অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কাজি নেমুক

Story by  atv | Posted by  Munni Begum • 1 Years ago
কাজি নেমু
কাজি নেমু
 
গুৱাহাটী
 
কাজি নেমুক (চাইট্ৰাছ লিমন) অসমৰ ৰাজ্যিক ফল হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই। আজি সদনৰ মজিয়াত কৃষি মন্ত্ৰী অতুল বৰাই কৰা এই ঘোষণা কৰিছে।
 
এই সন্মান 'চাইট্ৰাছ লেমন'ক প্ৰদান কৰাৰ সিদ্ধান্তৰ জৰিয়তে কৃষিমন্ত্ৰী বৰাই ৰাজ্যৰ কৃষি ঐতিহ্যক  অধিক গাঢ় কৰি তোলাই নহয় ৰাজ্যৰ ভিতৰতে কাজি নেমুৰ  (চাইট্ৰাছ লিমন) খেতিৰ তাৎপৰ্যও উজ্জ্বল কৰি তুলিছে।
 
কৃষিমন্ত্ৰী বৰাই কৰা এই ঘোষণাৰ লগতে  কাজি নেমুৰ  (চাইট্ৰাছ লিমন) ঔষধি গুণ আৰু কৃষি প্ৰধানতাৰ বিষয়ে উল্লেখ কৰে।
 
অসমত ইয়াৰ খেতিৰ বাবে ১৫.৯০ হেক্টৰ মাটি উচৰ্গা কৰা কাজি নেমু  (চাইট্ৰাছ লিমন)ই ৰাজ্যৰ কৃষিভূমিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তদুপৰি অসমত উৎপাদিত যথেষ্ট পৰিমাণৰ কাজি নেমুৰ  মুঠ ৭০,০০০, বহিঃৰাজ্যলৈ ৰপ্তানি কৰা হৈ আহিছে। 
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে ঘোষণা কৰিছে, "আমাৰ চৰকাৰে কাজী নেমু (চাইট্ৰাছ লিমন)ক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে। অনন্য সুগন্ধি আৰু এন্টিঅক্সিডেন্ট গুণেৰে অসমৰ নেমু আমাৰ স্থানীয় খাদ্য সম্ভাৰ সমৃদ্ধ কৰি আহিছে। আজিৰ ঘোষণাৰ জৰিয়তে ই বিশ্বৰ ফলৰ মানচিত্ৰত জিলিকি উঠিব, আত্মনিৰ্ভৰশীলতা আৰু উৎপাদন বৃদ্ধি কৰিব।"