আছে। অৱন্তিকা মুণ্ডা, ৰীমা পেগু, পলক কুমাৰী, টিনামণি পাটগিৰী আদিৰ দৰে প্ৰতিভাৱান খেলুৱৈসকলে অনাগত দিনত হয়তো ভাৰতীয় দলৰ হৈ খেলিব পাৰিব। তেওঁলোক অত্যন্ত প্ৰতিভাশালী আৰু তেওঁলোকক লৈ আমি অত্যন্ত আশাবাদী।"