গুৱাহাটী
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দলীয়-নির্দলীয় প্রার্থীৰ নির্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈছে। কামৰূপ মহানগৰ জিলাৰ অন্তর্গত পাঁচ সমষ্টিত মুঠ ২৫গৰাকী প্রার্থীয়ে দিনে-নিশাই চলাইছে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ। জিলাখনৰ অন্তৰ্গত ৩৩ নম্বৰ দিছপুৰ সমষ্টি, ৩৪ নম্বৰ ডিমৰীয়া সমষ্টি, ৩৫ নম্বৰ নিউ গুৱাহাটী সমষ্টি, ৩৬ নম্বৰ মধ্য গুৱাহাটী সমষ্টি আৰু ৩৭ নম্বৰ জালুকবাৰী সমষ্টিত এই বাৰ মুঠ ১০,৫৫,২৮৮ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য।
ইয়াৰে ৫,৪৭,৪০০ গৰাকী মহিলা, ৫,০৭,৮৫৭ গৰাকী পুৰুষ আৰু ৩১গৰাকী তৃতীয় লিংগৰ ভোটাৰ। লক্ষণীয়ভাৱে এইবাৰ কামৰূপ মহানগৰ জিলাত যুৱ ভোটাৰৰ সংখ্যা ১৭,১০৯গৰাকী। যুৱ ভোটাৰসকলৰ ভিতৰত দিছপুৰ সমষ্টিত আছে ৩,৯৫৬গৰাকী, ডিমৰীয়া সমষ্টিত আছে ৩,৯২৬গৰাকী, নিউ গুৱাহাটী সমষ্টিত আছে ২,৬৬৯গৰাকী, মধ্য গুৱাহাটী সমষ্টিত আছে ২,৮৭৩গৰাকী আৰু জালুকবাৰী সমষ্টিত আছে ৩,৬৮৫গৰাকী।
১৮-১৯ বছৰ বয়সৰ এইসকল ভোটাৰ প্ৰথমবাৰৰ বাবে এইবাৰ বিধানসভা নির্বাচনত ভোটদান কৰিব। নির্বাচনক লৈ 'জেন জি' ভোটাৰৰ মাজত ব্যাপক উচাহ পৰিলক্ষিত হৈছে। অহা ৯ এপ্রিলত সমগ্ৰ ৰাজ্যতে ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত হ'ব। ইয়াৰ পিচতে নির্বাচনী ফলাফলৰ বাবে সকলোৱে অপেক্ষা কৰিব লাগিব ৪ মে'লৈকে।