১৬ ফেব্ৰুৱাৰীত অসমলৈ আহিব ভাৰতৰ নিৰ্বাচন আয়োগৰ দল

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী 
 
অসমত আগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পর্যালোচনা কৰিবলৈ অহা ১৬ ফেব্ৰুৱাৰীত তিনিদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব ভাৰতৰ নিৰ্বাচন আয়োগৰ এটা দল। 
 
১৬ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ বিভিন্ন পক্ষৰ সৈতে এলানি বৈঠকত মিলিত হ'ব নির্বাচন আয়োগৰ দলটো। প্রতিটো ৰাজনৈতিক দলৰ প্রতিনিধিৰ সৈতে মিলিত হোৱাৰ লগতে আয়োগে সকলো জিলাৰ ডি চি, এছ এছ পিৰ সৈতেও মিলিত হ'ব বৈঠকত।
 
অহা ১৮ ফেব্ৰুৱাৰীৰ বিয়লি তিনি বজাত গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত নির্বাচন আয়োগে এখন সংবাদমেল অনুষ্ঠিত কৰিব বুলি এক চৰকাৰী সূত্ৰই সদৰী কৰিছে।