শিলচৰ
অসমৰ বৰাক উপত্যকাৰ কাছাৰ জিলাৰ শিলচৰ চহৰৰ সমীপত প্ৰেমিকৰ সৈতে ফুৰিবলৈ যোৱাৰ সময়ত এগৰাকী ২৮ বছৰীয়া যুৱতীক ৭ জন লোকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। যোৱা ১৯ ফেব্ৰুৱাৰীত সংঘটিত এই ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰিছিল আৰু এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।
ভুক্তভোগী মহিলাগৰাকীয়ে দুজন ব্যক্তিক চিনাক্ত কৰে, যিসকলক পিছত গ্ৰেপ্তাৰ কৰা হয়, আনহাতে বাকীসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে বুলিও তেওঁ কয়।
শিলচৰ সদৰ থানাত ৩০৮ (৫) (মৃত্যুৰ ভাবুকি দি ধন দাবী), ৩১০ (২) (ডকাইটি), ৩৫১(২) (অপৰাধমূলক ভাবুকি), ৬১(২) (দুজন বা তাতকৈ অধিক ব্যক্তিয়ে কৰা অবৈধ কাৰ্য্য), ৭০(১) (দলবদ্ধ ধৰ্ষণ), ৭৬ (মহিলাক কাপোৰ খুলিবলৈ বা উলংগ হ’বলৈ বাধ্য কৰা), ৭৯ (মহিলাৰ বিনয়ক অপমান কৰা শব্দ, ইংগিত বা কাম) ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাত গোচৰ ৰুজু কৰা বুলি আৰক্ষীয়ে জনায়।
বাধ্যতামূলক চিকিৎসা পৰীক্ষা কৰা হৈছে, আৰু মহিলাগৰাকীৰ বক্তব্যও লিপিবদ্ধ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জনায়।
ইজনৰ পিছত সিজনকৈ কমেও ৭ জন অচিনাকি লোকে ধৰ্ষণ কৰাৰ পিছত অভিযুক্তৰ এজনৰ একাউণ্টলৈ ১০ হাজাৰ টকা ট্ৰেন্সফাৰ কৰিবলৈ বাধ্য কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে।
প্ৰথমে এই বিষয়টোক লৈ আৰক্ষীয়ে লুকোৱাই ৰাখিবলৈ চেষ্টা কৰিছিল যদিও মঙলবাৰে শিলচৰৰ এগৰাকী সাংবাদিকক এজন অভিযুক্তৰ পৰিয়ালৰ লোকে আক্ৰমণ কৰাৰ পিছতে এই বিষয়টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
সাংবাদিকগৰাকীয়ে দাবী কৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথ আৰক্ষী থানাৰ সমীপত অভিযুক্তৰ পৰিয়ালৰ লোকে তেওঁক ৰখাই কিয় খবৰটো প্ৰকাশ কৰা বুলি সুধিছিল আৰু তাৰ পিছত মাৰপিট কৰিছিল যদিও দৰ্শকে তেওঁক ৰক্ষা কৰিছিল।
এই সন্দৰ্ভত তেওঁ এজাহাৰো দাখিল কৰে, আৰু আৰক্ষীয়ে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।
এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই ছ’চিয়েল মিডিয়াত ভুল তথ্য প্ৰচাৰ নকৰিবলৈ আহ্বান জনাই সবিশেষ প্ৰকাশ কৰে।
শিলচৰ চহৰৰ পৰা কেইকিলোমিটাৰমান দূৰৈৰ বাইপাছ ৰোডত প্ৰেমিকৰ সৈতে গাড়ীত উঠি থকা অৱস্থাত এছ ইউ ভিত এদল লোক উপস্থিত হৈ তেওঁলোকক আক্ৰমণ কৰে।
তেওঁলোকে অভিযোগ কৰে যে, "প্ৰথমে দম্পতীহালক তেওঁলোকৰ অৱস্থান সুধিলে আৰু তাৰ পিছত হঠাতে মহিলাগৰাকী আৰু তেওঁৰ বন্ধুক ধৰি ললে। প্ৰায় ৭ জন পুৰুষ আছিল, আৰু তেওঁলোকে বন্ধুৰ সন্মুখতে এজন এজনকৈ ধৰ্ষণ কৰিছিল।"
ৰাজ্যসভাৰ সাংসদ সুষমিতা দেৱে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আৰক্ষীক এই সন্দৰ্ভত আপডেট বিচাৰিছে।
"গ্ৰহণ কৰা ব্যৱস্থাৰ আপডেটৰ বাবে মই এছ পি কাছাৰ জিলাক সাক্ষাৎ কৰিছো। এই গোচৰটো ঢাকি ৰখাৰ কোনো চেষ্টা কৰা উচিত নহয়। @AITC4Assam-এ সহ্য নকৰে। মোক কোৱা হৈছে যে মেডিকেল ৰিপৰ্ট অপেক্ষা কৰি আছে," তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয়।