আই পি এল ২০২৪ ছিজনৰ প্ৰথম শতক অৰ্জন বিৰাট কোহলীৰ

Story by  atv | Posted by  Munni Begum • 28 d ago
বিৰাট কোহলী
বিৰাট কোহলী
 
জয়পুৰ
 
শনিবাৰে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলৰ সময়ত চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৪ ছিজনৰ প্ৰথম শতক অৰ্জন কৰে ৰয়েল চেলেঞ্জাৰ বেংগালুৰু (আৰ চি বি)ৰ বেটছমেন বিৰাট কোহলীয়ে।
 
মেচখনৰ সময়ত কোহলীয়ে ৬৭টা ডেলিভাৰীত শতক অৰ্জন কৰি আই পি এলত ২৩৪টা ইনিংছত অষ্টম শতকৰে নিজৰ অভিলেখ সৃষ্টি কৰে। 
 
ইফালে, ১৪১ ইনিংছত ৬টা ট্ৰিপল ফিগাৰ স্ক’ৰ কৰি আই পি এলৰ সৰ্বাধিক শতকৰ তালিকাত দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে আৰ আৰ বেটছমেন জোছ বাটলাৰে ৯৮ ইনিংছত ৫ শতক অৰ্জন কৰি তৃতীয় স্থানত আছে। 
 
শতাধিক ৰান সংগ্ৰহৰ পথত তাৰকা বেটছমেনগৰাকীয়ে আই পি এলৰ ইতিহাসত ৭৫০০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰা প্ৰথমজন খেলুৱৈও হিচাপে পৰিগণিত হয়।
 
৭ম অভাৰৰ চতুৰ্থ বলত একক ৰান সংগ্ৰহ কৰি কোহলীয়ে আই পি এলত ৭৫০০ ৰান দখল কৰি প্ৰতিযোগিতাখনৰ ইতিহাসত এই সাফল্য লাভ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়।  
 
কোহলীৰ পাছত শিখৰ ধাৱানে ৬৭৫৫ ৰান সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে। কোহলীৰ ব্লিটজক্ৰিগ শতকেৰে আৰ চি বিক আৰ আৰৰ বিৰুদ্ধে ১৮৩/৩ ৰানত শক্তিশালী কৰা হয়। 
 
‘পিংক চিটি’ জয়পুৰত বেটিং মেষ্ট্ৰ’ কোহলীৰ কিছু ক্ৰেকিং শ্বটৰ সাক্ষী হৈছিল। বেটিং মেষ্ট্ৰ’গৰাকীয়ে ৭২ ৰানত অপৰাজিত ১১৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অধিনায়ক ফাফ ডু প্লেছিছে ৪৪ ৰান সংগ্ৰহ কৰে।