চৰাঞ্চলৰ দ্ৰুত উন্নয়নৰ বাবে তত্‍পৰ অসম চৰকাৰ; ৰূপৰেখা তৈয়াৰ কৰিবলৈ অঞ্চলটোৰ বিধায়কক আহ্বান মুখ্যমন্ত্ৰীৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী

ৰাজ্যৰ চৰাঞ্চলৰ দ্ৰুত উন্নয়নৰ বাবে তত্‍পৰ হৈছে অসম চৰকাৰ। চৰাঞ্চলৰ উন্নয়নৰ প্ৰতি চৰকাৰৰ সদিচ্ছাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।  
 
ধিঙৰ বিধায়ক আমিনুল ইছলামে চৰাঞ্চলৰ বাবে এটা সুকীয়া সঞ্চালকালয় স্থাপনক লৈ উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আমাৰ এই আলোচনা চৰাঞ্চলৰ বাবে সুকীয়া সঞ্চালকালয় স্থাপনৰ মাজতে সীমাবদ্ধ থকা উচিত নহয়।  চৰকাৰে চৰ অঞ্চলৰ ৰাইজৰ বৰ্তমান আৰু ভৱিষ্যতৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আঁচনি তৈয়াৰ কৰিব বিচাৰে। ইয়াৰ বাবে চৰাঞ্চলৰ বিধায়কসকলে চৰকাৰক বিস্তৃত প্ৰতিবেদন দাখিল কৰিলে চৰকাৰে শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা হাতত ল'ব। 
"আমি বিচাৰো যে চৰাঞ্চলৰ ল'ৰা-ছোৱালীয়ে শিক্ষা আৰু আন আন দিশত আগবাঢ়ি যাওক। চৰাঞ্চলৰ বিধায়কসকলে সেইবোৰ অঞ্চলৰ সমস্যাবোৰ ভালকৈ উপলব্ধ কৰে, গতিকে তেওঁলোকে আমাক এই ক্ষেত্ৰত দিহা-পৰামৰ্শ আৰু বিস্তৃত প্ৰতিবেদন দিব লাগে। কিন্তু এটা মনত ৰাখিব যে এই আঁচনিবোৰ যাতে ঠিকাদাৰক লাভান্বিত কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা নহয়, ইয়াৰ দ্বাৰা প্ৰকৃত হিতাধিকাৰীসকল লাভান্বিত হ'ব লাগিব।"-মুখ্যমন্ত্ৰীয়ে কয়।  
 
তেওঁ পুনৰ কয় যে চৰাঞ্চলৰ শিক্ষা, স্বাস্থ্যৰ উন্নয়নৰ বাবে চৰকাৰৰ পৰিকল্পনা আছে। মাৰ্চৰ ভিতৰত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক আগবঢ়াই অহা জলপানিসমূহো মুকলি কৰি দিয়া হ'ব। কিন্তু সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ পৰা চৰকাৰে এতিয়ালৈকে পৰ্যাপ্ত পৰিমাণৰ আবেদন লাভ কৰা নাই। চৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতাৰ অভাৱত এনে হ'ব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। 
"চৰকাৰে ইতিমধ্যে চাহ জনজাতি আৰু খিলঞ্জীয়া মুছলমানৰ লগত আলোচনাত মিলিত হৈ তেওঁলোকৰ উন্নয়নৰ বাবে আঁচনি প্ৰস্তুত কৰি উলিয়াইছে। ঠিক সেইদৰে আমাৰ চৰকাৰে চৰাঞ্চলৰ লোকৰ বাবেও উন্নয়নমূলক আঁচনি প্ৰস্তুত কৰিবলৈ আগ্ৰহী। কিন্তু এই ক্ষেত্ৰত চৰাঞ্চলৰ জনপ্ৰতিনিধিসকলে আমাক উচিত তথ্য সম্বলিত একছন প্লেন দিব লাগিব"-মুখ্যমন্ত্ৰী শৰ্মাই কয়। 
 
ইফালে, মুখ্যমন্ত্ৰীৰ ভাষণত সন্তুষ্টি প্ৰকাশ কৰি বিধায়ক আমিনূল ইছলামে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ পৰা তেওঁলোকে চৰাঞ্চলক লৈ চৰকাৰৰ সদিচ্ছাৰ বিষয়ে জানিব পাৰিছে। অৱশ্যে, তেওঁ সুকীয়া সঞ্চালকালয়ৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বক্তব্যক সম্পূৰ্ণৰূপে সমৰ্থন নকৰে। তেওঁ কয় যে সুকীয়া সঞ্চালকালয় নহ'লেও চৰকাৰে এনে এটা সুকীয়া ব্যৱস্থা বা বিভাগ গঠন কৰা উচিত, যিয়ে কেৱল মাত্ৰ চৰাঞ্চলৰ লোকৰ উন্নয়নমূলক আঁচনিসমূহৰ তদাৰক কৰিব পাৰে।