উত্তৰ-পূব সীমান্ত ৰে'লৱেই বাতিল কৰিলে কেইবাখনো ৰে'ল সেৱা

Story by  atv | Posted by  Munni Begum • 8 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী 
 
উত্তৰ-পূব সীমান্ত ৰে'লৱেই কেইবাখনো ৰে'ল বাতিল আৰু ফ্ৰিকুৱেঞ্চি হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। এই ৰে'লসমূহৰ ভিতৰত ডিব্ৰুগড় - চণ্ডীগড় এক্সপ্ৰেছ, কামাখ্যা - গয়া এক্সপ্ৰেছ, কামাখ্যা - আনন্দ বিহাৰ টাৰ্মিনেল এক্সপ্ৰেছ, আলিপুৰদুৱাৰ - দিল্লী ছিকিম মহানন্দ এক্সপ্ৰেছ, নিউ জলপাইগুৰি - নতুন দিল্লী এক্সপ্ৰেছ অন্তৰ্ভুক্ত কৰা হৈছে।    
 
অৱশ্যে ১ ডিচেম্বৰৰ পৰা ৩ মাৰ্চলৈহে এই বাতিল বা ফ্ৰিকুৱেঞ্চি হ্ৰাস কাৰ্যকৰী কৰা হ'ব। এই সময়ছোৱাত কুঁৱলীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেই এই কথা ঘোষণা কৰিছে। 
 
এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰা হৈছে যে, দেশৰ উত্তৰ আৰু পূব প্ৰান্তত শীতকালত নিৰাপত্তা সুনিশ্চিত আৰু কাৰ্যকৰী দক্ষতা বজাই ৰখাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।   
 
বিবৃতিত লগতে উল্লেখ আছে, "আগন্তুক কুঁৱলীৰ বতৰত মসৃণ আৰু নিৰাপদ ৰে'লৰ পৰিচালনা নিশ্চিত কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে'লৱেই ২০২৫ চনৰ ১ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ৩ মাৰ্চলৈকে নিৰ্বাচিত ৰে'ল বাতিল আৰু ফ্ৰিকুৱেঞ্চি হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। উত্তৰ আৰু পূব ভাৰতত কুঁৱলীৰ বাবে দৃশ্যমানতা হ্ৰাস পোৱা সময়ছোৱাত সুৰক্ষা, সময়োপযোগিতা আৰু কাৰ্য্যকৰী দক্ষতা বজাই ৰখা এই সক্ৰিয় ব্যৱস্থাসমূহৰ লক্ষ্য।"
 
বিবৃতিটোত লগতে কোৱা হৈছে যে, ৰে'লসমূহৰ বাতিল আৰু ফ্ৰিকুৱেঞ্চি হ্ৰাস পোৱাৰ সবিশেষ আই আৰ চি টি চিৰ ৱেবছাইটত আৰু এন টি ই এছৰ জৰিয়তে উপলব্ধ আৰু এন এফ আৰৰ সামাজিক মাধ্যম প্লেটফৰ্মতো উল্লেখ কৰা হৈছে।