ত্ৰিশুৰ (কেৰালা)
দেওবাৰে পুৱা ত্ৰিশুৰ ৰে'লৱে ষ্টেচনৰ পাৰ্কিং এলেকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডটো পুৱা প্ৰায় ৬.৩০ বজাত দ্বিতীয় এন্ট্ৰি-ছাইড পাৰ্কিং জ'নত সংঘটিত হোৱা বুলি দক্ষিণ ৰে'লৱে কৰ্তৃপক্ষই জানিবলৈ দিয়ে৷
ৰে'লৱে বিষয়া আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ক্ষয়-ক্ষতি ৰোধ কৰাৰ বাবে ক্ষীপ্ৰতাৰে ব্যৱস্থা কৰে। ঘটনাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে আধা ঘণ্টাৰ ভিতৰতে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷
কেইবাখনো দুচকীয়া বাহন অগ্নিকাণ্ডত জাহ যায় যদিও ঘটনাটোত কোনো লোক হতাহত হোৱা বা কোনো ক্ষয়-ক্ষতিৰ বাতৰি পোৱা হোৱা নাই। এই ঘটনাই ৰে'ল সেৱাত কোনো প্ৰভাৱ নেপেলায় বুলি দক্ষিণ ৰে'লৱে কৰ্তৃপক্ষই জানিবলৈ দিয়ে৷
অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও প্ৰাথমিক তথ্য অনুসৰি অগ্নিকাণ্ডটো এখন দুচকীয়া বাহনৰ পৰা সংঘটিত হয় আৰু জুই ওচৰৰ বাহনসমূহলৈ বিয়পি পৰে।