Mon May 19 2025 6:30:24 PM
  • Follow us on
  • Subcribe

অজিত ডোভালক তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি

Story by  atv | Posted by  sarmamukut98@gmail.com • 11 Months ago
এন এছ এ অজিত ডোভাল আৰু প্ৰধানমন্ত্ৰী মোদী
এন এছ এ অজিত ডোভাল আৰু প্ৰধানমন্ত্ৰী মোদী
 
নতুন দিল্লী

অজিত ডোভালক তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে। বৃহস্পতিবাৰে জাৰি কৰা চৰকাৰী আদেশ অনুসৰি, কেবিনেটৰ নিযুক্তি সমিতিয়ে ১০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ডোভালৰ নিযুক্তিত অনুমোদন জনাইছে। 
 
অজিত ডোভাল হৈছে ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা। ২০১৪ চনৰ পৰা তেওঁ এই দায়িত্বত আছে। ৫ বছৰৰ প্ৰথমটো কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত ডোভালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনতো দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা নিযুক্ত কৰিছিল। তেওঁৰ কাৰ্যকাল যোৱা ৫ জুনত শেষ হৈছিল।
কিছুদিন ধৰি আলোচনা চলি আছিল যে ব্যক্তিগত কাৰণত অজিত ডোভালে এন এছ এৰ তৃতীয় কাৰ্যকালত কাৰ্যনিৰ্বাহ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছে। কিন্তু আজি এই উৰা বাতৰিৰ অন্ত পৰে, যেতিয়া কেন্দ্ৰীয় চৰকাৰে তৃতীয়বাৰৰ বাবে অজিত ডোভালক এন এছ এ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে।
 
ইফালে, কেবিনেটৰ নিযুক্তি সমিতিয়ে পি কে মিশ্ৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান সচিব হিচাপে পুনৰ নিযুক্তি দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ পি কে মিশ্ৰক প্ৰধান সচিব আৰু অজিত ডোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে পুনৰ নিযুক্তি দিয়াৰ লগে লগে অৱসৰপ্ৰাপ্ত আমোলা দুগৰাকী প্ৰধানমন্ত্ৰীৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধান উপদেষ্টা হিচাপে পৰিগণিত হৈছে।
 
ড০ মিশ্ৰই পিএমঅ’ত প্ৰশাসনিক বিষয় আৰু নিযুক্তি চম্ভালিব। একেদৰে, ডোভালে ৰাষ্ট্ৰীয় নিৰাপত্তা, সামৰিক বিষয় আৰু চোৰাংচোৱাৰ দিশসমূহ চম্ভালিব। ১৯৭২ বেচৰ অৱসৰপ্ৰাপ্ত বিষয়া ড০ পি.কে. মিশ্ৰ ভাৰত চৰকাৰৰ কৃষি সচিব পদৰ পৰা অৱসৰ গ্ৰহণ কৰি যোৱা এটা দশক ধৰি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আছে। 
ইফালে, ১৯৬৮ চনৰ বেচৰ আই পি এছ বিষয়া ডোভালে প্ৰধানমন্ত্ৰীৰ কৌশলগত চিন্তা আৰু কাৰ্য্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁ এজন প্ৰখ্যাত সন্ত্ৰাসবাদ বিৰোধী বিশেষজ্ঞ আৰু পাৰমাণৱিক বিষয়ৰ বিশেষজ্ঞ।
 
প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু অন্যান্য উচ্চপদস্থ বিষয়াৰ সৈতে জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ডোভালে জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিৰ সম্পূৰ্ণ সবিশেষ আৰু সন্ত্ৰাসবাদ বিৰোধী পদক্ষেপৰ কথা প্ৰধানমন্ত্ৰীক অৱগত কৰায়। 
 
উল্লেখ্য যে, যোৱা ৯ জুনত সন্ত্ৰাসবাদীয়ে কাশ্মীৰৰ ৰেছিত এখন বাছক লক্ষ্য কৰি লৈ আক্ৰমণ কৰাত বাছখন খাৱৈত পৰি যায় আৰু এই ঘটনাত কমেও ৯ জন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৪২ জন লোক আহত হৈছিল।