গুৱাহাটী
প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু নাই। ৯৭ বছৰ বয়সত জীৱনাৱসান ঘটে যশস্বী সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ। যোৱা ১৯ ফেব্ৰুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল চক্ৰৱৰ্তী। আজি পুৱা ৭.৩৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে যশস্বী সাংবাদিকগৰাকীয়ে।
ইংৰাজীকে ধৰি দৈনিক অসম, দৈনিক জনমভূমি, আজিৰ বাতৰি আদি কেইবাখনো আগশাৰীৰ বাতৰি কাকতৰ সম্পাদক আছিল যশস্বী সাংবাদিকগৰাকী। সাপ্তাহিক প্ৰাগজ্যোতিষ কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব আছিল ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী। তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লৈছিল সাংবাদিকগৰাকীয়ে।
কেইবাখনো গ্ৰন্থও লেখিছিল ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। ২০১৯ চনত অসম চৰকাৰৰ ৰাজ্যিক সাংবাদিকতা বাবে ‘গণৰাজ্য দিৱস বঁটা’ লাভ কৰিছিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু অসমীয়া জাতীয়তাবাদৰ প্ৰশ্নত সদায় অনমনীয় স্থিতি অৱলম্বন কৰিছিল প্ৰবীণ সাংবাদিগৰাকীয়ে।
আনহাতে, তেওঁ জীৱনৰ সৰহভাগ সময়ত আলফাক ক্ষুৰধাৰ সমালোচনা কৰি আহিছে। যি সময়ত আলফা(স্বা) আটাইতকৈ শক্তিশালী হৈ আছিল, সেই সময়তো তেওঁ ৰাজহুৱাকৈ আলফাৰ বিৰোধিতা কৰিছিল। যাৰ বাবে পৰেশ বৰুৱাৰ পৰা বহুবাৰ প্ৰাণনাশৰ ভাবুকি লাভ কৰিছিল চক্ৰৱৰ্তীয়ে।
প্ৰবীণ সাংবাদিকগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিভিন্নজনে। এক ফেচবুক পোষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ৰাজ্যৰ প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়াৰ প্ৰয়াণৰ খবৰত মৰ্মাহত হ'লোঁ৷ তেখেতৰ তীক্ষ্ণ কলম আৰু শক্তিশালী কণ্ঠস্বৰে দশক দশক ধৰি জাতিক বহু বিপদৰ সময়ত বাট দেখুৱাইছিল৷ এগৰাকী প্ৰচুৰ যুক্তিবাদী লেখক-সাংবাদিক হিচাপে জাতীয় জীৱনলৈ তেখেতে যিমানখিনি অৱদান আগবঢ়াই গ'ল, সেয়া কৃতজ্ঞ অসমীয়া জাতিয়ে চিৰদিন মনত ৰাখিব৷ মহান সাংবাদিক, বুদ্ধিজীৱী, চিন্তাবিদগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ গুণমুগ্ধ আৰু শোকাকুল পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷’’
আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমত উল্লেখ কৰিছে এনেদৰে, ‘‘অসমৰ সংবাদ জগতৰ স্বনামধন্য ব্যক্তি, বিশিষ্ট বুদ্ধিজীৱী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী ডাঙৰীয়াৰ বিয়োগত গভীৰ শোকপ্ৰকাশ কৰিছো। তেখেতে সততা, নিষ্ঠাৰে বহুকেইখন বাতৰি কাকতত কাম কৰি গুণগত সংবাদ সেৱাৰ নিদৰ্শন দাঙি ধৰিছিল। অসমৰ সমাজ জীৱনলৈ তেখেতে আগবঢ়াই থৈ যোৱা অৰিহণা স্মৰণীয় হৈ থাকিব । চক্ৰৱৰ্তী ডাঙৰীয়াৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ তৰফৰ পৰা গভীৰ সমবেদনা জনালো।’’
ইপিনে, প্ৰবীণ সাংবাদিকগৰাকীৰ মৃত্যুত ৰাজ্যৰ কেইবাটাও দল-সংগঠন, প্ৰতিষ্ঠানে শোকপ্ৰকাশ কৰিছে৷ গুৱাহাটী প্ৰেছ ক্লাবেও বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰে৷ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতা আৰু সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাৰ স্বাক্ষৰ সম্বলিত এক বিবৃতিত কয়, ‘‘ৰাজ্যৰ এগৰাকী প্ৰবীণ সাংবাদিক, চিন্তাবিদ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী দেৱৰ দেহাৱসানত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে। অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে এসময়ত কাৰ্যনিৰ্বাহ কৰা চক্ৰৱৰ্তী দেৱে অসমৰ সমাজ জীৱনৰ দাপোণ হৈ বিভিন্ন বিষয়, সমস্যাত সজোৰে মাত মাতি আহিছিল। দৈনিক অসম, দৈনিক জনমভূমি, আজিৰ বাতৰি কাকত, আমি অসমৰ জনগণ, প্ৰাগজ্যোতিষ আদি কেইবাখনো দৈনিক আৰু সাপ্তাহিক কাকতৰ সৈতে দীৰ্ঘসময় জড়িত হৈ অসমৰ সংবাদ ক্ষেত্ৰখনক মহিয়ান কৰি গৈছে চক্ৰৱৰ্তী দেৱে । ২০১৯ চনত সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা আজীৱন অৱদানৰ বাবে অসম চৰকাৰৰ পৰা সন্মানীয় গণৰাজ্য দিৱস সাংবাদিকতা বঁটাৰেও সন্মানিত হৈছিল ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী দেৱ। দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ থকা চক্ৰৱৰ্তী দেৱে আজি পুৱা ৭ বাজি ৩৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৭ বছৰ । ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী দেৱৰ মহাপ্ৰয়াণ অসমৰ সংবাদক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি। গুৱাহাটী প্ৰেছ ক্লাবে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।’’
আনহাতে, মিডিয়া এছ’চিয়েচন অসমৰ সভাপতি হীৰেন চন্দ্ৰ কলিতা আৰু সচিব প্ৰধান চন্দ্ৰ কুমাৰ শইকীয়াই প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যুৰ খবৰ পাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত কয়, ‘‘চক্ৰৱৰ্তীদেৱ ৰাজ্যখনৰ আটাইতকৈ বয়োজ্যেষ্ঠ কৰ্মৰত সম্পাদক আছিল আৰু তেওঁৰ অবৰ্তমানত অসমৰ সংবাদজগতৰ অপূৰণীয় ক্ষতি হ’ল৷ মহীৰূহ সাংবাদিকগৰাকীৰ বিদেহ আত্মাৰ সদগতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ওঁম শান্তি !’’