মোৰ মন্তব্যবোৰ সদায় সাংবিধানিক সীমাৰ ভিতৰত থাকে; ভয় কৰিবলগীয়া একো নাইঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আৱাজ - দ্য ভইচ ব্যুৰ’
এটা বিশেষ সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি ৰাইফলৰে গুলীচালনা কৰা এটা ভাইৰেল ভিডিঅ'ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে তেওঁ সদায় সাংবিধানিক সীমাৰ ভিতৰত থাকিহে মন্তব্য কৰে আৰু সেয়ে তেওঁৰ ভয় কৰিবলগীয়া একো নাই।
সোমবাৰে (১৬ ফেব্ৰুৱাৰী, ২০২৬) উচ্চতম ন্যায়ালয়ে ভাইৰেল ভিডিঅ'টো সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বা খাৰিজ কৰা সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "চাওক, মই যি মন্তব্যই নিদিওঁ কিয়, সেয়া সদায় সাংবিধানিক সীমাৰ ভিতৰতে থাকে। সেয়ে মোৰ কোনো ভয় নাই।" পশ্চিম বংগৰ মুৰ্শিদাবাদ জিলাত বাবৰি মছজিদৰ আৰ্হিত এটা মছজিদ নিৰ্মাণ কৰিব বুলি নিলম্বিত তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবীৰে কৰা ঘোষণাৰ ওপৰতো শ্ৰী শৰ্মাই তীব্ৰ কটাক্ষ কৰে।
"মই যি কওঁ, অসম আৰু হিন্দু সমাজৰ মংগলৰ বাবেই কওঁ। আৰু মই তেনেকৈয়ে কৈ যাম। মই বিশ্বাস কৰোঁ যে মই কেতিয়াও সাংবিধানিক সীমা উলংঘা নকৰোঁ৷"- শ্ৰী শৰ্মাই কয়।
সোমবাৰে (১৬ ফেব্ৰুৱাৰী) মুখ্য ন্যায়াধীশৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে মুছলমান সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি ৰাইফল চলোৱা বুলি দাবী কৰা ভাইৰেল ভিডিঅ'টো সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আবেদনসমূহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
বিচাৰপীঠখনে আবেদনকাৰীসকলক তেওঁলোকৰ অভিযোগসমূহ লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ কয় আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এই বিষয়টোৰ শুনানি খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী এগৰাকীয়ে কোনো এটা বিশেষ সম্প্ৰদায়ৰ ফালে বন্দুক টোৱাই দিয়াটো উচিত নেকি বুলি সোধাত শ্ৰী শৰ্মাই কয় যে তেওঁ কেৱল সেইবোৰ কামহে কৰে যিবোৰ তেওঁ উপযুক্ত বুলি ভাবে।
"এটা কথা মনত ৰাখিব – আমাৰ (অসমীয়া হিন্দু জনসংখ্যা) সংখ্যা ৮০ শতাংশৰ পৰা ৬০ শতাংশলৈ হ্ৰাস পাইছে আৰু ধৰ্মনিৰপেক্ষ লোকসকলেও আমাৰ উদ্বেগ বুজি পোৱা উচিত।" মুৰ্শিদাবাদৰ প্ৰস্তাৱিত মছজিদটোৰ বিষয়ে সোধাত শ্ৰী শৰ্মাই সাংবাদিকক কয়, "সেয়া বাবৰি মছজিদৰ এটা 'পুতলা' (ডামি)হে, মূল মছজিদ নহয়।" যোৱা বুধবাৰে (১১ ফেব্ৰুৱাৰী, ২০২৬), হুমায়ুন কবীৰে মুৰ্শিদাবাদ জিলাৰ বেলডাংগাত অযোধ্যাৰ বাবৰি মছজিদৰ আৰ্হিত নিৰ্মাণ কৰিবলগীয়া বহু চৰ্চিত মছজিদটোৰ কাম আৰম্ভ কৰে।
তৃণমূল কংগ্ৰেছৰ পৰা বহিষ্কৃত হোৱাৰ পিছত শেহতীয়াকৈ জনতা উন্নয়ন পাৰ্টি (JUP) গঠন কৰা কবীৰে ঘোষণা কৰে যে বেলডাংগাৰ ৰেজিনগৰৰ মছজিদটো দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু ইয়াৰ বাবে প্ৰায় ৫০-৫৫ কোটি টকা ব্যয় হ'ব। মছজিদটো ১১ একৰ মাটিৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু ইয়াত প্ৰায় ১২,০০০ লোকে নামাজ পঢ়িব পৰা ক্ষমতা থাকিব।
কবীৰৰ ঘোষণাৰ পিছতে বিশ্ব হিন্দু ৰক্ষা পৰিষদ নামৰ এটা সোঁপন্থী সংগঠনে উত্তৰ প্ৰদেশৰ লোকসকলক মুৰ্শিদাবাদলৈ সমদল উলিয়াবলৈ আহ্বান জনাইছিল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অসমৰ পৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱাৰ সন্দৰ্ভত শ্ৰী শৰ্মাই কয় যে ই ৰাজ্যখনৰ বাবে এক ডাঙৰ সমস্যা। "মই দৈনিক ১০০-১৫০ জন অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াওঁ। কিন্তু সংখ্যাটো বহুত ডাঙৰ। এই মুহূৰ্তত আমি তেওঁলোকক অসমৰ ৫০,০০০ একৰ মাটিৰ পৰা উচ্ছেদ কৰিছোঁ। মই পাঁচ বছৰত ৫০,০০০ একৰ মাটি বেদখল মুক্ত কৰিছোঁ।"
"প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এখন বৈঠকত মই কৈছিলোঁ যে মই এতিয়া এই লোকসকলক ১.৫ লাখ একৰ মাটিৰ পৰা খেদি পঠিয়াম। তেওঁলোকৰ দখলত থকা মুঠ মাটিৰ পৰিমাণ হৈছে ১০ লাখ একৰ৷"- শ্ৰী শৰ্মাই দাবী কৰে।
ৰাহুল গান্ধীয়ে ভাৰত-আমেৰিকাৰ অন্তৱৰ্তীকালীন বাণিজ্যিক চুক্তিৰ সমালোচনা কৰা সন্দৰ্ভত শ্ৰী শৰ্মাই প্ৰশ্ন কৰে যে কংগ্ৰেছ নেতাগৰাকীয়ে চুক্তিখন বাৰু পঢ়িব পাৰিবনে?
"যদি তেওঁৰ (ৰাহুল গান্ধীৰ) ওচৰত কোনো নাথাকে, তেন্তে তেওঁ সম্পূৰ্ণ নথিখন পঢ়িব নোৱাৰিব। ৰাহুল গান্ধীৰ মানসিক অৱস্থা ভাল নহয়। তেওঁক উপযুক্ত চিকিৎসাৰ প্ৰয়োজন৷"- শ্ৰী শৰ্মাই কয়।
ছত্ৰপতি শিৱাজী মহাৰাজৰ লগত টিপু চুলতানৰ তুলনা কৰা সন্দৰ্ভত শ্ৰী শৰ্মাই কয়, "এজন আছিল হিন্দুৰ ৰক্ষক (শিৱাজী মহাৰাজ) আৰু আনজন (টিপু চুলতান) আছিল হিন্দুৰ ধংসকাৰী। দুয়ো কেনেকৈ সমান হ'ব পাৰে?"