আজি জুবিন গাৰ্গ মৃত্যু গোচৰৰ ৫ অভিযুক্তৰ জামিন আবেদনৰ শুনানি

Story by  atv | Posted by  [email protected] • 1 Months ago
আজি জুবিন গাৰ্গ মৃত্যু গোচৰৰ ৫ অভিযুক্তৰ জামিন আবেদনৰ শুনানি
আজি জুবিন গাৰ্গ মৃত্যু গোচৰৰ ৫ অভিযুক্তৰ জামিন আবেদনৰ শুনানি
 
গুৱাহাটী
 
আজি জুবিন গাৰ্গ মৃত্যু গোচৰত অভিযুক্তৰ জামিন আবেদনৰ শুনানি। কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হ'ব এই জামিন আবেদনৰ শুনানি।
 
৫ অভিযুক্তই জামিন বিচাৰি আদালতত দাখিল কৰিছিল আবেদন। শ্যামকানু, অমৃতপ্ৰভা জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ। একেদৰে জুবিনৰ ভাতৃ সন্দীপন গাৰ্গেও দাখিল কৰিছে জামিন আবেদন।
 
উল্লেখ্য যে, ৫ অভিযুক্তই জামিন বিচাৰি আদালতত দাখিল কৰিছিল আবেদন। শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, অমৃতপ্রভা মহন্ত আৰু সন্দীপন গাৰ্গে জামিন বিচাৰি আদালতত দাখিল কৰিছিল আবেদন। ইপিনে, জুবিন গাৰ্গৰ PSO নন্দেশ্বৰ বৰায়ো দাখিল কৰিছিল জামিন আবেদন। 
 
অমৃতপ্ৰভাৰ হৈ জ্যেষ্ঠ অধিবক্তা আনন ভূঞাই দাখিল কৰিছে আবেদন। শ্যামকানু মহন্তৰ হৈ কলকাতাৰ পৰা জামিন আবেদন দাখিল কৰিছে অধিবক্তাই। অভিযুক্তৰ হৈ জিলা আইন সেৱা প্ৰাধিকাৰীয়ে নিযুক্তি দিছিল অধিবক্তা ধ্ৰুৱজ্যোতি দাসক। ইপিনে, ৫ অভিযুক্তৰ জামিন নাকচৰ বাবে আদালতত লোক অধিবক্তাই জনাব আবেদন।
 
ইতিমধ্যে, আদালতত উপস্থিত হৈছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ৷