সোণৰ মূল্য বৃদ্ধিৰ বিপৰীতে অভাৱনীয় পতন ঘটিছে টকাৰ মূল্যৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
মুম্বাই
 
আটাইতকৈ নিৰ্ভৰযোগ্য বিনিয়োগ সামগ্ৰী হিচাপে পৰিগণিত সোণৰ মূল্যই প্রতিনিয়ত অভিলেখ ৰচনা কৰাৰ লগতে ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ অভাৱনীয় পতনে দিশহাৰা কৰি তুলিছে বিনিয়োগ বজাৰক। সোণৰ মূল্য বৃদ্ধি আৰু টকাৰ মূল্যৰ পতনৰ পৰা স্পষ্ট হৈছে দেশৰ অর্থনীতি ক্ৰমাৎ নিয়ন্ত্রণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম হৈছে। 
 
আজি পুৱা বজাৰ আৰম্ভ হোৱাৰ পাচতে সোণৰ দাম দেশজুৰি দ্রুত বৃদ্ধি ঘটিবলৈ আৰম্ভ কৰে। গুৱাহাটীৰ দৰে চহৰতে প্রতি ১০ গ্রাম ২৪ কেৰেট বিশুদ্ধ সোণৰ দাম ১,৫৮,০০০ টকা পর্যন্ত বৃদ্ধি পায়, বিয়লিলৈ ১,৫৭,৭২৩ টকাত সুস্থিৰ হয়। দিল্লীত এই নিৰিখ হয় ১,৫৮,৩৩০ টকা, কলকাতাত ১,৫৮,৪৩০ টকা। একেদৰে মুম্বাই আৰু চেন্নাইত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত দাম হয়গৈ ১,৫৭,২৬০ টকা। স্বর্ণ বিনিয়োগ ব্যৱসায়ৰ অগ্রণী মুথুট ফাইনেন্সৰ তথ্য অনুসৰি ২৪ কেৰেট মানৰ ১০ গ্রাম সোণৰ দাম আজিৰ দিনটোত হয়গৈ ১,৭০,৯৫০ টকা, ২২ কেৰেট সোণৰ দাম (১০ গ্রাম) ১,৫৬,৭০০ টকা।  
 
আনহাতে ইণ্ডিয়ান বুলিয়ন এণ্ড জুৱেলাৰী এছ'চিয়েচন (আই বি জে এ)ৰ মতে আজিৰ দিনটোত ২৪ কেৰেট মানৰ সোণৰ প্রতি ১০ গ্রামত মূল্য ১,৫৫,২০৪ টকালৈ বৃদ্ধি পায়। অৱশ্যে সোণত আৰোপিত তিনি শতাংশ জি এছ টি আৰু হলমার্কিঙৰ ব্যয় ইয়াত অন্তর্ভুক্ত হোৱা নাই। আজি ৩.৪ শতাংশ মূল্য বৃদ্ধিয়ে সোণৰ মূল্যই সর্বকালৰ অভিলেখ ৰচনা কৰাৰ পাচত বিগত ২১ দিনত প্রতি ১০ গ্রাম সোণ (২৪ কেৰেট)ত ২১ হেজাৰ টকালৈ বৃদ্ধি পালে।  
 
প্রখ্যাত বজাৰ বিশেষজ্ঞ ড° ৰেনিশা চেনানীৰ মতে, মার্কিন শুল্ক আৰোপ আৰু মধ্য এছিয়া সংকট যদি অব্যাহত থাকে, ২০২৬ চনত প্রতি ১০ গ্রাম ২৪ কেৰেট সোণৰ মূল্যই ১.৯০ লাখ টকা অতিক্রম কৰিব। সোণৰ মূল্য আকাশলংঘী হৈ পৰাৰ পাচতে আজিৰ দিনটোত ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ অভিলেখ পতন ঘটে। আজিৰ দিনটোত প্রতি ডলাৰৰ মূল্য ৯১.৭৪ টকালৈ বৃদ্ধি পায়, দিনটোত আনকি প্রতি ডলাৰৰ মূল্যই ৯২ টকাৰ সীমা চোৱাৰ উপক্রম হয়। মঙলবাৰে প্রতি ডলাৰৰ ভাৰতীয় টকাত বিনিময় মূল্য আছিল ৯০.৯৭ টকা। 
 
শ্বেয়াৰ বজাৰতো বৈশ্বিক অনিশ্চয়তাৰ বাবে বুধবাৰৰ দিনটোত পতনমুখী ধাৰা অব্যাহত থাকে। দিনটোত ছেনছেক্স ২৭১ পইন্ট পতন ঘটি (৩৩ শতাংশ) বজাৰ ৮১,৯০৯.৬৩ টকাত সুস্থিৰ হয়, একেদৰে নিফটি ৭৫ পইন্ট (০.৩০ শতাংশ) পতন ঘটি হয়গৈ ২৫,১৫৭.৫০ পইন্ট। গ্রীনলেণ্ড দখলৰ বাবে মার্কিন ৰাষ্ট্রপতি ড'নাল্ড ট্রাম্পে গ্রহণ কৰা আগ্রাসী নীতি, ইউৰোপৰ ওপৰত ট্রাম্পৰ বর্ধিত শুদ্ধৰ ভাবুকিৰ লগতে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা বিদেশী প্রাতিষ্ঠানিক বিনিয়োগকাৰীৰ বিপুল পৰিমাণৰ বিনিয়োগ প্রত্যাহাৰৰ প্রতিকূল প্রভাৱ পৰিছে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যত। টকাৰ মূল্যৰ পতন বোধ কৰাৰ বাবে ভাৰতীয় ৰিজার্ভ বেংকে হ্রস্বম্যাদী আৰু দীর্ঘম্যাদী কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে।