নতুন দিল্লী
ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত দক্ষিণ আফ্ৰিকাই ভাৰতক ৪ উইকেটত পৰাস্ত কৰে। টছত পৰাজিত হোৱাৰ পাছত ভাৰতে প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৫ টা উইকেট হেৰুৱাই ৩৫৮ ৰাণ সংগ্ৰহ কৰে। জয়ৰ বাবে ৩৫৯ ৰাণৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা দক্ষিণ আফ্ৰিকাই ৪৯.২ অভাৰত ৪ টা বল বাকী থকা অৱস্থাত ৬ টা উইকেট হেৰুৱাই ৩৬২ ৰাণ সংগ্ৰহ কৰে।
মেচখনত ভাৰতৰ হৈ ৰুতুৰাজ গাইকোৱাড় আৰু বিৰাট কোহলীয়ে শতক অৰ্জন কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ এডেন মাৰ্ক্ৰামে দৰ্শনীয় শতক অৰ্জন কৰে। মেচ বিজয়ী ইনিংছৰ বাবে মাৰ্ক্ৰামে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে।
মেচখনত দক্ষিণ আফ্ৰিকাৰ হৈ ইনিংছ মুকলি কৰিবলৈ আহিছিল এডেন মাৰ্ক্ৰাম আৰু কুইণ্টন ডি ক'ক। দুয়োজনে ৪.৫ অভাৰত প্ৰথম উইকেটৰ যুটিত মাত্ৰ ২৬ ৰাণ সংযোজন কৰে। উইকেটৰ ক্ষেত্ৰত অৰ্শদীপ সিঙে কুইণ্টন ডি ককৰ ৰূপত ভাৰতক প্ৰথমটো সফলতা প্ৰদান কৰে। ককে মাত্ৰ ৮ ৰাণতে ৱাশ্বিংটন সুন্দৰৰ হাতত কেচ তুলি দি ইনিংছ সামৰে। ইয়াৰ পিছতে অধিনায়ক টেম্বা বাভুমাক প্ৰসিদ্ধ কৃষ্ণই ৪৫ ৰাণত পেভিলিয়নলৈ পঠিয়ায়৷
মেচখনত এডেন মাৰ্ক্ৰামে এক শতকীয় ইনিংছ খেলিছিল। ১০ টা চাৰি আৰু ৪ টা ছয়ৰ সহায়ত ৯৮ টা বলত ১১০ ৰাণ সংগ্ৰহ কৰি দক্ষিণ আফ্ৰিকাৰ জয়ত আগভাগ লৈছিল ক্ৰিকেটাৰগৰাকীয়ে ৷ অৱশ্যে ৰুতুৰাজ গাইকোৱাড়ৰ হাতত কেচ তুলি দি হৰ্ষিত ৰাণাৰ চিকাৰ হৈছিল খেলুৱৈগৰাকী৷
দলটোৰ হৈ মেথিউ ব্ৰিট্জকে ৬৮, ডেৱাল্ড ব্ৰুইছে ৫৪, টনি ডি জোৰ্জিয়ে ১৭ (আঘাতৰ বাবে বাহিৰ), মাৰ্কো জনছেনে ২, কৰ্বিন বছে অপৰাজিত ২৯ আৰু কেশৱ মহাৰাজে অপৰাজিত ১০ ৰাণ সংগ্ৰহৰে দলক জয়ৰ সোৱাদ দিয়ে ৷ ভাৰতৰ হৈ অৰ্শদীপ সিং আৰু প্ৰসিদ্ধ কৃষ্ণই ২ টাকৈ উইকেট দখল কৰাৰ বিপৰীতে হৰ্ষিত ৰাণাই এটা উইকেট দখল কৰে।
ভাৰতৰ হৈ ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালে ইনিংছ মুকলি কৰে। দুয়োজনে ৯.৪ অভাৰত ৬২ ৰাণৰ অৱদান আগবঢ়ায়৷ ৰোহিত শৰ্মাই ব্যক্তিগতভাৱে ১৪ আৰু যশস্বী জয়ছোৱালে ২২ ৰাণ সংগ্ৰহ কৰে।
তাৰপিছত ৰুতুৰাজ গাইকোৱাড়ে ১২ টা চাৰি আৰু দুটা ছয়ৰ সহায়ত ৭৭ টা বলত ১০০ ৰাণ সম্পূৰ্ণ কৰি এদিনীয়া ক্ৰিকেটৰ প্ৰথমটো শতক অৰ্জন কৰে । গাইকোৱাড়ে ৮৩ টা বলত মুঠ ১০৫ ৰাণ সংগ্ৰহ কৰে।
আনহাতে, বিৰাট কোহলীয়েও এই খেলত শতক অৰ্জন কৰে। কোহলীয়ে ৭ টা চাৰি আৰু দুটা ছয়ৰ সহায়ত ৯০ টা বলত ১০০ ৰাণ সংগ্ৰহ কৰে। তেওঁ ৯৩ টা বলত ১০২ ৰাণ সংগ্ৰহৰে কেৰিয়াৰৰ ৫৩ সংখ্যক এদিনীয়া শতক অৰ্জন কৰে।
অধিনায়ক কে এল ৰাহুলেও অৰ্ধশতক অৰ্জন কৰে। ৰাহুলে ৬ টা চাৰি আৰু দুটা ছয়ৰে ৪৩ টা বলত ৬৬ ৰাণ সংগ্ৰহ কৰে । দক্ষিণ আফ্ৰিকাৰ হৈ মাৰ্কো জনছেনে দুটা উইকেট আৰু নন্দ্ৰে বাৰ্গাৰ আৰু লুংগি ঙিডিয়ে এটাকৈ উইকেট লাভ কৰে।