অসমত বৰ্তমান ৯১,৩৮৫ জন ডি-ভোটাৰ আছে; বিগত দুবছৰত ১,৬৭৯ জন অবৈধ বাংলাদেশীক স্বদেশলৈ প্ৰেৰণঃ মুখ্যমন্ত্ৰী

Story by  PTI | Posted by   Imtiaz Ahmed • 6 h ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী

অসম বিধানসভাত সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, বৰ্তমান ৰাজ্যৰ ভোটাৰ তালিকাত মুঠ ৯১,৩৮৫ জন ডি-ভোটাৰ (সন্দেহযুক্ত ভোটাৰ) আছে। কংগ্ৰেছ বিধায়ক নুৰুল ইছলামৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, এইসকল ডি-ভোটাৰৰ ভিতৰত শোণিতপুৰ জিলাত সৰ্বাধিক ১৩,৭১৯ জন আছে। ইয়াৰ পিছতে বৰপেটাত ৮,০৮১ জন, আনহাতে ওদালগুৰি আৰু নগাঁও জিলাতো ৭,৮০০ৰ অধিক ডি-ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট হৈ আছে।

মুখ্যমন্ত্ৰীয়ে জনায় যে, ভাৰতীয় নাগৰিকত্ব সন্দেহযুক্ত বা বিতৰ্কিত বুলি বিবেচিত ভোটাৰসকলৰ নামৰ কাষত ‘ডি’ চিহ্নিত কৰাৰ প্ৰক্ৰিয়া ১৯৯৭ চনৰ পৰা ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি অসমত কাৰ্যকৰী হৈ আছে।

গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মন্ত্ৰী হিচাপে উত্তৰ দি তেওঁ কয় যে, ৫৬,৭২৮ জন ডি-ভোটাৰক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছে। ইয়াৰে উচ্চ ন্যায়ালয়ত আপীল কৰা লোকসকলৰ ভিতৰত ৮৩১ জনক গুৱাহাটী উচ্চ ন্যায়ালয়েও বিদেশী বুলি ঘোষণা কৰিছে।

আনহাতে, ৬৫,১৭১ জন ডি-ভোটাৰক বিদেশী ন্যায়াধিকৰণে ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰিছে। ইয়াৰ উপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৪২ জন আৰু উচ্চতম ন্যায়ালয়ে ৩ জন ডি-ভোটাৰক বৈধ ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দিছে।

কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ আন এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, ১৯৯৭ চনত প্ৰথমবাৰৰ বাবে ডি-ভোটাৰৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত ৰাজ্যত ডি-ভোটাৰৰ সংখ্যা আছিল ১,৯৯,৫৯৬ জন।

তেওঁ জনোৱা মতে, এতিয়ালৈকে ২,৪৪,১৪৪টা ডি-ভোটাৰৰ গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে ২,০৫,৬৫৯টা গোচৰৰ নিষ্পত্তি কৰা হৈছে আৰু ৫৬,৭২৮ জনক বিদেশী বুলি ঘোষণা কৰা হৈছে।

ইয়াৰ উপৰি, সীমান্ত আৰক্ষীয়ে ডি-ভোটাৰৰ বাহিৰেও ১,৯০,৬৫৭টা আন গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিছে। ইয়াৰে ১,৫৫,৪৯০টা গোচৰৰ নিষ্পত্তি হৈছে আৰু ১,১৫,৯৪৫ জনক বিদেশী বুলি ঘোষণা কৰা হৈছে। এই বিদেশী ঘোষিত লোকসকলৰ ভিতৰত ৩১,৭৮৯ জনক দেশৰ পৰা বহিষ্কাৰ কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে লগতে সদনত জনায় যে, ২০২৪ চনৰ ১ জুলাইৰ পৰা ২০২৬ চনৰ ৩০ জুনলৈকে, অৰ্থাৎ বিগত দুবছৰত ১,৬৭৯ জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক অসমৰ পৰা বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে।

এআইইউডিএফ বিধায়ক বদৰুদ্দিন আজমলৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰাৰ পিছত আইনী প্ৰক্ৰিয়া অনুসৰি কিছুমানক ঘূৰাই পঠিওৱা (send back), কিছুমানক বহিষ্কাৰ (expulsion) আৰু আন কিছুমানক বিতাড়ন  (deportation) প্ৰক্ৰিয়াৰে বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে।

তেওঁ স্পষ্ট কৰি কয় যে, উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত কোনো আপীল বিচাৰাধীন হৈ থাকিলে চিনাক্ত অবৈধ অনুপ্ৰৱেশকাৰীক স্বদেশলৈ প্ৰেৰণ কৰা নহয়।

ঠেলি ঘূৰাই পঠিওৱা (push back) প্ৰক্ৰিয়াৰ বিষয়ে উত্থাপিত প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, নাগৰিকত্ব কেন্দ্ৰীয় চৰকাৰৰ বিষয়। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত প্ৰচলিত আইন আৰু কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি ব্যৱস্থা গ্ৰহণ কৰে। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক এৰি কোনো বিদেশী ৰাষ্ট্ৰৰ সৈতে প্ৰত্যক্ষভাৱে এই বিষয়ত ব্যৱস্থা গ্ৰহণ নকৰে।

তেওঁ লগতে কয় যে, নাগৰিকত্ব-সম্পৰ্কীয় আইন আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা কাৰ্যকৰী কৰাৰ সময়ত যাতে কোনো ব্যক্তিৰ মানৱ অধিকাৰ উলংঘা নহয়, তাৰ বাবে প্ৰয়োজনীয় সকলো সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰা হয়।

উল্লেখযোগ্য যে, ‘ডি-ভোটাৰ’ ব্যৱস্থা ১৯৯৭ চনত ভাৰতীয় নিৰ্বাচন আয়োগে কেৱল অসমত প্ৰৱৰ্তন কৰিছিল। ভাৰতীয় নাগৰিকত্বৰ সপক্ষে পৰ্যাপ্ত প্ৰমাণ দাখিল কৰিব নোৱাৰা ভোটাৰসকলক এই শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়। ভাৰতৰ আন কোনো ৰাজ্যত ‘ডি-ভোটাৰ’ ব্যৱস্থা প্ৰচলিত নহয়। ডি-ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া বা নিয়মীয়া ভোটাৰ হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত বিদেশী ন্যায়াধিকৰণ আৰু পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি গ্ৰহণ কৰা হয়।