ধুবুৰীৰ খুদিগাঁৱত বেদখলমুক্ত কৰা ভূমিত ৭০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তি প্রকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ

Story by  atv | Posted by   Imtiaz Ahmed • 2 h ago
ধুবুৰীৰ খুদিগাঁৱত ৭০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তি প্রকল্প উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ
ধুবুৰীৰ খুদিগাঁৱত ৭০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তি প্রকল্প উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ

গুৱাহাটী

নবীকৰণযোগ্য, পৰিচ্ছন্ন আৰু সেউজ শক্তিৰ জৰিয়তে অসমক শক্তিখণ্ডত আত্মনির্ভৰশীল কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুদিগাঁৱত স্থাপন কৰা ৭০ মেগাবাট ক্ষমতাসম্পন্ন সৌৰশক্তি প্রকল্পটো বৃহস্পতিবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰে।

উল্লেখ্য যে, প্রায় ৩৫০ কোটিতকৈ অধিক টকা ব্যয়ৰে নিৰ্মাণ কৰা প্রকল্পটোত ১,৮০,৬০৫ টা সৌৰ মডিউল আছে। প্রকল্পটোৱে বছৰি প্রায় ১৪১ মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন কৰিব আৰু প্রায় ১.১৫ লাখ টন কার্বন নির্গমন হ্রাস কৰিব।

প্রকল্পটোৰ অন্তর্গত ৭০ মেগাবাট সৌৰশক্তি কেন্দ্র, ছুইছয়ার্ড আৰু কন্ট্র'ল ৰুম নিৰ্মাণ কৰাৰ লগতে বিলাসীপাৰা গ্রীড চাব-ষ্টেচনলৈ সৌৰ শক্তি পৰিবহনৰ বাবে ৬ কিলোমিটাৰ পৰিবাহী লাইন সংস্থাপন কৰা হৈছে। ৰূপায়ণকাৰী সংস্থাটোৱে ২৫ বছৰৰ বাবে প্রকল্পটোৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণ কৰিব। এই প্ৰকল্পৰ পৰা উৎপাদিত বিদ্যুৎ প্রতি ইউনিটত ৩.১২ টকাত ক্রয় কৰাৰ বাবে ইতিমধ্যে এ পি ডি চি এল আৰু এছ জি ই এলৰ মাজত চুক্তি স্বাক্ষৰিত হৈছে।

অসম শক্তি বিতৰণ কোম্পানীক আবণ্টন কৰা ১,০০০ বিঘা ভূমিত ভাৰত চৰকাৰৰ শক্তি মন্ত্রালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ নৱৰত্ন উদ্যোগ এছ জি ভি এনৰ সহযোগী সংস্থা এছ জি ভি এন গ্রীণ এনার্জী লিমিটেডে প্রকল্পটো নির্মাণ কৰিছে। চৰকাৰে বেদখলমুক্ত কৰা ভূমিত প্রকল্পটো স্থাপন কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানৰ অন্তত সাংবাদিকৰ আগত মুখ্যমন্ত্রী শর্মাই কয় যে অভিলেখ ময়ত প্রকল্পটোৰ নিৰ্মাণ সম্পূর্ণ কৰা হৈছে। এই প্রকল্পটোৱে অসমক বিদ্যুৎ শক্তিৰ ক্ষেত্ৰত আত্মনির্ভৰশীল হোৱাত সহায় কৰিব। তেওঁ কয় যে এসময়ত ৰাজ্যখনত সৌৰ শক্তি উৎপাদন একেবাৰে নাছিল। আজি সাজু হোৱা ৭০ মেগাবাটসহ ৰাজ্যত উৎপাদিত সৌৰ শক্তিৰ পৰিমাণ ৬৮০ মেগাবাটলৈ বৃদ্ধি পালে। ৫০ মেগাবাট ক্ষমতাসম্পন্ন আন এটা সৌবশক্তি প্রকল্প শোণিতপুৰ জিলাৰ বৰচলাত নির্মীয়মান অবস্থাত আছে আৰু অহা এপ্ৰিলৰ ভিতৰত এই প্রকল্পটো উদ্বোধন কৰিবলৈ পৰিকল্পনা কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানত শক্তি আদি বিভাগৰ মন্ত্রী প্রশান্ত ফুকনৰ উপৰি মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব ড কে কে দ্বিবেদী, এ পি ডি চি এলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ, অসম ৰাজ্যিক গ্রামীণ জীবিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শর্মা বৰদলৈ, ধুবুৰী জিলা আয়ুক্ত নবদ্বীপ পাঠক, কোকৰাঝাৰ জিলা আযুক্ত পংকজ চক্রবর্তী, এছ জে ভি এন লিমিটেডৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।