গুৱাহাটী
সোমবাৰে পুৱতি নিশা এক প্ৰৱল ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology) প্ৰকাশ কৰা তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১। ভাৰতৰ বিভিন্ন ঠাইৰ লগতে উত্তৰ-পূব ভাৰত, চুবুৰীয়া দেশ ভূটানতো ভূমিকম্পৰ প্ৰভাৱ পৰে।
ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ মৰিগাঁও জিলা আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ। পুৱা ৪.১৭ বজাত ৫০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ উৎপত্তি বুলি কোৱা হৈছে। ভূমিকম্পৰ কেন্দ্ৰবিন্দু মধ্য অসমত ২৬.৩৭ উত্তৰ অক্ষাংশ আৰু ৯২.২৯ পূব দ্ৰাঘিমাংশত অৱস্থিত বুলিও জানিব পৰা গৈছে।
ইফালে, কামৰূপ মহানগৰ, নগাঁও, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাচাও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ধুবুৰী, দক্ষিণ শালমৰা-মানকাছাৰ আৰু গোৱালপাৰা জিলাৰ ৰাইজেও এই জোকাৰণি অনুভৱ কৰে। একেদৰে দৰং, তামুলপুৰ, শোণিতপুৰ, কামৰূপ, বিশ্বনাথ, ওদালগুৰি, নলবাৰী, বজালী, বৰপেটা, বাক্সা, চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও আৰু লখিমপুৰত এই কঁপনি অনুভূত হয়।
মধ্য-পশ্চিম অৰুণাচল প্ৰদেশৰ কিছু অঞ্চল, সমগ্ৰ মেঘালয় আৰু নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ কেইবাটাও অঞ্চলত ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰে। মধ্য-পূব ভূটান, চীন আৰু বাংলাদেশৰ কিছু অংশও ভূমিকম্পত কঁপি উঠি বুলি জানিব পৰা গৈছে।
পুৱতি নিশা ভূমিকম্পই জোকাৰি যোৱাৰ সময়ত অধিকাংশ লোকে শোৱাপাটীতে আছিল। কিন্তু জোকাৰণি অনুভৱ কৰাৰ লগে লগে লোকসকলে মুকলি স্থানলৈ দৌৰিবলৈ বাধ্য হয়।
মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই জানিবলৈ দিয়া মতে, মিকিৰভেটা ৰাজহ চক্ৰৰ অন্তৰ্গত নদালবড়ী গাঁৱৰ বাসিন্দা সুভাষিং দেউৰীৰ পত্নী ৮০ বছৰীয়া জয়মতী দেউৰীয়ে ভূমিকম্পৰ সময়ত ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ সময়ত মূৰত আঘাত পায়। পৰিয়ালৰ সদস্যসকলে ততাতৈয়াকৈ তেওঁক চিকিৎসাৰ বাবে মৰিগাঁও STHG অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।