তিনিটা নিশাৰ বাবে বন্ধ থাকিব গুৱাহাটীৰ চান্দমাৰী উৰণ সেতু

Story by  atv | Posted by  Munni Begum • 9 h ago
 চান্দমাৰী উৰণ সেতু
চান্দমাৰী উৰণ সেতু
 
গুৱাহাটী 
 
অত্যাৱশ্যকীয় বেয়াৰিং সলনি আৰু ৰক্ষণাবেক্ষণৰ কাম কৰিবলৈ গুৱাহাটীৰ চান্দমাৰী উৰণীয়া সেতু তিনিটা নিশাৰ বাবে সাময়িকভাৱে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে অসম চৰকাৰৰ লোক নিৰ্মান বিভাগে (পি ডব্লিউ আৰ ডি)।  
 
নিউ গুৱাহাটী টেৰিটৰিয়েল ৰোড ডিভিজনৰ কাৰ্যবাহী অভিযন্তাই জাৰি কৰা এক আনুষ্ঠানিক অধিসূচনা অনুসৰি, গুৱাহাটী কমাৰ্চ কলেজ ট্ৰেফিক পইণ্ট আৰু চান্দমাৰী ট্ৰেফিক পইণ্টৰ মাজৰ ফ্লাই অভাৰৰ পথ ১৩, ১৫, আৰু ১৭ অক্টোবৰত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বন্ধ থাকিব।
 
ৰক্ষণাবেক্ষণৰ সময়ছোৱাত সকলো যান-বাহনৰ চলাচল বিকল্প পথৰ জৰিয়তে ডাইভাৰ্ট কৰা হ’ব। বিকল্প যাতায়তৰ ব্যৱস্থা অনুসৰি, ৰাজগড় – পূব শৰণীয়া পথ, এম টি ৰোড – বামুনিমৈদান ৰেলৱে কলনি ৰোড, মঠঘৰীয়া – নুনমাটি ৰোড আৰু কৃষ্ণনগৰ – মিলানপুৰ পথ।
 
যাতায়তৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰিবলৈ আৰু যান-বাহন সাল-সলনিত সহযোগিতা কৰি অসুবিধা নূন্যতম কৰিবলৈ বিভাগটোৱে আহ্বান জনাইছে।
 
মেৰামতিৰ কাম সুচাৰুৰূপে সম্পন্ন হোৱা আৰু যান-বাহনৰ ফলপ্ৰসূ ব্যৱস্থাপনা নিশ্চিত কৰিবলৈ এই অধিসূচনা মুখ্য অভিযন্তা (পি ডব্লিউ ডি ৰোডছ), কামৰূপ (মেট্ৰ’)ৰ উপ আয়ুক্ত আৰু গুৱাহাটীৰ আৰক্ষী উপ আয়ুক্ত (যান-বাহন)কে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ বিষয়াসকললৈ প্ৰেৰণ কৰা হৈছে। 
 
পি ডব্লিউ আৰ ডিয়ে কয় যে, চহৰখনৰ যাতায়ত ব্যৱস্থাৰ এটা মূল ধমনী সংযোগকাৰী চান্দমাৰী উৰণসেতুৰ গাঁথনিগত অখণ্ডতা আৰু দীৰ্ঘায়ু বজাই ৰাখিবলৈ বেয়াৰিং সলনি কৰাৰ কাম অতি গুৰুত্বপূৰ্ণ। বিভাগটোৱে জোৰ দি কয় যে, ৰাজহুৱা আন্তঃগাঁথনিৰ সুৰক্ষা আৰু স্থায়িত্ব নিশ্চিত কৰাৰ বাবে এনে প্ৰতিৰোধমূলক ৰক্ষণাবেক্ষণ ব্যৱস্থা অতি প্ৰয়োজনীয়। 
 
দৈনিক যান-বাহন চলাচলত বৰ্ধিত বিঘিনিৰ পৰা হাত সাৰিবলৈ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় সকলো সাৱধানতা অৱলম্বন কৰা হ’ব বুলিও বিভাগটোৱে নাগৰিকসকলক আশ্বাস দিয়ে।