নামৰূপৰ সাৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড

Story by  atv | Posted by  [email protected] • 1 h ago
নামৰূপৰ সাৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড
নামৰূপৰ সাৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড

ডিব্ৰুগড়
 
ডিব্ৰুগড়ৰ BVFCL নামৰূপ সাৰ কাৰখানাত যোৱা নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। সাৰ কাৰখানৰ এমনিয়া প্লাণ্টত এই অগ্নিকাণ্ড সংঘটিত হয়। উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটোত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱাত অঞ্চলজুৰি তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হয়।‌
 
উল্লেখ্য যে সাৰ কাৰখানাটোৰ এমনিয়া প্লাণ্টত অৰ্থাৎ নামৰূপ সাৰ কাৰখানাৰ বৰ্তমান উৎপাদনক্ষম হৈ থকা তৃতীয় গোটত এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বট চাৰ্কিট হোৱাৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। অগ্নিকাণ্ডটো ইমানেই ভয়ানক আছিল যে মুহূৰ্তে সমগ্ৰ অঞ্চলটো ক'লা ধোঁৱাই আৱৰি ধৰে। অগ্নিনিৰ্বাপন বাহিনীয়ে কেইবাখনো বাহনেৰে তৎপৰতাত জুই নিয়ন্ত্ৰণলৈ আনে। 
 
ঘটনাৰ পাছতে নামৰূপ সাৰ কাৰখানাৰ এজন বিষয়াই সাৰ কাৰখানৰ এমনিয়া প্লাণ্টত কমপ্ৰেচাৰ হাউচত জুই লগা বুলি জানিবলৈ দিয়ে। ঘটনাৰ পাছতে সাৰ কাৰখানাৰ নিজা অগ্নিনিৰ্বাপক বাহিনী, নিকৱৰ্তী এ পি এল, নাহৰকটীয়া ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনী, দুলীয়াজান অইল, থাৰ্মেলৰ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় বুলি বিষয়াজনে জানিবলৈ দিয়ে।
 
এই ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিবলৈ দি বিষয়াজনে কি কাৰণত এই ঘটনা সংঘটিত হ'ল, সেই বিষয়ে জানিবলৈ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি কয়।‌ এই ঘটনাত সাৰ কাৰখানাৰ কিমান ক্ষতি হৈছে সেয়া জানিব পৰা হোৱা নাই, তদন্তৰ পাছতহে সকলো কথা জানিব পৰা যাব বুলি বিষয়াজনে জনায়।
 
উল্লেখ্য যে, ২১ ডিচেম্বৰত সাৰ কাৰখানা নতুন গোটৰ আধাৰশিলা স্থাপন কৰিবলৈ নামৰূপত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাত ইউৰিয়া উৎপাদনক্ষম নতুন প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীৰ বাবে যুদ্ধকালীন প্ৰস্তুতি চলি থকাৰ মাজতে সংঘটিত ভয়ংকৰ এই অগ্নিকাণ্ডৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।